কিছুদিন আগতে কৰবাত পঢ়িছিলো। এটা পকেটমাৰে এদিন চোৰ কৰোতে মানিবেগ এটাৰ ভিতৰত এটুকুৰা কাগজ আৰু ৰঙা কাপোৰ অলপ¸ কলা পৰি যোৱা এপাহ ফুলৰে সৈতে পালে। পিছত চোৰটোৱে সসন্মানে মানিবেগটো গৰাকীক বিচাৰি উলিয়াই দি আহিলগৈ।
কাৰণ
মানিবেগটোৰ ভিতৰত সৰু কাগজ টুকুৰাত লিখা আছিল-
’ এইটো কালিকালগা মন্ত্ৰপুত বেগ। কোনোবাই পালেও যেন ওভতাই দি আহে¸ অন্যথা ৰাখোতাৰ অন্যায় হব!
আপোনাৰ ভগবান¸ আল্লা¸ গড¸ ৱাহেগুৰুৰ শপত।
আপোনাৰ ভগবান¸ আল্লা¸ গড¸ ৱাহেগুৰুৰ শপত।
যদি আপুনি নাষ্টিক¸ আপোনাৰ সন্তানৰ শপত।
যদি অবিবাহিত¸ প্ৰেমিকাৰ শপত¸ পৰিয়ালৰ শপত।’
এতিয়া দেখিছো ষ্টেটাছৰ তলতো একেই পদ্ধতি লব লগা হৈছে।
এইয়াই জ’ক।
#বিধি সন্মত সতৰ্কীকৰণ
$ফেচবুকত অধিক সময় কটোৱাতো স্বাস্থ্য¸ সময় আৰু ধনৰ অপচয়।$
#ফেক প্ৰফাইলৰ পৰা সাবধান। অন্যথা হানি ট্ৰেপিঙৰ দৰে সমষ্যাত পৰিব পাৰে।
#নকলৰ পৰা সাবধান। আজিকালি এচাম শব্দচোৰে আপোনাৰ ষ্টেটাছ কপি পেষ্ট কৰি নিজৰ নামত চলাই বাহ বাহ লৈ আছে।
#যা তা কমেন্টৰ পৰা সাবধান। কিয়নো আপোনাৰ অজ্ঞাতে নিকট আত্মীয় লোকে ফলো কৰিব পাৰে। ভাবমুৰ্তি বিনষ্ট নোহোৱাকৈ শালীনতা বজাই মন্তব্য কৰক।
#ফেবু দাৰ্শনিকৰ পৰা সাবধান। ফেবুত বহুতো তথাকথিত দাৰ্শনিক আছে। প্ৰয়োজনত কিছুমানে যিকোনো কথা কৈ দিব পাৰে। সেয়েহে পৰাপক্ষত ফালৰি কাটি চলক। অন্যথা মন বেয়া লগাব পাৰে।
এই যে কথাখিনি পঢ়োতে বেছিভাগৰে খং উঠিছে এইয়া জ’ক।
লাইক কমেন্ট বেছি নাপাও এইয়া জ’ক।
কোনেও শ্বেয়াৰ নকৰে এইয়া জ’ক।
মনে মনে গালি এটা দিছে এইয়া জ’ক।
বহুতো গ্ৰুপত পোষ্টতো এপ্ৰুভ নকৰে¸ এইয়া জ’ক।
আমি লাইক¸ কমেন্টৰ আশাতযে যধেমধে পোষ্ট কিছুমান দিও এইয়া জ’ক।
ছ’ছিয়েল মিডিয়াক যে এচামে টয়লেট হিচাপে ব্যবহাৰ কৰিব খোজে¸ এইয়া জ’ক।
হা হা হা হা
ময়ো চাগে কাৰোবাৰ চিন্তাৰ কপি পেষ্ট কৰিছো।
0 comments:
Post a Comment