Now you can Subscribe using RSS

Submit your Email

Wednesday 30 August 2017

ঘুগুণীৰ দোকানত

Unknown

আমাৰ হাইস্কুলখনৰ ওচৰতে দেবেশ্বৰৰ ভ্ৰাম্যমান ঘুগুণীৰ দোকানখন। স্কুলত পঢ়ি থকাৰ পৰাই প্ৰায়েই সন্ধিয়া ঘুগুণী খাবলৈ আহো। গধুলি বজাৰলৈ আহোতেও ঘুগুণী এক প্লেট খাও। দিনতো ঘৰত বস্তুবোৰ প্ৰস্তুত কৰি সন্ধিয়া গৰম গৰম ঘুগুণী পোকোৰা বেচে। তেনেকৈয়ে সুন্দৰকৈ পৰিয়ালটো পোহ দি আছে। প্ৰতি সন্ধিয়া ছয়¸ সাতশ টকা লাভ হয় তেনেকৈয়ে।
আজি কিছুদিনৰ পৰা মেইন চ’কৰ ওচৰত নতুন ঘুগুণী দোকান এখন দিছে। ক্ৰমাত বাঢ়ি অহা চ’কটোত যিমানেই নতুন দোকান নহওক গ্ৰাহক নকমে। চাৰিআলিৰ কাষতে নতুনকৈ দিছে সতীশদাই দোকানখন। ফাষ্টফুড থেলাখনত ঘুগুণী¸ পোকোৰা¸ বুটভজা¸ বয়ল কণী বিক্ৰী কৰে। ভাল বিক্ৰী হয়। সন্ধিয়া চ’কটোত গোটখোৱা ডেকা¸ পিলিঙাবোৰে দোকানৰ সমুখত ভীৰ কৰে। স্কুলত পঢ়াৰ পৰাই তিনিআলিৰ কাষৰ দেবেশ্বৰৰ দোকানৰ ঘুগুনী খাই আহিছো। বেয়া নালাগে। সময় পালে মাজে-সময়ে দহ-বিশটকাৰ ঘুগুণী¸ পোকোৰা¸ চপ খাও। একপ্ৰকাৰ নিচাৰ দৰেই হল। সপ্তাহত দুই তিনিদিনকৈ ঘুগুণী খাবৰ বাবেই অফিচৰ পৰা ওলাই আহো। সতীশদাৰ দোকানত তেনেকৈ নাখাও। সৰুৰে পৰা দেবেশ্বৰৰ হে গ্ৰাহক¸ কিবা জুতি বহি গল। আজিও লৰাটোক এৰি ব্যবসায়িক প্ৰতিস্হানৰ ওলাই আহিলো¸ ঘুগুণী খাবলৈ বুলি। দেবেশ্বৰৰ দোকান বন্ধ আছিল। অগত্যা সতীশকাৰ দোকানতে ঘুগুণী খাবলৈ বহিলো। সতীশকাৰ চিষ্টেম দেবেশ্বৰৰ তুলনাত আপদেট। অলপ টেষ্টি হয়। আজিকালি দুয়োজনৰ তাতে খাও।
‘‘ঐ সতীশকা¸ সেয়া কি ভাজিছনো?’’
সৰু কেৰাহীটোত কিবা বগা টুকুৰা ভাজি থকা দেখি সুধিলো। চপ¸ পোকোৰা¸ চব ভাজি থোৱাই আছে।
‘‘সেইটো ভাজিছো অ’। লৰাবোৰে বৰ ভালপায়।’’
লাহেকৈ হাঁহি মাৰি কৈ উঠিল সি।
‘‘মানে গাহৰি?’’
হাঁহি এটা মাৰিলে সি।
হুমুনিয়াহ এটা ওলাই আহিল মোৰ। গাহৰি ভজা বেচা মানে হৈছে আৰু। কিন্তু জীবিকাৰ তাড়নাত সি বেচিছে¸ কিবা কোৱাও উচিত নহয়। ইতিমধ্যে পিলিঙা দুটামানে বিশ ত্ৰিশটকাৰ গাহৰি ভজা লৈ গল। চাগে কৰবাত বহি মদ খাব। দেখাক দেখি মদাহী বাঢ়িব। সকলোৰে আপত্তি নহলে মইনো কিয় মাতো! এনেয়ে চাৰিআলিৰ পৰা মোৰ ঘৰলৈ অলপ দুৰ। আজিকালি সমাজৰ বেয়া কাম বোৰত পৰাপক্ষত মাত মাতি শত্ৰু কিনিবলৈ টান পাও। কোনেও সহযোগ নকৰে। আপোন ভালেই জগত ভাল।
প্ৰায় বাৰ বছৰীয়া পুতেকটোক লগত আনিছিল সতীশকাই। হয়তো অকলে অসুবিধা পায়। মানুহবোৰে খাই গৈছে¸ কাৰো ভ্ৰক্ষেপ নাই। মোৰ বেয়া লাগিছে। কম বয়সতে সি পইচা লৈছে¸ গ্ৰাহকলৈ ঘুগুণী¸ পোকোৰা আগবঢ়াইছে। মুখত মদৰ গোন্ধ লৈ এচাম গ্ৰাহকক সন্তুষ্ট কৰিছে। ফ্ৰী এডভাইছ দিয়া কামটো ভাল নাপাও মই। যিহেতুকে সহায় নকৰো¸ কৰাৰ ক্ষমতাও নাই¸ গতিকে বেচি গুৰুত্ব নিদিও আজিকালি। মেজিক¸ ট্ৰেকাৰত¸ চাহদোকানত বহুতো শিশু শ্ৰমিক লগ পাও। মনটো বেয়া লাগে। কিন্তু সমাধানৰ ৰাষ্টা বিচাৰি নাপাও। কম কম বয়সতে সিঁহতে পৰিয়ালৰ বোজা কঢ়িয়াব লগা হয়। চৰকাৰেওতো সহায় কৰিবলৈ নাহে। আজিও মনটো বেয়া লগাৰ বাহিৰে একো নাছিল। কথা পাতিবলৈ মন গৈছিল¸ কিন্তু একো সোধা নাছিলো। মোৰ ভয়¸ জানোচা সি স্কুল এৰা বুলি কয়!
ধুনীয়া সৰু লৰাটোৱে দেউতাকক সহায় কৰিছে। জীবন যুঁজত যুঁজিবলৈ শিকিছে সি।
‘‘ঐ সতীশ¸ তই বৰ বেয়া কৰিছ নহয়!’’
মোৰ কাষত থিয় হৈ ঘুগুণী খাই থকা মানুহজনে কৈ উছিল। দেউতাৰ বয়সীয়া মানুহজনৰ মুখৰ ভেকেটা-ভেকেট গোন্ধ এটা আহিছে। বোধহয় চুলাই খাই আহিছে। অলপ আঁতৰি খাইছো মই। সন্ধিয়া হলেই ৰাষ্টা-ঘাট¸ চ’ক¸ বজাৰত এনে মানুহেৰে ভৰি পৰে। বহুদিন মোৰ বাইকৰ আগত মদাহী কেবাজনো লুটিখাই পৰিছে। খুব সাবধানেৰেহে আগবাঢ়ো সেয়ে। ভাবি নাপাও মদ খাই কিয় এনেকৈ ঘুৰি ফুৰে। যদি কন্ট্ৰোলেই নাথাকে খাবই নালাগে। ঘিণ লাগে মোৰ।
‘‘কি হল দাদা?’’
আচৰিত হৈ সতীশকাই সুধিলে। বোধহয় মানুহজন ৰেগুলাৰ গ্ৰাহক।
‘‘তই বাপুটোক কিয় লগত আনা কৰিছ? পঢ়ি থাকা চলিটোক পইচা লাৰিব দি বেয়া কাম কৰিছ নহয়। তাতে চ’কতো ভাল নহয়। আমি বস্তু খাই আহো।’’
মানুহজনৰ মুখত স্পষ্ট কৈফিয়ৎ সুৰ।
‘‘এ দাদা¸ গৰম বন্ধ দিছে নহয়। সেইকাৰণে লৈ আহিছো। অকলেও দিগদাৰ হয় নহয়।’’
‘‘বৰ বেয়া কৰিছ! বৰ বেয়া কৰিছ!’’
কৈ উঠিল মানুহজনে। মদাহী হলেও তেওৰ কথাখিনি ভাল লাগিল মোৰ। সচৰাচৰ মদাহীৰ লগত কথাই নাপাতো। কিন্তু আজি কিবা এটা কব মন গল।
‘‘ভাইটি¸ কোন ক্লাছত পঢ়া?’’
‘‘চেভেনত।’’
মোৰ ফালে চাই লৰাটোৱে টপৰাই কলে।
‘‘চা সতীশকা¸ এতিয়াৰ পৰাই ইয়াক বেপাৰৰ শিক্ষা দিছা¸ ঠিকেই আছে। কিন্তু কিছুমান কথাই তাৰ মনত বিৰূপ প্ৰভাব পেলাব।’’
‘‘আনিবতো মনে নাযায়। কিন্তু অকলে দিগদাৰ হয় বাবেহে। মানুহ এটা আনিলেও হাজিৰা দিব লাগে।’’
চিন্তাক্লিষ্ট হৈ কৈ উঠিল সতীশকাই। সাধাৰণ দোকানখনৰ উপাৰ্জন আনক দিবলৈ হলে হয়তো অসুবিধা হব! বুজি পাও।
‘‘ঐ তই চিন্তা নকৰিবি ঐ। আমি লাগি দিমতো। এনেয়েহে বহি থাকো। বাপুক নানিবি কালিৰ পৰা।’’
দোৰোলখোৱা জিভাৰে মদাহীজনে কৈ উঠিল।
‘‘ঠিকেই কৈছ দাদা। কালিৰ পৰা ইয়াক নানো।’’
কৈ উঠিল সতীশদাই।
নাজানো সি আনিবনে নানে। কিন্তু কিবা এটা ভাল লাগিল। মদৰ নিচাত কলেও ভাল কথাই কৈছে মানুহজনে¸ আমি সজ্ঞানে থকা সকলে উপেক্ষা কৰা কথাটো।
আৰু কথা আগনবঢ়ালো। ইতিমধ্যেই খোৱা হৈছে। দহটকীয়াখন বেগৰ পৰা উলিয়াই দিলো। লৰাটোৱে তেতিয়া প্লেট এখন সাজি আছিল নতুনকৈ অহা গ্ৰাহকজনলৈ। হুমুনিয়াহ এটা ওলাই আহিল।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib