Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

বেইমান

Unknown

কেতিয়াবা কিছুমান খবৰে খং উঠাই দিয়ে। এনেয়ে ডেকালৰা। তেজৰ উত্তাপটো বেছি।
অন্যায়¸ ব্যাভিচাৰ¸ দুৰ্নীতি সকলো মষিমুৰ কৰি নতুনতৈ সুস্হ সমাজ এখন গঢ়িব মন যায়!
ৰিপ’ৰ্টাৰ জনীয়ে নিউজটো পঢ়ি আছে।
অসহ্য অসহ্য
মুখাপিন্ধা ভণ্ডবোৰ নিপাত যাওক।
যতচব শিয়ালৰ জাক।
নীলা শিয়ালৰ
’তুমি মোৰ আঙুলিত ধৰা¸ মই তোমাক আকাশ চুৱাই দিম।‘ - এগৰাকী প্ৰতিস্হিত সাহিত্যিকৰ উদীয়মান যুবতী লেখিকাক অশ্লীল বাৰ্তালাপৰ আহ্বান।
ছি: চাল্লা বেইমান
কিয় এনে হয়! কিয় এনে হয় বাৰু! ভাৰাক্ৰান্ত হৈ পৰে মনটো।
ইতিমধ্যে ৱাটচ্এপত ভাইৰেল হৈ পৰিছে চিঠিখন। বন্ধু এজনে পঠাইছে ৱাটচ্এপত। হয়তো আৰু বহুতকে…।
তেওলোকে আৰু বহুতক পঠাব। আকৌ তেওলোকে…।
এইদৰে বাঢ়ি গৈ থাকিব ৰিচিপিয়েন্ট সংখ্যাটো।
‘দীপু/ জীতেন¸
তহঁতে যদি সেইদিনা মোৰ সমষ্যাটো বুজিবলৈ চেষ্টা কৰিলিহেঁতেন¸ আজি এই পৰিস্হিতিৰ মুখামুখি হব লগা নহলহেতেন। তহঁতে ভাবিছিলি আমি মা¸ ভাই চাৰিও এক হৈ থাকিলে কোনে কি কৰিব পাৰে। মোৰ মৃত্যুৰ বাবে তঁহত সমানে দায়ী। তহঁতক মই নবছৰে কি দিলো নাজানো¸ কিন্তু তহঁতে মোক মৃত্যুদণ্ড দিলি। ধন্যবাদ তহঁতৰ একতা শক্তিক। মোক ন্যায় নিদিলি¸ এতিয়া তঁহতে ন্যায় ল।’
বোৱাৰী এগৰাকীৰ ছুইছাইড নোট উদ্ধাৰ হৈছিল পোষ্টমৰ্টেম কক্ষত মৃতদেহৰ অন্তৰ্বাসৰ ভিতৰত। কিমান ক্ষোভ লৈ তেও গলগৈ¸ হয়তো অনুমান কৰিবও দুখ লাগে!
ঘটনাটো আমাৰ ঘৰৰ পৰা মাথো দুশ মিটাৰ পশ্চিমত। সম্ভ্ৰান্ত পৰিয়ালটো। মানসদা¸ দীপেনদা দুয়ো প্ৰফেচাৰ। জীতেনদা ব্যবসায়ী গুৱাহাটীত থাকে। নৰ্মদা জেঠাই খুউব মৰমিয়াল মহিলা। মুখত অনবৰতে হাঁহি এটা থাকে। আজিলৈকে কাকো টান কথা এটাও কৈ পোৱা নাই। মানসদা¸ দীপেনদাহত খুউব নম্ৰ ভদ্ৰ লৰা। পঢ়াত খুউবচোকা। একো এটা বেয়া অভ্যাসেই নাই। চা মদ ভাং খাই না কৰবাত বহি আড্ডা দিয়ে। মানসদাতো আৰু লাজকুৰীয়া বৰবিশেষ কাৰো লগত মাতবোল নকৰে। আপোনমনে ৰাষ্টাৰে যাইগৈ। দীপেনদা¸ জীতেনদাই অবশ্যে লগপোৱা মানুহবোৰক মাতসাৰ লগাই। এই অঞ্চলটোৰে এটা আদৰ্শ পৰিয়াল মানসদাহতৰ ঘৰখন।
এটা সময়ত খুউব কষ্টৰে পাৰ হৈছিল মানসদাহঁতৰ। দেউতাক ধুকুৱাৰ পিছত বৰ কষ্টৰে জেঠায়ে ডাঙৰ কৰিছিল তেওলোকক। তিনিওটা লৰাই শিক্ষিত ডাঙৰ দুটা এম এছ চি সৰুটো এম এ।
নৰ্মদা জেঠাই গাঁওতেই বিয়া হৈছিল। দেউতাই বৌ নুবুলি সেয়ে পুৰণি সম্বোধন ধৰি বাই বুলিয়ে মাতে। সেই সুত্ৰে ময়ো জেঠাই বুলি মাতো। পুজা-পাতল¸ বিয়া-সবাহে অহা যোৱা কৰা হয়। বৰ মৰম কৰে মোক।
নৰ্মদা জেঠাইৰ এতিয়া সুখেই সুখ। তিনিওটা লৰা প্ৰতিস্হিত। তিনিওটালৈ বোৱাৰীও আনিলে। দুটাকৈ নাতি লৰাৰে তেওৰ সুখৰ সংসাৰ।
মানসদাৰ ঘৈনীয়েক পুৰ্ণিমা বৌ বৰ ৰঙীয়াল। শাহুৱেকৰ দৰে অনবৰতে মুখৰ হাঁহিটো লাগিয়েই থাকে তেওৰ। বাকী বৌদুজনীৰ লগত অবশ্যে সিমান এটা মাতবোল কৰা নাই। দীপেনদাৰ বৌ শিক্ষয়ত্ৰী¸ গোৱালপাৰাত থাকে। সপ্তাহতহে আহে। আকৌ জীতেনদাৰ পৰিয়াল গুৱাহাটীবাসী।
গাওত থকা সুত্ৰে পুৰ্ণিমাবৌৰ লগত অান্তৰিকতা বেছি।
: ভাইটি¸ কি খবৰ তোমাৰ?
- দেখা পালে বৌৱে নিজেই আগধৰি মাতে। বয়সত ডাঙৰ হলেও অভিমান অহংকাৰ যেন একোৱেই নাই। আমি মতালৈ ৰৈ নাথাকে। সেয়াই ভাল লাগে বৌজনীক। মহিলা সমতিতিৰ নেতৃ হোৱা বাবে আমাৰ মায়ে প্ৰায়েই ঘুৰি ফুৰিব লগা হয়। ব্যস্ততাৰ মাজতো হেনো মাক টানি আজুৰি বৌৱে কোনোদিনেই চাহ একাপ নোখোৱাকৈ আহিব নিদিয়ে। বৌজনীৰ যেন সম্পুৰ্ণ বিপৰীত মানসদা। উপযাচি মানুহৰ লগত কথা পাতিবলৈ যেন অসুবিধা পায় তেও। মানুহ মাত্ৰেই স্বভাববোৰ ভিন্ন।
হথাতে যেন ধুমুহা এজাকে চব মষিমুৰ কৰি দিলে। পুৰ্ণিমা বৌৰ ছুইছাইড নামৰ ধুমুহাজাকে গাওখনকে জোকাৰি গল। হতভম্ব হৈ পৰিলো। দৌৰাদৌৰিকৈ গৈ দেখো হয়¸ নিঠৰ পুৰ্ণিমা বৌৰ দেহতো পৰি আছে। ডিঙিত এটা মস্ত কলা দাগ। চিপ লোৱা বাবে ডিঙিটো চেপি ধৰিছে। যখিনীযেন লাগিছে মানুহজনী।
পাগলৰ লেখিয়া হৈ পৰিছে মানুহবোৰ। শাহুৱেকজনী অজ্ঞান হৈ পৰিছে।
: পুৰ্ণিমাই কিয় এনে কৰিলে?
: কিবা লাগিছিল নেকি?
- মানুহবোৰে ইজনে সিজনক কোৱাকুই কৰিছে।
ইতমধ্যে পুলিচ আহিছে। মানুহজাকক আতৰাই মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে পঠিয়ালে।
: এবছৰৰ পৰা গিৰিয়েক ঘৈনীয়েকৰ মাতবোল নাই।
: আজি পুৱাও কিবা লাগিছিল হেনো।
মানুহবোৰৰ টুকুৰ টুকুৰ কথোপকথনবোৰ কাণত পৰিছে।
মুখা খুলিল। মুখৰ আৰৰ মুখ ওলাই পৰিল। সত্য সদায় উজ্জল।
পোহৰৰ দৰে।
মানসদাৰ ভণ্ডামি ওলাই পৰিছে।
পইচাতকৈয়ো চেপেটা মানসদা। কাটিলেও হেনো গাৰ তেজ নোলাই।
পুৰ্ণিমাবৌৰ হাতত এটকাও নিদিয়ে। পঞ্চাশ কিলোমিটাৰ আঁতৰৰ মাকৰ ঘৰলৈ যাওতেও বোলে হিচাপ কৰি টকা পোন্ধৰতাহে দিয়ে¸ অকল যোৱাৰ বাছভাড়াতো। আহোতেতো শহুৰেকহঁতে দি পঠাবই। অনেকবাৰ শহুৰৰ ঘৰৰ পৰা দাবী-ধমকি দি পইছা অনাইছে। মানসদাৰ মাক-ভায়েক নিৰুত্তৰ।
: এয়া যৌতুকৰ বাবে,…
: নহয়হে¸ আন কিবাহে হব নেকি?
- অঞ্চলটোৰ চকসমুহত সেয়াই আলোচনা। সাধাৰণতে মই মন্তব্য দিবলৈ টান পাও।
বিশেষ নাজানো। বাহিৰৰ পৰা দেখাখিনি ভালেই লাগিছিল। সম্ভ্ৰান্ত পৰিয়াল।
: হেৰি¸ বোৱাৰীজনী বোলে বৰ মতলবী আছিল হয়নে? তাই যি কয় সেয়াহে শুদ্ধ বোলে।
- কোনোবা এজনে কৈ উঠে।
: কোনে কৈছে? মানসৰ ঘৰৰ পৰাই এই কথাষাৰ ওলাইছে নহয়! হেৰি নাপায় দেও¸ মৃত বোৱাৰীজনীক এনেকৈ দোষ দিব নাপায়।
- লগৰজনে কৈ উঠে। অলপ সময় ৰৈ পুণৰ কয় তেও
: আচলতে কি জানে¸ এই নমতা মানুহবোৰ সদায় বৰ ডেঞ্জাৰ হয়। আপুনি দেখিছে মানসক কেতিয়াবা হঁহা!
হওতে কথাটো হয়। সুখে-দুখে তেওৰ একেটাই এক্সপ্ৰেছন। গাওৰ লৰা হলেও ময়ো তেওৰ কথা পাতিব টান পাও¸ দীপেনদা আৰু জীতেনদাক মাতো।
একো মন্তব্য নকৰাকৈ ঘৰলৈ আহিলো। গেলামাল খিনি পাকঘৰত থৈ মাৰ কাষ পালোগৈ।
ঘটনাটো ইতিমধ্যে নিউজটো আহিছে। পুৰ্ণিমা বৌৰ শাৰিৰীক মানসিক অত্যাচাৰৰ দস্তাবেজ প্ৰকাশ কৰিছে ৰিপ’ৰ্টাৰজনে।
পোষ্টমৰ্টেম কক্ষত অন্তৰ্বাসত উদ্ধাৰ হৈছে ছুইছাইড নোট। বৌৰ ভায়েকে কেচ দিছে।
মানসদাহঁত ঘৰত নাই পলাইছে হেনো। দিনটোত দুবাৰো পুলিচ আহিছিল।
কোৰ্ট-কাছাৰীৰ কথা বিশেষ নাজানো। কিন্তু জানো যে মানসদাহঁতৰ ঘৰখন শেষ হৈ গল।
বেয়া লাগিছে
দুখো লাগিছে
আছবছৰীয়া লৰাটোৱে মাকক বিচাৰি ফুৰিছে। সি নাজানে যে মাক এই পৃথিবীত নাই।
মাকে আত্মহত্যা কৰিছে।
ভাৰাক্ৰান্ত হৈ পৰে মনটো। নিস্পাপ শিশুটোৰ একো দোষ নাই। চাগে সি কোনোদিন দেউতাকক ক্ষমা নকৰিব।
যেতিয়া সি ডাঙৰ হব
যেতিয়া সি বুজিব
চকীত বহুৱাই লৈ মানসদাই বৌক মাৰধৰ কৰিছিল। শিক্ষিতা বৌ¸ দুখবোৰ কাকো জানিব দিয়া নাছিল।
ঘৰত কোনো নাছিল সেইদিনা। মানসদা¸ দীপেনদা অফিচলৈ গৈছিল। শাহুৱেক ওচৰৰ এঘৰলৈ গৈছিল। নাম পাতিছিল এঘৰত। কণমানিটোক স্কুলত থৈ স্কুলৰ কাষতে বিয়া দিয়া ননদজনীৰ ঘৰলৈ গৈছিল তেও।
: মই কাম এটাত দুৰলৈ যামগৈ। অলপ দেৰি হব¸ আহি লৈ যাম। বাবাক ৰাখিবা।- ননদজনীক কৈ গলগৈ বহুদুৰলৈ। যৰপৰা উভতি আহিব নোৱাৰে।
টকা মানুহক লাগে। প্ৰয়োজনীয়খিনি। প্ৰায় চল্লিশ হাজাৰ দৰমহা মানসদাৰ। দহহাজাৰো মাহেকত খৰচ নহয়! তথাপি টকা লাগে তেওক।
হয়তো টকাৰ লোভ
সম্পত্তিৰ লোভ
তেওৰ মনত সুখ নাছিল
কবলৈ ভাষা নাথাকে। মানুহবোৰ অমানুহ হলে এনে ঘটনাবোৰ ঘটে।
কণমানি লৰাটোক এৰি আত্মহত্যাৰ পথ লোৱা পুৰ্ণিমা বৌ বেয়া।
আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা মানসদাহঁত বেয়া।
দেখাত মৰমিয়াল নৰ্মদা জেঠাই বেয়া।
ৰিজাল্ট কি হব নাজানো। কিন্তু অনুকম্পা নাই।
কিমান দুখ পালে মানুহৰ জীবনৰ প্ৰতি মায়া-মোহ নোহোৱা হয়!
কিমান আঘাট পালে এগৰাকী মাতৃয়ে কণমানি পুত্ৰৰ মমতা এৰি নিজকে শেষ কৰি দিব পাৰে!
ঘিন লাগে। বৰকৈ ঘিন লাগে। যৌতুকৰ বাবেই নিতৌ সহস্ৰ যুবতী লাঞ্চিত হৈ আহিছে। সহস্ৰ যুবতীয়ে পুৰ্ণিমা বৌৰ পথ লৈছে। কিমধিকমিতি
দপকৈ খঙটো উঠি আহে। অথচ একো কৰিবও নোৱাৰো।
আমি অসহায়
যেতিয়ালৈ ৰাইজ সজাগ নহব
যেতিয়া যৌতুকৰ সমষ্যা থাকিব
পুৰ্ণিমা বৌহঁত মৰি থাকিব।
কলমটো তুলি ললো। আৰ্টিকল এটা লিখিম। অন্যায়ৰ লগত কোনোদিনে আপোছ কৰা নাই। হব পাৰে মানসদা মোৰ গাওৰ দাদা। কিন্তু প্ৰতিবাদ কৰিমেই।
উকা কাগজখনত প্ৰথম শব্দতো লিখিলো ‘বেইমান’……।।
-------------------------------------------
বেইমান
(গল্প)

=====================================
(সত্য ঘটনাৰ আলমত।)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib