না হিৰ’ নাই। হিৰ’ইনো নাই। আছে মাথো এটা কেন্দ্ৰীয় চৰিত্ৰ।
চৰিত্ৰবোৰ নিৰ্বাক।
চৰিত্ৰবোৰ নিৰ্বাক।
একচন¸ ৰোমাঞ্চ নাই
আছে মাথো চাচপেঞ্চ
আছে মাথো চাচপেঞ্চ
আবেগ তই নাহিবি। মই দুৰ্বল নহয়তো।
নিজানৰ সময়বোৰ কেতিয়াবা এনেকৈয়ে পাৰ হয়।
: ভায়েকে নিজেই আগবাঢ়ি যাওক। -মোৰ বান্ধবীজনীয়ে কয়।
: কিন্তু মোৰ ইগোই বাধা দিয়ে। ইমান বছৰে তায়োতো মোৰ খবৰ এটা লব পাৰে। - অভিমানী হৈ পৰো মই।
: মোৰ ভাইটিৰ পৰা মই আবদাৰ হে ভাল পাম ইগো নহয় ।নিজে ভাইটি ভন্টি এহালৰ বায়েক হিচাবে কৈছো।- প্ৰিয় বান্ধবীৰ বুজনি ভাল লাগে মোৰ।

মোৰ বৰতাৰ প্ৰথম বিবাহ সফল নহল। তিনিমহীয়া কেচুৱাটোক লৈ বৰমা গুছি গৈছিল। অভিমানত বৰতাই কোনোদিন বৰমাৰ খবৰ নকৰিলে। বৰমায়ো বিচাৰ নললে। দেউতাই অশেষবাৰ বৰতাৰ ফটা সংসাৰ যোৰাবলৈ চেষ্টা কৰিছিল¸ কিন্তু নোৱাৰিলে।
বৰতাই কিনা মালৌবাৰীৰ সোতৰ বিঘা মাটি বৰমাক এৰি দি চৰকাৰী চাকৰী বাদ দি মনৰ দুখতে ঘৰলৈ গুছি আহিল। দহ বছৰ পিছত দেউতাই মাক বিয়া কৰালে। মই জন্ম পালো। পৰিয়ালৰ প্ৰথম সন্তান। মুৰত নলয় পৰুৱাই খাব¸ মাটিত নথয় যেন পৰুৱাই খাব। আইতাৰ জিউলাও। যদিও মই পৰিয়ালৰ দ্বিতীয় সন্তান। আইতাই ইতিমধ্যে বৰতাৰ পুনৰ বিয়া পাতি দিছিল। ঘৰৰ বৰমা জনী সাদৰী। ডাঙৰ বৰমাক আজিলৈ দেখা নাই। ফটোত দেখিছো।
যেতিয়াৰ পৰা শুনিছো¸ মোৰ বা এগৰাকী আছে। লগ পাবলৈ উদগ্ৰীব হৈ আছো। এবাৰ বাক চাবলৈ বৰকৈ মন যায়। আমাৰ যৌথ পৰিয়ালৰটোৰ ছয়জনীয়া সন্তান কেইটাৰ প্ৰথম মই। অশেষ মৰমৰ। মোৰ ওপৰত বা।অতদিনে বাৰ অধিকাৰ বোৰ মই দখল কৰি থাকিলো।
সাত সাগৰ তেৰ নদী সিপাৰত বা নাথাকে। কেই কিলোমিটাৰমান আতৰত বা থাকে বৰমাৰ লগত। ভীষণ অভিমান হয় বাৰ ওপৰত। মোতকৈ সাত বছৰ ডাঙৰ ছোৱালীজনীৰ কি এবাৰো মন নাযায় নেকি??
ভুল হয়তো বৰতা¸ বৰমা দুয়োৰে আছিল! অন্তন জৈবিক পিতৃক দোষাৰোপ কৰিবলৈ¸ গালি পাৰিবলৈকো বায়ে এবাৰ বিচাৰি আহিব নোৱাৰেনে!

এই অভিমানৰ বাবেই ত্ৰিশটা বসন্ত পাৰ হল মোৰ। সদায় ভাবো¸ ’আজি বাক বিচাৰি যাম। বৰতাই কোৱা এড্ৰেছটোত’। কিন্তু ৰৈ যাও। কি বুলি পৰিচয় দিম! যদি বেয়া ব্যবহাৰ কৰে! বৰমাৰ মাকজনী বোলে একেবাৰে বদমাছ আছিল। তেৱেই ভাঙিলে ঘৰখন। কোৱা শুনিছো।
জৈবিক সন্তানৰ প্ৰতি বৰতাৰ মৰম এতিয়াও আছে। হয়তো বৰমাৰ প্ৰতি কিবা অনীহা¸ বিতৃষ্ণাই বৰতাক আতৰাই ৰাখিছে। হয়তো বৰমাকো।
মুখামুখি হলেই চাগে আবেগৰ পাৰভাঙি আহিব। চিনেমাৰ লেখিয়াকৈ। মই ভাবো।
জৈবিক সন্তানৰ প্ৰতি বৰতাৰ মৰম এতিয়াও আছে। হয়তো বৰমাৰ প্ৰতি কিবা অনীহা¸ বিতৃষ্ণাই বৰতাক আতৰাই ৰাখিছে। হয়তো বৰমাকো।
মুখামুখি হলেই চাগে আবেগৰ পাৰভাঙি আহিব। চিনেমাৰ লেখিয়াকৈ। মই ভাবো।
আচৰিত হও। বায়ে কিয় এবাৰলৈয়ো অহা নাই। মাকক এবাৰলৈয়ো সোধা নাই নে আচল ঘৰখনৰ কথা। নে মোৰ দৰে ইমোচনেল ফুল নহয় বা।
আচৰিত হও। কল্পনা কৰো। অসমাপ্ত এখন চিনেমাৰ পৰিসমাপ্তিটো কেনেকৈ কৰো। বাক তাইৰ অধিকাৰ দিব খোজো। এবাৰ চাব খোজো। অভিমানৰ খং টোৱে বাধা দিয়ে।
কি কৰো!!!
আচৰিত হও। কল্পনা কৰো। অসমাপ্ত এখন চিনেমাৰ পৰিসমাপ্তিটো কেনেকৈ কৰো। বাক তাইৰ অধিকাৰ দিব খোজো। এবাৰ চাব খোজো। অভিমানৰ খং টোৱে বাধা দিয়ে।
কি কৰো!!!
আবেগত ষ্টেটাছটো এনেকৈয়ে দিছিলো। ইচ্ছা কৰিলে গদ্যচন্দত সজাব পাৰিলোহেতেন। কিন্তু মোক পাঠক নহয় বন্ধু লাগে। হয়তো অসহায় ভাতৃৰ আহ্বান। তিনিজনী ভন্টি দুটা ভাইটি ঘৰত আছেই। তথাপিও পৰিয়ালৰ প্ৰথম সন্তানটোক চোৱাৰ হেপাহ। যিজনী মোৰ সম্পৰ্কত বা।
: পৰশদা ঘটনাটো সচা নে……… এবাৰ চেষ্টা কৰি চাৱপাৰে সৰুহৈ। - বন্ধু এজনে কয়। মোৰ ফেচবুক ৱালৰ ষ্টেটাছটোৱে মন চুই যায় তাৰ।
: একদম সচা ঘটনা। ফটাশিল আমবাৰীৰ কোনোবা আছে যদি হেল্প লাগে। - তাৰ কমেন্টৰ উত্তৰত মোৰ কমেন্টটো।
: এবাৰ চেষ্টা কৰক আৰু তাই যদি বুজীপোৱা ছোৱালী হয় নিশ্চয় সহাৰি জনাৱ বুলি আশা থাকিল…………!!!- বন্ধুৰ বুজনি
: সেই আশা নকৰো। কাৰণ তাই মোতকৈ সাতবছৰে ডাঙৰ। চাগে বিয়া বাৰু কেতিয়াবাই হৈ গৈছে।
মাথো এবাৰ চাম। মোৰ বা কিয় মোৰ দৰে নহল!
মাথো এবাৰ চাম। মোৰ বা কিয় মোৰ দৰে নহল!
: একপক্ষীয় বিচাৰ হৈছে আপোনাৰ। - মোৰ কমেন্টবোৰ চাই মন্তব্য কৰে বান্ধবীয়ে। আবেগিক হও মই
: হয়তো হৈছে। কিন্তু এইবাৰ আগবাঢ়িম। অহা তিনিমাহৰ ভিতৰত বাক আগত থিয় হম। মই দৃঢ়প্ৰতিজ্ঞ। মাথো অলপ মানসিক প্ৰস্তুতিৰ দৰকাৰ হৈছে।।।
আৰম্ভ কৰিছো মিচন ইম্পচিবল।।।
(ধন্যবাদ প্ৰিয়াক্ষী¸ ভাগি¸ ডন মিঠু দা)
0 comments:
Post a Comment