মুষলধাৰ বৰষুণজাক আহিয়ে আছে। ছে: আজিও চাগে দেৰি হব। উপাই নাই ওলাবই লাগিব। এনেকুৱা বতৰত নিজা গাড়ীখন নহলে মহানগৰীত ওলাইবই দিগদাৰ। চাৰিওফালে নলাৰ লেতেৰা পানী পেলনীয়া জাবৰ¸ পাচলি বাকলিৰে পথবোৰ একাকাৰ হৈ থাকে।
: ছে: আমুৱাইছে আৰু বতৰটোৱে। - ভোৰভোৰাই ভোৰভোৰাই ওলাই আহিল ৰিতামণি। দহমিনিট দেৰি হলেই ইনচাৰ্জে গালি দিয়ে। ভাল নালাগে তাইৰ। কি যে মানুহ নহয়। অথচ সদায় সিঁহতে কাম সামৰি ওভতে মানে আঘা ঘন্টাৰ বেছি সময় পাৰ হৈ যায়। অথচ পাচমিনিট দেৰি কৰিলেই মানুহটোৰ চকু। অগত্যা চাটিতো মেলি খুপি খুপি আগবাঢ়ে তাই।
ইতিমধ্যে কৃটিম বানপানীৰে বাইলেনটো গোৰোহা তল গৈছে। কি যে হব নহয় আৰু। এজাক বৰষুণতে ৰাজধানীত এই অবস্হা। হাঁহি উঠিল তাইৰ।

: আই¸ তই গুৱাহাটীত থাক নহয়! - গাঁওৰ মানুহবোৰে তাইলৈ সমীহৰ দৃষ্টিৰেই চাই। পাঁচশ কিলোমিটাৰ দুৰৰ ৰাজধানীত থাকে তাই। যেন কোনেও কৰিব নোৱাৰা ডাঙৰ কাম এটা কৰিছে তাই। গাঁওৰ মানুহবোৰৰ চকুত হাবিয়াস গুৱাহাটী।
খুকখুকাই হাঁহি উঠে তাইৰ। মহানগৰীৰ বাসিন্দাই যানে ইয়াৰ সুখ! কৃটিম বানপানী¸ যানজঁট। খোজকাঢ়িলে আধাঘন্টাত পোৱা পথটোত চিটিবাছত এঘন্টা লাগে।
মিছিকিয়া হাঁহি মাৰে তাই। একো নকয়। থাককচোন ধুনীয়া গুৱাহাটীৰ সপোনটোৱে দেখি থাকক এওলোকে।

থ্ৰী ফল্ডৰ চাটিটোৱে কোনোমতে বৰষুণজাকক ভেটা দিব পৰা নাই। বৰষুণৰ দুই এটা চিটিকনি তাইৰ গাটো পৰিছে। জেগিংচটো অলপ কোচাই খুপি খুপি কোনোমতে বাইলেনটো পাৰ হল তাই। লগাৰ সময়ত ৰিক্সা পোৱা নাযায়। এই আপদীয়া বৰষুণজাকত ৰিক্সা ৰৈ থকাটোৱো যন্ত্ৰনাদায়ক। বাছ ষ্টেণ্ডলৈ খোজ কাঢ়িয়ে আগবাঢ়ে তাই।
চিটিবাছখনত মানুহ ঠাহখাই উঠিছে। ভৰিৰ বোকামাটি¸ চাটিৰ পানীৰে বাছখনৰ ভিতৰখন লেতেৰা হৈ পৰে পৰিছে। এক নম্বৰ বাছ। এটি ৰোড হৈ জালুকবাৰীলৈকে যাব। কোনোমতে চিট এটা পাই বহি পৰিল তাই। উস ৰক্ষা¸ এই গেলাবতৰত থিয় হৈ যাব লগা হলে তাইৰ কাপোৰসাজ তলফালে লেতেৰা হলহেতেন। জোতাৰ গছকত তাইৰ চেণ্ডেল চিগো চিগো হলহেতেন। আগতেও চিগিছে এযোৰ এনেকৈ। নতুনযোৰ যোৱামাহত কিনিছেহে।
কিবা এটা মনত পৰাত চিনাকী চকুযোৰৰ সন্ধান কৰে তাই। নিৰ্দিষ্ট আসনখনত বিহাৰী মুটিয়া এটা বহি আছে। সেই মানুহজন নাই। চাগে আৰু কোনোদিন নবহিবও। হথাতে গভীৰ দুখেৰে মনটো ভৰি পৰে তাইৰ।
: মই ইয়াৰ পৰা যামগৈ। - পৰহি মানুহজনে আকাৰে ইংগিতেৰে বুজাইছিল।
: কলৈ আৰু কিয়? - তায়ো ইংগিতেৰে সুধিছিল। ইমানদিনে মানুহজন তাইৰ আপোনযেন লাগিছিল। হয়তো কিবা এটা আত্মীয়তা গঢ়ি উঠিছিল। হয়তো তেওৰো।
: লৰাই চাকৰী পালে¸ মোক আৰু কাম কৰিব নিদিয়ে। - উচ্ছাসিত হৈ পৰিছিল তেওৰ মুখখন। বুঢ়া আঙুলিতো দেখুৱাই তায়ো বুজাইছিল¸ বঢ়িয়া¸ অল দা বেষ্ট।
মানুহজনে হাঁহি এটা মাৰি মুৰ দুপিয়াইছিল। এমোকোৰা হাঁহি তেওৰ মুখত। পুতেকৰ সাফল্যৰ প্ৰাপ্তিত। তাইৰো ভাল লাগিছিল। সকলোৰে ভাল হলে ভাল লাগে তাইৰো।

: ভালকৈ থাকিবা। মই আৰু নাথাকো। - অলপ ৰৈ মানুহজনে বুজাব চেষ্টা কৰিছিল। পুতেক আহিছে নিবলৈ। তেওৰ ৰুমতে আছে। ইতিমধ্যে ৰেজিগনেচনো দিলে। -সেমেকা দুচকুৰে বুজাব খোজে তেও। চকুত দুটোপাল পানী।
: তাইলৈ মনত পৰিব তেওৰ। নিজৰ ছোৱালী যেন লাগে। - তাই আজিকালি বুজিপাই তেওৰ কথাবোৰ। তাইৰো মনটো সেমেকি যায়।
: ভালকৈ থাকিবা। আশীৰ্বাদ থাকিল। - তাইৰ মুৰত লাহেকৈ হাত বুলাই মানুহজন খপজপকৈ আতৰি গৈছিল। এবাৰলৈয়ো উভতি চোৱা নাছিল। যেন উভতি চালেই দুৰ্বল হৈ পৰিব।
ঠাইতে স্হানুৰ হৈ ৰৈছিল ৰিতামণি। কিয়েইবা সম্পৰ্ক আছিল তাইৰ মানুহজনৰ লগত। আজিলৈকে চাগে তাইৰ নামটোৱো তেও নাজানে!

প্ৰায় পচপন্ন-ষাঠি বছৰীয়া বোবা মানুহজন। হয়তো উত্তৰ প্ৰদেশৰ ফালৰ। বাছখনত উঠিয়ে সদায় দেখি দেখি মুখখন চিনাকি হৈ পৰিছিল তাইৰ।সেই একেই ৰঙাত নীলা ৰঙৰ পথালি আঁচ থকা স্পৰ্টিং, ধোঁৱা/গ্ৰে ৰঙৰ পেন্ট, অলপ দীঘলকৈ থকা কেঁকোৰা চুলি আৰু হাতত এটা ফাষ্টট্ৰেকৰ পিঠিত লোৱা বেগটো হাতত লৈ মানুহজন আছিল। সদায় এই একেই সাজপাৰ একেই ৰূপ¸ যেন তেওৰ ইউনিফৰ্ম। বশিষ্ঠ চাৰিআলিৰ পৰা বাছখনত তেও সংগী হয় তাইৰ। বেলতলা তিনিআলিত তেও তাইৰ অগাপিছাকৈ বাছখনত উঠে। তাইৰ অফিচৰ সময় নটা। হয়তো তেওঁৰো। ট্ৰেকাৰত উঠা তেঁওক কোনেদিনে নেদেখিলে তাই। শান্ত চকুহালিয়ে যেন তাইক বিচাৰে। পিছলৈ তেও প্ৰথমে উঠিলে তাইলৈ চিট এটা ৰখা হল। তেওৰ ৰঙীন ৰুমালখন কাষৰ মহিলা চিটটোত ৰাখি যেন তেও তাইলৈ চিট ৰিজাৰ্ভ কৰে। তাই উঠাৰ লগে লগে হাঁহি এটা মাৰি ৰুমালখন আতৰাই চিটটোলৈ আঙুলিয়াই দিয়ে। মিচিকিয়া হাঁহি এটা মাৰে তাই। ওৰেটো যাত্ৰা পথত আৰু এটা শব্দৰো বিনিময় নহয়। নিজৰ চিন্তাত তেও বিভোৰ হৈ থাকে আৰু হেডফোনডাল কাণত লগাই একান্তমনে গান শুনি থাকে তাই। মানুহজন থকালৈকে চিন্তা নকৰে তাই। খপজপকৈ তেও থিয় হলেই তাই গম পায় যায় যে নামিবৰ হল। দুয়োৰে সামৰণি যাত্ৰাও একে ঠাইতে। উভতনি যাত্ৰাত কোনোদিনে লগ নাপাই তাই। হয়তো তেওৰ সময় ভিন্ন।
তেঁওক এনেকৈ বাছত লগ পোৱা হয়তো বিছদিনমান হৈছে তাইৰ। অাজিকালি তেঁও বাছখনত থাকিলে তাই অলপ সকাহ পায়। যেন নিজকে নিৰাপদ অনুভব কৰে। অসভ্য ডেকাৰ আকাল নাই চিটিবাছত। কতৃত্বৰ চাৱনিৰে তেও চালেই সিঁহত তাপ মাৰে। যদিও তাই এই নতুন কামটোত সোমোৱা এমাহ হ'বৰ হ'ল, গাড়ীত আঁহোতে সদায় অলপ খেলিমেলি হয়। গাড়ীৰ সোঁফালে বহিলে ৰাস্তাৰ ডিভাইদাৰটোত থকা "এন. পি. এছ. "ৰ চাইনব'ৰ্ডখন চাই আৰু বাওঁফালে বহিলে "এয়াৰটেল ৩জি"ৰ চাইনব'ৰ্ডখন চাই গম পায় যে তাইৰ নামিব হৈছে। কিন্তু "এয়াৰটেল ৩জি"ৰ চাইনব'ৰ্ড কিবা এখনেই আছেনে!! শ শ চাইনবোৰ্ডৰ মাজত অলপ অসুবিধা হয়। সেয়ে তেওঁ থাকিলে আৰু চিন্তা নাই। প্ৰথম কেইদিনমান তাই বৰ গুৰুত্ব দিয়া নাছিল। মহানগৰীত সুবিধাবাদী মানুহৰ অভাব নাই। অকলশৰীয়া যুবতী দেখিলে বহুতেই সুবিধা বিছাৰে। তেওঁ কিন্তু ঠিকেই গুৰুত্ব দিছিল তাই নামিবলৈ লৈছে নে নাই তাই লক্ষ্য কৰিছিল¸ বাছৰ পৰা নামি কেতিয়াবা তাই আগবাঢ়ে কেতিয়াবা তেওঁ। ৰাস্তাটো পাৰ হৈয়ো এবাৰ ঘূৰি চাই।হয়তো চায় মই পাৰ হ'লনে নাই।

ৰীতামণিয়ে প্ৰথমে তেওকো সন্দেহ কৰিছিল। ভুল বুজি পিছলৈ লজ্জিত হল। পিতৃত্বৰ মৰমেৰে তেও চাইছিল তাইক।
এদিন তেওঁ আগে আগে গৈ আছিল।তেনেতে তেওঁৰ সহকৰ্মী ছোৱালী এজনী লগ পালে। দুয়োজনে আকাৰে ইংগিতে কথা পাতি গৈ থাকিল। তেতিয়াহে তাই অনুভৱ কৰিলে যে মানুহজন বোবা। তেওঁ কথা ক'ব নোৱাৰে আৰু তেতিয়াই মনত পৰিল তাইৰ¸ কিয় মানুহজনে বাছত সদায় ভাড়া দিয়াৰ সময়ত গন্তব্যস্থানৰ নাম নকৈ হাতৰ পাঁচটা আঙুলি দেখুৱায়। কাৰণ ইয়ালৈকে ভাড়া পাঁচটকা,কিয় হাতত লৈ থকা ছেমছাং স্মাৰ্টফোনটো কেতিয়াও বাজি উঠা দেখা নাই,কিয় ক্ষন্তেকলে হ'লেও ফোনত কথা পতা শুনা নাই।ক'ব নোৱাৰাকৈয়ে তেওঁৰ প্ৰতি মনত সহানুভূতি জাগি উঠে তাইৰ।
মনত জাগি উঠা অপৰাধবোধে যেন তাইক আকৰ্ষিত কৰি তোলে তেওৰ প্ৰতি। তেওৰ হাঁহিৰ প্ৰত্যুত্তৰত হাঁহিৰে সম্ভাষণ জনাই জনাই তাই।
মানুহজনলৈ শ্ৰদ্ধা জাগে তাইৰ। এজন সাধাৰণ আন মানুহৰ দৰেই জীয়াই আছে তেও, আন মানুহৰ দৰেই নিজে উপাৰ্জন কৰিছে। বিশেষভাবে সক্ষম হৈয়ো যেন তেও স্বাভাবিক।
তেওঁৰ অফিচৰ পৰা তাইৰ অফিচলৈ মাত্ৰ দুটা বিল্ডিঙৰ দূৰত্ব। তাই নাজানে তেওঁৰ কামৰ বিষয়ে। জানিবলৈ মন যায় কি কামত বা জড়িত তেওঁ, নামটো বা কি, ঘৰ বা ক'ত, মুখেৰে একো এটা নোকোৱাকৈ তেওঁ কেনেকৈ কাম কৰে, পঢ়া-শুনা বা কি কৰিলে, তেওঁৰ শিক্ষাজীৱনত যদি কিবা ব্যৱহাৰিক বিষয় আছিল তেন্তে ভাইভাত বাৰু তেওঁ কি কৰিছিল ইত্যাদি ইত্যাদি। প্ৰশ্নবোৰ প্ৰশ্ন হৈয়ে থাকে তাইৰ। কোনোদিনে সোধা নহয়।

সেইদিনা বাছৰ পৰা নামি ৰাস্তাটো প্ৰায় একেলগেই পাৰ হৈছিল সিঁহত। কাতিমহীয়া ৰ'দ যদিও যথেষ্ট চোকা। ৰ'দটোক বাধা দিবলৈ ছাতিটো মেলি ললে তাই। বৰকৈ ৰ’দত ওলাব নোৱাৰি স্কিন প্ৰব্লেম হয়। সদায় সেই সময়ত কৰা ফোনটো কৰো বুলি ম'বাইলটো উলিয়াই টিপিবলৈ ধৰিলে। তেনেতে পিছফালৰ পৰা অ'ট' এখনে হৰ্ণ বজাবলৈ ধৰিলে। মাতটো শুনিছিল যদিও ৰীতামণিয়ে ভবা নাছিল যে তাইকে উদ্দেশ্য কৰি বজাই আছিল। তাই ৰাস্তাটোৰ প্ৰায় সোমাজত। তেনেতে মানুহজনে হাতখন দাঙি তাইৰ দৃষ্টি আকৰ্ষণ কৰি পিছফালে আঙুলিয়াই দেখুৱাইছি। গাটো সিয়ৰি উঠিছিল তাইৰ। ঠিক পিছফালে হৰ্ণ বজাই অটোখন ৰৈ গৈছিল। ফোনত হাতত লৈ দৌৰাদৌৰিকৈ পথটো পাৰ হৈছিল তাই। মানুহজনে একো কোৱা নাছিল। তেওঁলৈ চাই দোষী দোষী ভাৱেৰে হাঁহি এটা মাৰিছিল তাই।
: তুমি সুতা মিলত কাম কৰা নেকি? - হথাতে নিজৰ চোলাটোত ধৰি আগলৈ আঙুলিয়াই তেও সুধিছিল।
তাই বুজি পাইছিল। মূৰ দুপিয়াইছিল তাই। তেওঁৱো চেলাউৰিযোৰ দাঙি হয়ভৰ দিছিল।
: তাত বোৱা নেকি?
আকৌ সুধিছিল নিজৰ ভাষাৰে।
-তাই থতমত খাইছিল। সোৱে বাৱে মুৰতো জোকাৰি বুজাইছিল ’নকৰো’।
: তেন্তে কি কৰানো?
- প্ৰশ্নটোত অলপ অপ্ৰস্তুত হৈছিল তাই। কেনেকৈ বুজায় এতিয়া! মনত পেলাবলৈ চেষ্টা কৰিছিল বিভিন্ন সময়ত চিনেমাবোৰত দেখুওৱা আকাৰে ইংগিতে কথা কোৱা দৃশ্যবোৰ। কিজানি কিবা এটা ক'ব পাৰোৱে। কিন্তু নাই, সেই সময়ত একোৱে মনলৈ নাহিল। সাধাৰণ মানুহ এজন ইংগিতেৰে হথাতে কথা কব পৰাতো অসম্ভব।
: কালাৰৰ কাম। - উপায়বিহীন হৈ সাধাৰণভাৱেই কৈ দিছিল তাই। তেওঁ আকৌ চেলাউৰিযোৰ দাঙি হয়ভৰ দিছিল।
তেওঁ কিমানখিনি বুজিছিল তাই তাই নাজানে! হয়তো শুনা পায়। -তাই ভাবিছিল।
: দিউটি দহটাৰ পৰা নেকি?
-অফিচৰ ফালে আঙুলিয়াই বাওঁহাতৰ মণিবন্ধত চুই দুয়োখন হাতেৰে দহটা আঙুলি দেখুৱাই সুধিছিল। ৰোমাঞ্চিত হৈ পৰিছিল তাই। জীবনত প্ৰথমবাৰ বোবা লোকৰ সতে তাইৰ কথা কোৱা অভিজ্ঞতা হৈছিল।
আকৌ সোঁৱে-বাঁৱে মূৰ জোকৰিছিল তাই।
: নটা?
- হাতৰ এইবাৰ নটা আঙুলি দেখুৱাইছিল তেও।
: হয়। -তাই মুৰ জোকাৰিছিল।
: তোমাৰ দিউটি ছটা লৈ নেকি? বাঁওহাতৰ মণিবন্ধত আকৌ এবাৰ চুই এইবাৰ ৰাস্তাৰ ফালে আঙুলিয়াই হাতেৰে ছটা আঙুলি দেখুৱাইছিল। মুৰতো জোকাৰি পাঁচটা আঙুলি দেখুৱাইছিল তাই।
: তুমি মোৰ ছোৱালীৰ দৰে। কথা কব মন যায়¸ বেয়া পাবা বুলিহে নকও। -ইংগিতেৰে বুজালে তেও। মিচিকিয়াই হাঁহি দিয়ে তাই। মানুহজনক বেয়া পোৱা নাই।

আৰু একো নুসুধিলে তেও। খৰ-খেদাকৈ গৈ নিজৰ অফিচ সোমালেগৈ। তাইলৈ ঘূৰিও নাচালে, যাঁও বুলিও নক'লে। হয়তো তেওঁৰ দেৰি হৈছিল নতুবা কথা-বতৰা ইমানতে সামৰিব খুজিছিল। অজানিতে নিজকে দোষী দোষী লাগি গৈছিল তাইৰ। কাৰণ তেওঁ তাইৰ বিষয়ে সোধা কথাকেইটা তাই ঠিকেই বুজিছিল কিন্তু ভালদৰে উত্তৰ দিবলৈ অপাৰগ। হয়তো সেয়ে তেওঁলোকক বিশেষভাৱে সক্ষম বুলি কোৱা হয়।আৰু প্ৰকৃততেই তেওঁ বিশেষভাৱে সক্ষম। কাৰণ তেওঁ তেনেকৈয়ে জীৱনটো আন দহজনৰ দৰেই সাধাৰণ ভাৱে জীয়াই আছে।
তেন্তে প্ৰকৃততে অক্ষমতা কাৰ? প্ৰশ্নটোৱে মনত দোলা দি আছিল তাইৰ মনত বহুপৰলৈ....!!!
এয়া চাগে অক্টোবৰ মাহৰ শেষৰ ফালে কোনোবা এটা দিনৰ ঘটনা আছিল। ইয়াৰ পিছতো বহুদিন লগ পাইছিল তাই তেওক। নিজৰ খুড়া¸ মামা যেন লাগি গৈছিল তাইৰ।
কলা-বোবা মানুহজন। অথচ তেওৰ স্বাভাবিক জীবন। তেও ভাগৰি পৰা নাই। হাঁহিমুখে মানি লৈছে জীবনৰ নিৰ্মম সত্য। উত্তৰ প্ৰদেশৰ কোনোবা ভিতৰুৱা গাওত তেওৰ ঘৰ। ঘৰত পত্নী আৰু পুত্ৰ। লৰাটো পঢ়াত ভাল। এইবাৰ এছ এছ চিত পৰীক্ষা দিছে। গডৰেজৰ প্ৰডাকচনত কাম কৰে তেও।
আজিকালি প্ৰায়েই কথা পাতিছিল তাই। বাছত গৈ থকা সময়খিনিত অলপ আদান-প্ৰদান কৰিছিল।
: ভালকৈ কাম কৰা¸ ইন্টাৰভিউবোৰ দি থাকা। ভাল হব। - আকাৰ ইংগিতেৰে মানুহজনে বুজাইছিল। মন ভৰি উঠিছিল তাইৰ। আজিকালি আত্মীয় স্বজনৰ মাজতো এনে আন্তৰিকতা নাই¸ যি আন্তৰিকতা তাই বিশেষভাবে সক্ষম অচিনাকী সহযাত্ৰীৰ মাজত দেখিছিল।

: হেই উলুবাৰী উলুবাৰী। - কন্ডক্টৰৰ চিঞৰত সম্বিত ঘুৰি আহিল তাইৰ। ইমানদেৰি তেও মানুহজনৰ কথাই ভাবি আছিল। তেওৰ সুখ হওক। পুতেকে চাকৰী পালে।
দুখৰ মাজতো হাঁহি এটা ওঠৰ কোণত ফুটি উঠে তাইৰ।

ইতিমধ্যে বৰষুণজাক কমিছে। চাটিটো হাতত লৈ বেগতো খামুচি তাই থিয় হল।।
(ভগ্নীসম ৰীতাৰ হাতত মৰমৰে- পৰশ দা)
0 comments:
Post a Comment