Now you can Subscribe using RSS

Submit your Email

Thursday, 15 June 2017

দুখ

Unknown


: কি কাম কৰে?
: ছব্জী বেপাৰ।
: ঘৰত মানুহ কেইজন আছে?
: ডাঙৰ চাৰিজন। বাচ্ছা এটা।
: বাৰ্ষিক আয় কিমান?
: একলাখ মান হয়। - হতঙা মানুহজনে কৈ আছে। আচলতে মানুহ বুলি নকৈ লৰা বুলি কলেহে ভাল হব। তেওতকৈ বয়সত সৰু। প্ৰায় প্ৰয়ত্ৰিশ বছৰীয়া যুবকজন। কাষতে প্ৰায় ষাঠি বছৰীয়া তাৰ মাকজনী এটা মুড়াত বহি আছে। বোৱাৰী যেন লগা প্ৰায় পশিচ বছৰীয়া মহিলা গৰাকীয়ে তাক প্লাষ্টিকৰ চকী এখন আনি দিলে। আটায়ে ঘেৰি ধৰি আছে তাক।
নিৰ্বাচনলৈ বেচি দিন নাই। লোকপিয়লৰ কামত শিক্ষকবোৰক দৌৰাইছে চৰকাৰে। পুৰণি চৰকাৰখনে একো বিশেষ নকৰিলে। নতুন চৰকাৰে বা কি কৰে! সকলোৰে প্ৰত্যাশা।
ভুপেন মাষ্টৰৰ এটাই আশা। কেনেবাকৈ নিজৰ ঠাইখনলৈ ট্ৰেঞ্চফাৰ লব পাৰিলেই হল। কি যে পিছপৰা ঠাইখনত সোমালহি নহয়। লৰা-ছোৱালীবোৰ যেন কেৱল দুপৰীয়া ভাতসাজ খাবলৈহে আহে। সৰ্বশিক্ষাই যেন শেষ কৰিলে শিক্ষা ব্যবস্হাটোক।
: ঐ মাষ্টৰ বাবু¸ মোৰ লৰাটোক কিয় মাৰিছ। - বদমাছি কৰিলে দুচাত দিলেও কেতিয়াবা বাপেকবোৰে খেদি আহে। অশান্তি পাই তেও। প্ৰায় দুশ ছাত্ৰ-ছাত্ৰীৰ স্কুলখনত মাথো দুজন শিক্ষক। এটা পোষ্ট ছমাহৰ পৰা খালি হৈ আছে¸ উপৰৰ অফিচৰ কোনো কাণষাৰেই নাই। হেড মাষ্টৰ বিপিন দা বেমাৰী। সদায় দেৰিকৈ আহে। চাৰিওটা শ্ৰেনী চম্ভালিবলৈ অসুবিধা হয় তেওৰ।
: কি নাম আছিল?
: সনাতন দাস।
পৰিয়ালৰ মুৰব্বী মানুহজনক সুধি লিখি আছে তেও। অলপ আতৰত
প্ৰায় পশিচ বছৰীয়া লৰাটোৱে ৰজনীগন্ধাৰ পেকেটতো ফালি মুখত বাকী দিলে। ফুৰফুৰীয়া গোন্ধ এটা তাৰ মুখৰ পৰা ভাহি আহিল।
: পানী এগিলাছ পাম নেকি? - সোধে তেও। পিয়াহত অণ্ঠ কণ্ঠ শুকাই গৈছে তেওৰ। ফটা ৰ’দত খোজকাঢ়ি অকলে পঞ্চাশ ঘৰমানত তথ্য সংগ্ৰহ কৰিছে তেও। আমনি লাগিলেও উপাই নাই। মানুহ গৰাকীয়ে আগবঢ়াই দিয়া পানীৰ গিলাছটো লৈ ঘোটঘোটকৈ পি দীঘলকৈ উশাহটো ললে তেও। এতিয়াহে যেন প্ৰাণটো ঘুৰি আহিছে।
অলপ আতৰত পকী বাৰাণ্ডাত বহি শিশুটিয়ে খেলি আছে। তেওৰ চকুত পৰিল।। হথাতে ছয়বছৰীয়া শিশুটোৱেও খালি আমলাৰ দৰে পেকেটতো ফালি মুখত বাকী দিয়াৰ ভংগীমা কৰিলে। যেন ৰজনীগন্ধাৰ পেকেটতো বাকী লৈছে। খুৰাকক দেখি অনুসৰন কৰিছে সি।
সৰু ঘটনাটো কোনেও লক্ষ্য নকৰিলে।
অলপ আতৰত মাকজনীয়ে কিবা কৰি আছিল। কোনেও একো লক্ষ্য কৰা নাই। শিশুটোৰ আইতাক আৰু দেউতাকে তাৰ লগত কথা পতাত ব্যস্ত।
ভুপেন মাষ্টৰৰ চকুত ঠিকেই পৰিল। পাঠশালা স্কুলৰ শিক্ষক তেও। সৰু সৰু কথাবোৰো চকুত পৰে। সাংঘাতিক তীক্ষ্ণ দৃষ্টি তেওৰ। সহজে কোনো কথাই সাৰি নাযায়।
এইমুহুৰ্তত সৰু লৰাটোৰ কাম বিলাক ভাল নালাগিল তেওৰ। হলেও কবলৈ ভাল নালাগিল তেওৰ। কেনেকৈনো কয় এতিয়া। গৃহস্হইবা কেনেকৈ ৰিয়েক্ট কৰে!
আকৌ চালে তেও। কণমানি শিশুটোৱে পকাত লেপেটা কাঢ়ি বহি আছে। সমুখত তাৰ পুতলা গাড়ী এখন। এপাকত খুৰাকে খাই পেলাই দিয়া ৰজনীগন্ধাৰ পেকেটতো বুটলি আকৌ এবাৰ মুখত ঢালি দিয়াৰ ভংগিমা কৰিলে সি। অবশ্যে খালি পেকেটৰ পৰা একো নোলাল। এইবাৰ পেকেটতো দলিয়াই বাওহাতখন মুঠি মাৰি সোহাতৰ বুঢ়া আঙুলিটোৰে মোহাৰি দিলে সি। অলপ সময় মোহাৰি হথাতে সোহাতেৰে বাওহাতত লাহেকৈ ঠাপৰ দুটা দি সোহাতৰ তৰ্জনী আঙুলিটো বুঢ়া আঙুলিটোত লগাই মুখত ভৰাই দিলে। হাহি উঠিল ভুপেন মাষ্টৰৰ। এনে লাগিল যেন সি চাধা মাৰি খাইছে।
হথাতে সিয়ৰি উঠিল ভুপেন মাষ্টৰ। এয়া কি দৃশ্য দেখিলে তেও! কণমানি বাচ্ছাটোৱে ডাঙৰক অনুসৰণ কৰিছে। হয়তো তাৰ বাপেকক এইদৰে চাধা খোৱা সি দেখিছে। তাৰ শিশু মনত এই দৃশ্যটো ৰৈ গৈছে।
দুখেৰে ভৰি পৰিল ভুপেন মাষ্টৰৰ মনটো। এতিয়াৰ পৰা সি বেয়া গুণবোৰ শিকিলে ভবিষ্যতে বেয়া কথা হব।
: চাৰ ই মোক বেয়া কথা কৈছে। - চতুৰ্থ শ্ৰেনীৰ লৰা দুটাৰ কাজিয়া ভাঙি দিওতে এটা লৰাই কৈছিল তাক। দুয়োৰে ডবৰা-ডবৰি লাগিছিল। দুয়োকে চেকনীৰে দুটা কোব দিছিল সি।
: ঐ কি হৈছে তহঁতৰ? কিয় কাজিয়া কৰিছ?
: চাৰ¸ ই মোক একচৰ মাৰিছে!
: চাৰ¸ ই মোক বেয়া কথা কথা কৈছে।
লৰা দুটাই কয় তাক।
: এইটো বেয়া কথা নেকি? ঘৰত মায়ে দেখোন সদায় কয় জহৰাৰ পুতেক বুলি। - হতঙা লৰাটোৱে কৈ উঠিছিল। ভবাই তুলিছিল মাষ্টৰক।
: ধেই¸ মনে মনে থাক তঁহত। হাতৰ তলুৱাত দুটাকৈ কোব দি নিজৰ জেগাত বহুৱাইছিল সিঁহতক। কি কব এই অবোধ শিশুদুটাক।
ভিতৰুৱা গাওখনত প্ৰায়ে ইঘৰ সিঘৰৰ কাজিয়া লাগি থাকে। লেতেৰা মাত কথাৰ মাজত কণকণ লৰা-ছোৱালীবোৰেও নিশিকিবলগীয়া কথাবোৰ শিকি পেলাইছে। অভাবী মানুহবোৰ সদায় উগ্ৰ হয়। তেও বুজে। নিজেও তেনে এটা পৰিয়ালৰে লৰা।
কাৰোবাৰ গৰু ছাগলীয়ে জেওৰা ভাঙিলেও মানুহবোৰে যাঠি-জোং লৈ খেদি আহে।
: ঐ মাষ্টৰ বাবু¸ আমাৰ গাঁওখন এনেকুৱাই অ’। চব দুখীয়া মানুহটো। শিক্ষা দিক্ষা নাই। - ৰতন গাওবুঢ়াই কয় তাক। আক্ষেপ মানুহটোৰ। চৰকাৰে আজিকোপতি একো নকৰিলে। গাঁওৰ কেচা আলিবাটতোত এজাক বৰষুণ আহিলেই এআঠু বোকা হয়। গাও লৰা-ছোৱালীবোৰে নিতৌ ছয়-সাত কিলোমিটাৰ খোজকাঢ়ি কলেজলৈ যাব লাগে।
প্ৰথমতে খং উঠিছিল ভুপেন মাষ্টৰৰ। কিযে ভিতৰুৱা পাণ্ডব বৰ্জিত ঠাইত ট্ৰেঞ্চপাৰ দিলেহি। খঙটো নিজৰ ওপৰতে উঠি আহিছিল তেওৰ। কিহে পাইছিল প্ৰেচিডেন্টৰ লগত কাজিয়া কৰিবলৈ।
তেওলোকৰ অঞ্চলৰ আই এ ৱাই আবন্টিত গৃহৰ নামত দহহেজাৰকৈ দাবী কৰিছিল প্ৰেচিডেন্ট আৰু সদষ্যই। ভুপেন মাষ্টৰৰ সম্পৰ্কীয় ভায়েকৰ সাধ্য নাছিল সেয়া। ফলস্বৰূপে বাৰম্বাৰ বঞ্চিত হৈ আছিল তেও প্ৰাপ্যৰ পৰা। ভুপেন মাষ্টৰে সহিব পৰা নাছিল। সৰুৰে পৰা অন্যায়ৰ প্ৰতিবাদ কৰি আহিছে তেও। প্ৰেচিডেন্টৰ মুখা খুলি দিছিল তেও। ব্লক অফিচ ওলট পালট লগাইছিল। ঘৈনীয়েকে বুজাইছিল। প্ৰেচিডেন্টৰ লগত এএলএৰ ভাল। মনা আছিল মানুহজনে। ভুপেন মাষ্টৰৰ ভায়েকে বিনা পইচাই ঘৰটো পাইছিল। মুল্য দিব লগা হৈছিল তেও। ঘৰৰ পৰা ডেৰশ কিলোমিটাৰ আতৰৰ ভিতৰুৱা স্কুলখনলৈ হৈছিল তেওৰ ট্ৰেঞ্চপাৰ।
: ছে: বৰ বেয়া কথা হল। -মনতে স্বগ:তোক্তি কৰে তেও। জীবিকাৰ তাড়নাত লৰা-তিৰোতাক এৰি আতৰত আছেহি। উপায় নাই মাষ্টৰৰ। গাওখন অভাবী হলেও মানুহবোৰ সিমান বেয়া নহয়। যথেষ্ট সন্মান কৰে তেওক।
মাষ্টৰে চাই আছে¸ সৰু লৰাটোৱে এতিয়াও ৰজনীগন্ধাৰ পেকেটতো হাতৰ মুঠিত লৈ আছে। আৰু ৰব নোৱাৰিলে তেও। গৃহস্হক ভুলটো বুজাব লাগিব। ভিতৰলৈ যোৱা পুৰুষজনক মাতিবলৈ তেও থিয় হল।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib