Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

এক্টিভ¸পেছিভ¸ভণ্ডামি আদি…

Unknown

একান্তই ব্যক্তিগত
কৰ্প’ৰেট জগতৰ অকথ্য
এক্টিভ¸পেছিভ¸ভণ্ডামি আদি…
ভাললগা¸ বেয়ালগা…

                মহানগৰীত তীব্ৰ যানজঁট কিয় হয়? কিয় হয় ট্ৰেফিক জাম? গাড়ীমটৰৰ তুলনাত ৰাষ্টাঘাট ঠেক! এয়া শুদ্ধ জানো! শৃখংলিতভাবে শাৰীপাতি গাড়ীবোৰ চলিলে ট্ৰেফিকজাম হবনে? নিশ্চয় নহয়!
দায়ী কোন? চিটিবাছ কেইখন নে অট’ৰিক্সা¸ ভেন কেইখন?
নহয়। মেইন দায়ী বিলাসী সৰু গাড়ীবোৰ¸ বাইকবোৰ! সৰহসংখ্যক বাছ¸ টেম্প’ৰ ড্ৰাইভাৰে অল্প শিক্ষিত। আনহাতে সৰহসংখ্যক সৰুগাড়ীৰ চালকেই শিক্ষিত। মাথো সকলোকে আগলৈ সোনকালে যাবগৈ লাগে। যধেমধে ফাকেফাকে গাড়ীবোৰ সুমুৱাই দিয়ে।
আৰু বাইকবোৰ…সুবিধাপালেই হল পদপথত দৌৰিব ধৰে। হাৰাহাস্তি পথচাৰীৰ। গেলাগৰমত চিটিবাছত উঠা সাধাৰণ মানুহখিনিৰ।
অথচ মহানগৰীৰ নব্বৈ শতাংশ শিক্ষিত লোকেই কথাৰ ফুলজাৰী মাৰিব যে ৰাজপথত ট্ৰেফিক নিয়ম মানি চলিব লাগে। অন্তত তেও মানি চলে। এয়াই মানুহৰ সহজাত প্ৰবৃত্তি। নিজকে ভাল বোলাব খোজাৰ প্ৰয়াস।
আপুনি এবাৰ কৈ চাওক এই বিলাসী গাড়ীবোৰ এদিনৰ বাবে চলাচল বন্ধ কৰি দিলেই ট্ৰেফিক জাম নহব! মই ন দি কব পাৰো আপোনাক বাক্যবানেৰে থকা-সৰকা কৰি নগুৰ নাকটি কৰিব!
যাহওক কব খোজা কথাটো আছিল বেলেগ। কোনো এটা খণ্ডক সমালোচনা কৰাৰ নৈতিক অধিকাৰ মোৰ নাই। সেয়েহে সকলোৱে ক্ষমা কৰিব। অনুগ্ৰহ কৰি কোনেও যেন বিতৰ্কৰ মাজলৈ নিনিয়ে। মই মুঢ়মতিৰ এয়া একান্তই ব্যক্তিগত অনুভব।
মোৰ এটা কথাই ভাল লাগে যে কৰ্প’ৰেট খণ্ডৰ মানুহবোৰ সদায় এক্টিভ। চৰকাৰী অফিচৰ দৰে ইয়াৰ কাম-কাজ লেহেমীয়া নহয়। সদায় ক্ষীপ্ৰ গতিত কামবোৰ হয়। সেয়েহে কোৱা হয়¸ চৰকাৰী কাম সকলো মানুহেই কৰিব পাৰিলেও কৰ্প’ৰেটত কৰিব নোৱাৰে। কিয়নো কামচোৰ লেহেমীয়া ব্যক্তিৰ কৰ্প‘ৰেটত স্হান নাই।
মহাত্মা গান্ধীয়ে কৈছিল¸ ভাল সাজপাৰ দৰকাৰী নহয়¸ ব্যক্তিসত্তাহে ভাল হোৱা উচিত। সাজপাৰে মানুহৰ পৰিচয় নিদিয়ে।কিন্তু কৰ্প’ৰেট খণ্ডই গান্ধীজীৰ এই বক্তব্য ভুল বুলি প্ৰমাণিত কৰিছে। বিভিন্ন সময়ত বিভিন্ন জেষ্ঠ¸ অগ্ৰজ সতীৰ্থৰ লগত আলোচনা কৰি এই সিদ্ধান্তত উপনীত হৈছো। মুঢ়মতিয়ে হয়তো ভালকৈ প্ৰকাশ কৰিব পৰা নাই¸ তথাপি অলপ তত ধৰিলেই বুজিব পাৰিব।
সৰুৰে পৰা শিকি আহিছো যে ডাঙৰক সন্মান কৰিব লাগে। সকলো মানুহকে সমান চকুৰে চাব লাগে!
ভুল। সকলো মানুহক সমান চকুৰে চোৱা অসম্ভব! কৰ্প’ৰেট খণ্ডত সাজপাৰ সুন্দৰ হবই লাগিব। ব্যক্তিত্ব মাৰক গুলী! পিতৃৰ বয়সীয়া তলতীয়া কৰ্মচাৰীক প্ৰয়োজন সাপেক্ষে যদি অকথ্য ভাষাৰে গালি-গালাছ কৰিবই নোৱাৰে তেন্তে আপুনি কৰ্প’ৰেট জগতৰ বাবে যোগ্যই নহয়।
মই জানো¸ শিক্ষিত সমাজে যুক্তি প্ৰদৰ্শন কৰিব যে ধুনীয়া সাজপাৰেই সন্মান নিদিয়ে। এই কথা মই এআষাৰেই ভুল বুলি প্ৰমাণিত কৰি দিম যে কৰ্প’ৰেটত ড্ৰেছ ক’ড কিয় থাকে??
আপুনি যিমানেই চাফচিকুণহৈ নাযাওক কিয় ধুতি চোলা পিন্ধি গলে¸ হাৱাই চেণ্ডেল পিন্ধি গলে প্ৰবেশৰো অনুমতি দিয়া নহয়। তাৰ সলনি আপুনি যদি দামী ৰেমণ্ড¸ চিয়াৰামৰ থ্ৰী পিছ চুট পিন্ধি যায় সকলোৱে আপোনাক সমীহ কৰিব।
এতিয়া হয়তো কিছুমানে কব যে সম্মান¸ শ্ৰদ্ধা অন্তৰৰ পৰাহে কৰা যায়! কিন্তু মই কম ভাৰতৰ পঞ্চাশ শতাংশৰ অধিক লোক কৰ্প’ৰেট খণ্ডত জড়িত। হয়তো স্বীকাৰ নকৰিলেও তেওলোকে অন্তৰৰে এইকথা মানিবলৈ বাধ্য। আন নালাগে মই নিজেই কেইবাবাৰো আধুনিক সাজপাৰ পৰিধান নকৰাৰ বাবে পিতৃৰ বয়সীয়া কেইবাজনো লোকক মোৰ কাৰ্য্যয়লৰ ভিতৰত সোমাবলৈ অনুমতি দিয়া নাছিলো। ভুলক্ৰমে কেনেবাকৈ সোমাই আহিলেও নিৰাপত্তাৰক্ষীক গালি পাৰি উলিয়াই দিছিলো। প্ৰতিবাৰেই মনটো কেনেবা লাগিছিল। কিন্তু মই বাধ্য আছিলো।
আপোনালোকে এটা কথা মন কৰক। যিকোনো কৰ্প’ৰেট অফিচত ফ্ৰন্ট ডেস্ক বা ৰিচেপচনত অকল ধুনীয়া যুবতীহে কিয় এপইন্ট কৰে?? কলা¸ আপচু¸ শকত ছোৱালীবোৰ¸ বয়সীয়াল তিৰোতাবোৰ এনেকি লৰাবোৰকো কিয় এপইন্ট কৰা নহয়। কম বয়সীয়া ধুনীয়া ছোৱালীবোৰেহে কি নিয়াৰিকৈ কাম কৰে নেকি! কোনেও যেন গাত পাতি বিতৰ্কলৈ নিনিয়ে। এয়াও এক বাহ্যিক সুন্দৰতাৰ প্ৰতি আকৰ্ষণৰ প্ৰমানেই নহয় জানো।
কালি সন্ধিয়া অগ্ৰজ কেইজনমানৰ সতে এটা আলোচনা কৰিছিলো। আলোচনা মানে যুক্তি তৰ্ক কৰিছিলো। কোনেও কাকো বেয়া পোৱা কথা নহয় মাথো ব্যক্তিগত দৃষ্টিভংগী সত্য প্ৰমান কৰিবলৈ উঠিপৰি লাগিছিলো। তেওলোক এফালে আৰু মই অকলে এফালে।
মোৰ বক্তব্য আছিল¸ কৰ্প’ৰেট জগতত তিকি থাকিবলৈ প্ৰায়ে এডজাষ্ট আৰু কম্প্ৰমাইজ কৰিব লগা হয়। বিবেকৰ বিৰুদ্ধে যাব লগা হয়। এটা সৰু উদাহৰণ দিছিলো¸ কৰ্প’ৰেটৰ ক’কটেইল পাৰ্টিসমুহত ড্ৰিংকচ নকৰাজনে নিসংগ হৈ কেতিয়াবা তাচ্ছিল্যৰ মুখামুখিও হব লগা হয়।
মোৰ অগ্ৰজসকল নাছোৰবান্দা। তেওলোকৰ মতে নিজে ঠিক থাকিলে একো সমষ্যাই নহয়।
কথাটো ময়ো মানো যে আপোন ভালেই জগত ভাল। কিন্তু সমষ্যাৰ সমুখীন হব নলগা কথাটোত একমত নহও। (ব্যক্তিগতভাবে নিজেও তেনে পৰিস্হিতিৰ মুখামুখি হৈছো। সেয়া বাৰু বেলেগ কথা।)
তেওলোকৰ মতে মোৰ বক্তব্য দুৰ্বল মনৰ পৰিচায়ক। কিন্তু মোৰ প্ৰেক্টিকেল মন্তব্য সেয়া। কালি সক্ষম নহলো¸ আজি উত্তৰ দিছো। বেয়া নাপাবদেই কোনেও।
ধৰি লওক¸ ককটেইল পাৰ্টি এটাত আপুনি বছৰ ওচৰত আছে। ওচৰত আন কোনো নাই। আপুনি বছৰ প্ৰিয়পাত্ৰ। হয়তো আপোনাৰ প্ৰমোচনৰ কথাও চলি আছে। হঠাতে বছে আপোনাক কলে¸ যোৱানা মোৰ পেগটো ভৰাই আনা। আপুনি ড্ৰিংকচ নকৰে বুলি তেও নাজানে। এই দায়িত্ব আন এজনক হেণ্ডঅভাৰ কৰিবলৈকো ওচৰত কোনো নাই। তেতিয়া আপুনি কি কৰিব??
হয়তো আপুনি অভিভাবকৰ আগত প্ৰতিজ্ঞা কৰিছিল মদ জাতীয় বস্তু হাতেৰে নোচোও বুলি। আপুনি কবনে বিনম্ৰভাবে যে বছ¸ মই এইবোৰ নোচোৱ ক্ষমা কৰিব।
এফালে আপোনাৰ পদোন্নতিৰ কথা¸ আনফালে বিবেক। পেগটো বছৰ হাতত তুলি দি হয়তো আপুনি অধিক প্ৰিয় হব পাৰে তেওৰ আৰু উপেক্ষা কৰি বছৰ চকুত অহংকাৰীও হব পাৰে। তেতিয়া কি কৰিব!!
বছে কেইজনমান ডাঙৰ মানুহৰ লগত কথা পাতি আছে। সকলোৰে হাতে হাতে গিলাছ। বছে আপোনাক সকলোৰে কাষলৈ মাতি চিনাকী কৰাই দিলে। বছৰ বন্ধু এজনে গিলাছ এটা আপোনাৰ হাতত দিলে। আপুনি নম্ৰভাবে উপেক্ষা কৰিলে। তেওলোকে আপোনাক বহুত জোৰ কৰিলে। কলে যে কৰ্প’ৰেট এয়া সাধাৰণ কথা। তথাপি আপুনি বিবেকৰ নিৰ্দেশত উপেক্ষা কৰি আতৰি আহিল। পিছতে বছে আপোনাক কেবিনত মাতি কলে¸ কি ভাই। মোক লাজত পেলালা। কৰ্প’ৰেটত কাম কৰি এইখিনিও কম্প্ৰমাইজ কৰিব নোৱাৰানে?
ৰিজাল্ট¸ নেক্সট ক’কটেইল পাৰ্টিত আপুনি অনিমন্ত্ৰিত আৰু দুদিন পিছত আপোনাৰ জুনিয়ৰে প্ৰমোচন লৈ আপোনাৰ সমুখত।
মদাহী ভাঙুৰীৰ সংগ বেছি। এই কথা সকলোৱে জানে। ’ই বেটা বেছি ভদ্ৰ দেখাইছে’ আপোনাৰ প্ৰতি কলীগৰ ধাৰণা হব এয়া। আপুনি যদি সকলোৰে লগত মিলি চলিব বিচাৰে লোকক দেখুৱাই হলেও পেগ এটা লবই লাগিব।
এয়া সাধাৰণ সত্য। ইউনিভাৰ্চেল ট্ৰুথ। কোনো নিৰ্দিষ্ট তথ্য প্ৰমান নাথাকে এইবোৰ কথাৰ। প্ৰতি এশজনৰ দহজন হয়তো কেতিয়াও এনে পৰিস্হিতিৰ মুখামুখি নহবও পাৰে। সকলো বছ একে নহয়! সকলো কম্পেনী একে নহয়!
সদায় সচা কবা।
সত্যয় সদায় জয়।
বিশ্বাসঘাটকতা কৰাটো বেয়া।
এইবোৰ কথা তেনেই ভিত্তিহীন কৰ্প’ৰেট জগতত। আপুনি যদি দিনটোত কমেও দহটা মিছা কথা নকয়¸ আপুনি কৰ্প’ৰেটত থাকিবই নোৱাৰে।
কোনোবা ক্লায়েন্ট আহিলে কেতিয়াবা বছে কয়¸ ’মই নাই বুলি কোৱা’। আপুনি বছৰ অৰ্ডাৰ ফ’লো কৰিলে। এয়া কৰিলেনে মিছাৰ সমৰ্থন!
পৰিস্হিতি চম্ভালিবলৈ¸ আগবাঢ়ি যাবলৈ কিমান দুৰ্নীতিৰ যে আশ্ৰয় লব লগা নহয়।
বহুতো ব্যবসায়িক ফাৰ্মেতো শুদ্ধকৈ চৰকাৰক টেক্সো নিদিয়ে।
মই যেতিয়া বিভাগ এটাৰ পৰিচালক হৈ আছিলো¸ নিজেই শ্ৰম পৰিদৰ্শকক ঘোচ দি ষ্টাফ পে বুকখনত চহী কৰাই এপ্ৰুভ কৰি আনিছিলো।
মই ব্যক্তিগতভাবে কৰ্প‘ৰেটৰ পৰ্য্যটন খণ্ডৰ বিষয়ে ভালকৈ জানো। যিহেতু দহবছৰ কাল সেইটো খণ্ডতে আছিলো। (কিছু ব্যক্তিগত সমষ্যাত আঁতৰি আহিব লগা হয়। সেয়া বেলেগ বিষয়।)
ভাললগা বেয়ালগা দুয়োটা দিশৰ সৈতে মই পৰিচিত। মোৰ বিভিন্ন অগ্ৰজ¸ অনুজ সতীৰ্থ এতিয়াও সেইটো খণ্ডত নিয়োজিত হৈ আছে। গতিকে সকলো কোৱাতো অনুচিত। সেয়ে ক্ষমাপ্ৰাৰ্থী তেওলোকৰ ওচৰত।
’অতিথি দেবো ভব:’ -বুলি কোৱা দেশৰ মানুহ আমি। পৰ্য্যটন খণ্ডত আলহীক অভ্যৰ্থনা কৰি আমি খুবেই সুখী। বিভিন্ন ঠাইৰ¸ সংস্কৃতিৰ¸ বিভিন্ন ভাষাভাষী মানুহ লগ পোৱা যায়। এককথাত কবলৈ গলে বিশ্বৰ এটা অংশ দৰ্শন হয় বুলি কলেও ভুল কোৱা নহয় চাগে। আটাইতকৈ ভাল লগা অভিজ্ঞতা হল পশ্চিমীয়া দেশৰ নাগৰিকৰ জীবনধাৰাক ওচৰৰ পৰা দেখাতো। বয়স যিমানেই নহওক¸ তেওলোক কিমাম কৰ্মঠ। কিমান সক্ৰিয়। পয়ষষ্ঠি¸ সত্তৰ বছৰীয়া লোকজনেও পিঠিত প্ৰকাণ্ড বেগটো কঢ়িয়াই ফুৰ্তিৰে খোজকাঢ়ে। পুৱাই সোনকালে উঠে। যেন ঘড়ীৰ কাটাত বন্ধা ৰুটিন। নিজৰে লাজ লাগি যায়।
আনহাতে কিছুমান দেশীয় আলহী আছে। যিয়ে আহিয়ে গৃহস্হক কামুৰিবলৈ লাগি যায়।
পৰ্য্যটন খণ্ডৰ এটা কলা দিশ হল ’প্ৰষ্টিটিউচন’ৰ সমষ্যা। বহুক্ষেত্ৰত সকলো দেখি শুনিও নিৰব হৈ থাকিব লগা হয়। বিভিন্ন কোম্পানিৰ উচ্চপদস্হ বিষয়াসকল চেক্ৰেটেৰী যুবতী বা কৰ্মচাৰী যুবতীৰ লগতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। মই নিজে দেখাত আগশাৰীৰ উদ্যোগ এটাৰ বিভাগীয় মুৰব্বী এজনক তলতীয়া যুবতীৰ সতে প্ৰায়ে দেখা গৈছিল। কৰ্প’ৰেটৰ বেজ পৰিহিত নামমাত্ৰ যৌন উত্তেজক বস্ত্ৰ পিন্ধি অহা যুবতী গৰাকীয়ে বাহিৰৰ পৰা অহা মিডিয়া ফ্ৰেণ্ডজনৰ কোঠালৈ যাবলৈ বাক-বিতণ্ডাত লিপ্ত হৈছিল। নকলেও হব যে মানুহৰ বেশভুষা¸ অাচাৰ-ব্যবহাৰৰ পৰাই মানুহৰ মনোভাবৰ সম্ভেদ পাও।
তথাকথিত ষ্টুডেন্ট কেইগৰাকীমানে মনে মনে ৰুম চেঞ্জ কৰি লৰা-ছোৱালী একেলগে নৈশযাপন কৰিছিল। বহুকথা চকুত পৰিলেও আমি অন্ধ। এইবোৰ কথাৰ কিন্তু কোনো প্ৰমান দিবলৈ মই অপাৰগ। ইয়াক কোনোবাই বিতৰ্কৰ মাজলৈ আনি কেচ কৰিলেও ৰাজহুৱা ক্ষমা খোজাৰ বাহিৰে আন কিবা কৰিবলৈ মই অপাৰগ।
মই জানো¸ আপোনালোকৰ মনত এটা প্ৰশ্ন চাগে উদয় হৈছে যে¸’ ই বেটাই সমালোচনা কৰিছে যে নিজে কিমান ভাল।’
হয়। ময়ো ভাল নহয়। গেষ্টৰ সৰলতাৰ সুযোগ লৈ বহুবাৰ প্ৰকৃত বিলতকৈ অত্যাধিক টকা লৈ পকেটত সুমুৱাইছো। বিশেষকৈ অসহায় হৈ পৰা¸ টকা-পইছাক বেছি গুৰুত্ব নিদিয়া টুৰিষ্টক কেব এৰেঞ্জ কৰি দিয়াৰ বিনিময়ত¸ এয়াৰ টিকেটত¸ ডলাৰ একচেঞ্জত মোটা অংকৰ কমিচন লৈছো ট্ৰেভেল এজেঞ্চীৰ পৰা। বিবেকৰ দংশনত বহুবাৰ ভুগিছো। কিন্তু বাধ্য। কৰ্প’ৰেটৰ আনবোৰ চেক্টৰৰ তুলনাত পৰ্য্যটনত দৰমহা বহু কম।
হয়তো অবিশ্বস্য যেন লাগিব আপোনালোকৰ!
হয়! যিদৰে আপোনালোকে বিশ্বাস নকৰে ইণ্ডাষ্ট্ৰিত থাকিও যিদৰে আজিলৈ মাথো এদিনেই এটা পেগ ভডকা খাইছিলো। সেয়াও সতীৰ্থই চলনা কৰি।
মোৰ ৱেইট সত্তৰ কেজি¸ হাইট ৫’৬’’।
বয়স আজিৰ তাৰিখত ত্ৰিশ বছৰ এমাহ বাইশ দিন। বিশ্বাস কৰিবনে??
জানো নকৰে! মোৰ ভৰা মুখ¸ ৰুক্ষ গাল¸ ঘন ডাঢ়িয়ে অধিক বয়সীয়াল যেন দেখাই।
এই যে কথাবোৰ কলো¸ মাথো মোৰ ব্যক্তিগত অনুভবহে। আমাৰ বংশত সকলো আছে। মাথো ডক্টৰক বাদ দি। হায়াৰ ছেকেণ্ডাৰীত আৰ্টচত এডমিচন লোৱাৰ দিনাই সেই বাসনা নিৰ্বাপিত হৈছিল! ডিগ্ৰী পঢ়ি থাকোতে ভাবিছিলো¸ এদিন পি এইচ ডি কৰিম। নামৰ আগত ডক্টৰেট লগাম! ৰিচাৰ্ছৰ টপিক এটাও ভাবি থৈছিলো¸ ’দক্ষিণ কামৰূপৰ সুৱঁৰী উৎসব¸ দধিমন্হনৰ পৰম্পৰা।’
পিছে নহল! সময়ে নি কৰবাতহে পেলালেগৈ। এতিয়া এনেকৈয়ে জীবন। এনেকৈয়ে সুখী। সপোনবোৰ উত্তৰ প্ৰজন্মলৈ এৰিছো!
বেছিকৈ লিখি আৰু ব’ৰ নকৰো। ৰস কিবা বিচাৰি পাবনে নাই নাজানো। মাথোন শেষত আটাইলৈ এটাই অনুৰোধ¸ যেন কোনেও বিতৰ্কৰ মাজলৈ টানি নিনিয়ে।

পি কে
২২ মে ১৭

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib