Now you can Subscribe using RSS

Submit your Email

Wednesday 30 August 2017

দহন

Unknown

নতুন চাকৰী এটা পাইছে সি। দৰমহাও ভাল। সম্পৰ্কীয় দদায়েক এটাৰ ঘৰতে থাকিব গুৱাহাটীত। তেৱেই চাকৰীটো ঠিক কৰি দিছিল। আগৰটোৰ দৰমহা কম¸ তাতে প্ৰায়ে নাইট ডিউটিও কৰিব লাগে। যাবতীয় কামবোৰ কৰি যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ আছিল সি নাইট চুপাৰত। ৰাতি বাৰ বাজি গৈছিল। নগাঁও পাও পাও হৈছে বাছখন। সিঁহতৰ বাছখনৰ আগত চিলভাৰ কালাৰৰ চুইফট ডিজায়াৰ এখন গৈ আছিল। হয়তো ফেমিলী এটা গৈ আছে। মাজতে মহিলা এগৰাকীক মুৰটো উলিয়াই পানীৰ বটল ৰাষ্টাত দলিওৱা দেখিছিল ৰূপকে।
বাহিৰত ফৰিংফুটা জোনাক। খিৰিকিৰে বাহিৰলৈ চাই গৈ আছিল সি। ইতিমধ্যে সৰহভাগ যাত্ৰীয়ে টোপনিত লালকাল। ৰূপকৰ টোপনি অহা নাছিল। দিনতেই ভালকৈ এঘুমুটি মাৰি লৈছিল সি।
তাৰ চিটতো সমুখৰ ফালে খিৰিকিৰ কাষত। এনেকুৱা চিটেই ভালপায় সি। বতাহ খাই যাব পাৰি।
ৰাষ্টাতো নতুনকৈ ফ’ৰলেন হৈছে। যথেষ্ট ভাল হৈছে। বহুদিন এইফালে অহা নাছিল সি। সেই পঢ়ি থাকোতেই গুৱাহাটীলৈ অহা। সেইযে চিৰিয়াখানত হেৰাইছিল।
হাঁহি উঠিল তাৰ কথাটো মনত পৰি। বহুদিনলৈ যে জেব্ৰাটোক সি ৰং দিয়া ঘোৰা বুলি ভাবিছিল।
ক্ৰাছছ
হঠাতে বাছখন ব্ৰেক মাৰি ৰৈ গল। আগৰ গাড়ীখনে শ্লো কৰিছে। খিৰিকিৰে মুৰতো উলিয়াই চালে সি।
ফ’ৰলেনৰ ঠিক সোমাজত ছোৱালী এজনী হালধীয়া চুৰিদাৰ পিন্ধি মুখ খন ঢাকি বহি আছে। আগত গৈ থকা থকা চুইফট খনেও চাগে দেখিলে। সিহতি স্পীড কমালে¸ কিন্তু নৰখালে। চাইদেৰে পাৰ হৈ গল। সিঁহতৰ বাছখনেও হৰ্ণ বজালে¸ কিন্তু তাইৰ কাণষাৰেই নাই। তললৈ মুখ কৰি বহি আছে।
: এইজনী এই ৰাতিখন মৰিব আহিছে নেকি?
দুজনমান যাত্ৰীয়ে চিঞৰি উঠিছে।
: ঘৰত কিবা কাজিয়া লাগিছে চাগৈ। কিবা কাৰণত ওলাই আহিছে।
গাড়ীৰ ভিতৰত মৃদু গুণগুণনি। কি ভাবি জানো ড্ৰাইভাৰে স্পীড কমাই তাইৰ কাষেৰেই লাহেকৈ পাৰ হৈ গল। নিশ্চয় ড্ৰাইভাৰৰ খং উঠিছে। কিবা ভোৰভোৰাই উঠিছে সি। দিনত হোৱা হলে চাগৈ নামি গৈ গালি দিলেহেতেন।
ৰূপক বহা ফালতেই ছোৱালীজনীক ক্ৰছ কৰিছিল বাছখনে। খুদুৱনি মাৰিব নোৱাৰি উভতি চালে সি। তাই নাই¸ যেন বতাহৰ লগতহে মিলি গল। জাষ্ট ক্ৰছ কৰিছিল সিঁহতে। দুৰ দুৰলৈ একো নাই। ফটফটীয়া জোনাক। গাটো জিকাৰখাই উঠিল তাৰ। তাৰ লগতে কেবাজনো যাত্ৰীয়েও দেখিলে। কাৰো মুখতেই মাত নাই।
অলপ আগত চেকগেট এটা আছিল। ড্ৰাইভাৰজনে পাঁচ মিনিটমান ৰাখি ডিউটিত থকা পুলিচজনক কলে। হয়তো সিয়ো অলপ আচৰিত হৈছে।
: ভাল বাছিল আপোনালোক। ওচৰত গাড়ী ৰখোৱা হলে দিগদাৰেই আছিল।
- পুলিচজনে কৈ উঠিল।
বহুত কথাই যেন বুজি পালে সিঁহতে। কথাটো বেলেগ।
: কিছুদিন আগতে ছোৱালীজনীয়ে আত্মহত্যা কৰিছিল। কৰ ছোৱালী কি কথা কোনেও নাজানে।
পুলিচজনে কৈ গৈছিল।
মানুহবোৰৰ মুখ বিবৰ্ণ হৈ পৰিছিল। সি নিশ্চিত¸ এই দৃশ্য দেখা হেতেন প্ৰগতিশীল তথাকঠিত সাহসী কেইটায়ো প্ৰস্ৰাব কৰি দিলেহেতেন।
অলপ পিছত বাছখনে গতি লৈছিল। ঘটনাটোৱে ৰূপকৰ মনত পাকঘুৰণি খাই আছিল।
তাইক ফেচবুকত লগ পাইছিল সি। কমদিনৰ ভিতৰতে প্ৰেমত পৰিছিল। তাইৰ মাক নাছিল¸ মাহীমাকে অত্যাচাৰ কৰিছিল। সহজ সৰল ছোৱালীজনীয়ে তাক বিশ্বাস কৰিছিল। তাৰ ছলাহী কথাত পতিয়ন গৈছিল। অফিচত নাইট ডিউটি কৰোতে গোটেই ৰাতিটো তাইকো শুব দিয়া নাছিল সি। তাৰ প্ৰেমত মাজে মাজে দুশ এশ তায়েই ৰিচাৰ্ছ কৰাই দিছিল।
সেইদিনা মদখাই ধেমালীতে কৈছিল সি। তাই চাগে সঁচা বুলি ভাবিছিল। দিনত দেউতাকে মাৰিছিল। মাহীমাকে বেয়াকৈ লগাইছিল। ঘৰৰ পৰা ওলাই আহিছিল তাই। তাক বিচাৰি নাপাই ফোন কৰিছিল তাই। সি ৰিচিভ কৰা নাছিল। বেলেগ এজনীৰ লগত ফেচবুকত হিয়া উজাৰি আছিল।
পিছদিনা খবৰতো নিউজত দিছিল। বিশেষ দুখ অনুভব কৰা নাছিল সি। তাইক ভালপোৱা নাছিলতো।
চাগে তাই তালৈকে ৰৈ আছিল। এবাৰ চাবলৈকে অপেক্ষা কৰিছিল। কোনোদিনে দেখা নাছিল তাক। ৰনবীৰৰ ধুনীয়া ফটোখন প্ৰফাইলত থৈছিলো সি।
: তোমাক এপলক নেদেখালৈকে শান্তি নাপাম মই।
তাই প্ৰায়ে কৈছিল। সেয়ে ৰৈ থাকে এতিয়াও অচিনাকী ভণ্ড প্ৰেমিকৰ অপেক্ষাত।
হুমুনিয়াহ এটা ওলাই আহিল ৰূপকৰ। চকুৰে বৈ আহিল দুফোট চকুপানী।।

--------------------------------------------------------------------------------------------------
(থেংকিউ অভিক¸ প্লটতোৰ বাবে)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib