ভগবান আছেনে নাই? বিশ্বাস কৰেনে ভগবান?
যদি ভগবান আছে¸ তেন্তে ভুতো আছে।
-সৰুৰে পৰা আইতাৰ মুখত এনেবোৰ কথা শুনিয়েই ডাঙৰ হৈছো। সৰুতে বাঘৰ আগতেল খোৱা অঘাইটং আছিলো। হলেও দিনতহে। সন্ধিয়া হলেই শেতেলীতে সৰুপানী চুও।
ভয় লাগে। ভুত বুলি নহয়¸ আন্ধাৰলৈ।
স্কুলত চাৰসকলে কয়¸ ভুত নাই মিছা কথা। এয়া মনৰ ভ্ৰম। ভয়েই ভুত।
বিশ্বাস কৰো। চাৰেতো আৰু মিছা নকয়। কোনোবাই ভুতৰ কথা কলে সাধু বুলি শুনো। বিশ্বাস নকৰো।

কিন্তু পৰবৰ্তী সময়ত যি দেখিলো¸ গাৰ নোম শিয়ৰি উঠিল।
২০০০ চনত মোৰ আইতা ঢুকাইছিল। তেতিয়া মই ক্লাছ এইটত। মই আইতাৰ জিউলাও আছিলো। দুখো লাগিছিল বহুত। আইতা থাকোতে যিমানে দুষ্টামি নকৰো কিয় মায়ে গালি পাৰিব পৰা নাছিল।
ৰাতি আইতাক ভোজ দিলো বাৰীৰ আমজোপাৰ তলত কলপাতেৰে সজা ঘৰটোত। মানুহবোৰে কোৱা শুনিছিলো যে মৃতকে স্পৰ্শ নকৰিলে কুকুৰেও সেই সাজ ভাত ভক্ষন নকৰে। মৃতকে বিভিন্ন ৰূপ ধৰি আহে হেনো। অঘাইটং লগৰ দুটাৰ লগত অলপ আতৰত ৰৈ থাকিলো। প্ৰায় দহমান বজাত ৰাতি দেউতাহঁতে আইতাক ভোজ দিলে¸ ইপিনে ৰাইজেও হৰিধনি দি খাবলৈ বহিছে। লগৰ দুটাৰ লগত ঢেকীঁঘৰৰ পৰা আমগছজোপাৰ তললৈ চাই আছো মই। প্ৰায় ত্ৰিশফুটমান দুৰত্বত। স্পষ্ট চকুৰে দেখাপালো হঠাতে পাঁচশ পাৱাৰৰ হেলজেনৰ সমানকৈ একমুহুৰ্তৰ বাবে কলপাতৰ ঘৰতো পোহৰ হৈ উঠিল। আমি উচপখাই উঠিলো। পোহনীয়া কুকুৰটোৱে বাৰে বাৰে মুৰতো কলপাতৰ ঘৰৰ ভিতৰলৈ সুমুৱাই দি আকৌ ভুকি ওলাই আহে। পুৱালৈ দেখিলো¸ ভোজ পুৰা চাফা। কুকুৰে খাই শেষ কৰিলে।
ৰাতিয়ে ঘটনাটো দেউতাহঁতক কৈছিলো। খুউব গালি পাৰিছিল।

দ্বিতীয়টো ঘটনা ২০০৮ত। ছমাহমান হৈছে কামত জইন কৰা। সপ্তাহত তিনিদিন নাইট¸ তিনিদিন ইভিনিং। ফ্ৰণ্টডেস্কৰ ডিউটি। চফ্টৱেৰৰ কামখিনি কৰি বাৰটামান শুই যাও। ৰাতি মাথো সমুখত তিনিজন থাকে। চিকিউৰিটি গাৰ্ডজন¸ মই আৰু হাউচকিপিঙৰ লৰাটো। বাৰটাৰ পিছত হাউচকিপিঙৰ লৰাটোৱে কাউন্টাৰৰ ভিতৰত মেট্ৰেছ এটা আনি মোক বিচনাখন পাৰি দিয়ে। ৰাতিপুৱা ৫টা মানতে উঠাই লৈ যায়। সিঁহত দুটা কাউন্টাৰৰ বাহিৰত শোৱে।
মোৰ কাউন্টাৰৰ পৰা পশিচফুট মান দুৰত কেচ কাউন্টাৰটো। গগৈ উপাধিৰ মাথো এজনেই কেচিয়াৰ। ইনহাউচ ডিউটি। ৰাতিপুৱা সাতটা মানৰ পৰা ৰাতি দহটামানলৈ থাকে। মাজে মাজে দুঘন্টা মানৰ বাবে ওলাই যায়। দুজন কেচিয়াৰৰ এজন কেইবছৰমান আগতে বিল্ডিঙৰ পৰা পৰি মৰা বুলি শুনিছিলো।
লগৰ দুজনে কৈছিল ৰাতি পেচাব লাগিব মাতিবলৈ। ডেকালৰা কি ভাবিম! তাতে কোনেও একো কোৱাও নাছিল।
এদিন ৰাতি দুইমান বজাত পেচাব লাগিল। লগৰদুটা টোপনিত লালকাল। কেচ কাউন্টাৰৰ কাষতে কমন বাথৰুম। টোপনিৰ জালেৰে দেখিলো¸ কেচিয়াৰজনে কাম কৰি আছে। কেচ কাউন্টাৰৰ লাইট জলি আছে। এনেয়ে দহটাতে লাইট অফ হয়। বাথৰুমৰ লাইটো জলি আছে।
: গগৈদা¸ শোৱা নাই। -টোপনিৰ জাল জাল ভাবেৰে মাতষাৰ লগাই বাথৰুমত সোমালো। মই ভিতৰত থাকোতে দুবাৰমান বাথৰুমৰ লাইট ধিমিক ধামাক মাৰিছিল। ওলাই আহোতে দেখিলো কেচৰ লাইট অফ। গগৈদা গল চাগে।- সেইবুলি ভাবি আহি শুই থাকিলো।

ইমান ৰাতি আপুনি কিয় কাম কৰি আছিল?- ৰাতিপুৱা যেতিয়া তেওক শুধিলো¸ তেও নাৰ্ভাচ। তেও ঘৈনীয়েকৰ শপত খোৱাতহে মই বিশ্বাস কৰিলো। লগৰ দুজনেও কলে আচল কথাটো। মৰা কেচিয়াৰজনৰ আত্মাটোৱে হেনো মাজে মাজে ওলাই থাকে।
কথাটোৱে চেবালে¸ মই টোপনি জালেৰেও স্পষ্ট দেখিছিলো মানুহজনে ৰুলাৰ চাৰ্ট পিন্ধা¸ অথচ গগৈদাৰ এটাও ৰুলাৰ চাৰ্ট নাই। তেও নিপিন্ধেই।
আত্মাটোৱে কাকো আমনি নকৰে। মাথো বাথৰুমত ৰাতি কোনো নাযায়। বাহিৰৰ পথৰ কাষৰ নলাতে কামফেৰা কৰে। শুনাৰ পিছত ৰাতিলৈ অকলে কেচ কাউন্টাৰৰ কাষলৈ যাব নোৱাৰা হলো। সেইদিনটোৰ পিছত বহুদিন ৰাতি অফ কৰি যোৱাৰ পিছত কেচ কাউন্টাৰৰ লাইট জলি থকা দেখিছো¸ কিন্তু মানুহজন আত্মাতো। আৰু নেদেখিলো।

নেক্সট ২০১৩ চনত। তেতিয়া উলুবাৰীত। দুটা চাকৰী সলাই তৃতীয়টো। মানুহবোৰে কোৱাকুই কৰা শুনো ডাঙৰ ব্ৰিজ¸ ডাঙৰ বিল্ডিংবোৰত হেনো নৰবলি দিয়ে। বিশ্বাস নকৰো। কিন্তু প্ৰকাণ্ড নিউজ টাইম বিল্ডিঙৰ ওপৰৰ সাতটা ফ্লোৰ ৰাতি খালি হৈ থাকে। একেবাৰে টপ ফ্লোৰত থাকো আমি। এটা ফ্লোৰতেই হোটেল। বিজনেচ ক্লাছৰ সুন্দৰ ১৮টা ৰুম¸ কনফাৰেঞ্চ হল¸ লবী। একেবাৰে ভিতৰৰ ফালে কিটচেন। তেতিয়া কন্টিনিউ নাইট ডিউটি কৰো। দিনত বেলেগ এঠাইত কাম কৰো। মোৰ কাউন্টাৰৰ ওচৰতে লবী এৰিয়াত প্ৰকাণ্ড প্লাজমা টিভিটো। ৰাতিলৈ আমাৰ মছলিছ চলে। ১২:৩০ মানত মোৰ কম্পিউটাৰৰ কামখিনি কৰি গোটেইকেইজন টিভিৰ আগত বহি যাও। মই¸ চিকিউৰিটি¸ হাউচকিপিং¸ চাৰ্ভিচৰ লৰাটো¸ কুক আটায়ে মিলি দুটামানলৈ আড্ডা দিও। তাছ খেলো¸ বাকীকেইটাই মদখাই¸ মই ক’ল্ডড্ৰিংকচ খাও। কুকে চিকেন কাটি ভাজি আনে। কেতিয়াবা প্ৰন¸ মাটনো থাকে। কাজু¸ চীনাবাদাম এসোপা আগত লও। ফকটীয়া বস্তু। পৰাখিনিলৈ খাও। মুঠতে সেইদৰে আড্ডা দি চিকেন চোবাই¸ বাদাম খাই বিৰাট ভাল লাগে।
সেইদিনা সিহঁতি মদ অলপ বেছিকৈ খাইছিল। ভেট৬৯ হাফ এটা পাইছিল। অলপ খাব থাকি গল। মাংস শেষ। হবই¸ সিহঁতি মদৰ লগত এপিচ খালে চফটড্ৰিংকচৰ লগত মই দুপিচ খাও। কোনো কথা নাই। চিকেন বনাব কিটচেন পালোগৈ। লগত চাৰ্ভিচৰ লৰাটো। কুকে নাহে মদ এৰি। ভাগ নাপাব হেনো। সময় ২:১৫ মান হৈছিল নেকি। দুয়ো চিকেন বনাই আছো। হঠাতে পিছপিনে গোটেই বাচনৰ ৰেকখন বাগৰি পৰিল। উচপ খাই দুয়ো উভতি চালো।
কিন্তু কতা! এপদ বস্তুও পৰা নাই দেখোন। আকৌ অলপ পিছতে শুনিলো বাচন ধুৱাৰ শব্দ। বাচন ৰেকত থোৱাৰ থাং থাং শব্দ।
আৰু ৰব নোৱাৰি! সেই কথাই কথা নহয় বুলি দুয়ো চিকেন এৰি একে দৌৰে সমুখ পালোহি। ভয়তে দুয়োৰে অবস্হা নাই। সেই ৰাতি কোনেও সেইফালে নগলেই আৰু।
কিটচেনত কিবা এটা থকা বুলি শুনিছিলো। কিন্তু তিনিবজাৰ আগতে ওলাব বুলি ভবা নাছিলো।
সেইদিনাৰ পৰা একবজাৰ পিছত আৰু কিটচেনত নাযাও।

তাৰপিছত ২০১৫ চনত লগ পালো। অবশ্যে সেইবাৰ ভয়খোৱা নাছিলো। গেষ্ট এজন হোটেলতে ঢুকাইছিল। মাজে মাজে বোলে দেখা দিয়ে। মই কোনোদিনে দেখা নাপালো। মাথো ৰাতি কেতিয়াবা উৎকট ধুপৰ গোন্ধ নাকত লাগিছিল। মাজে মাজে সেইটো গোন্ধ পোৱা যায়। সেইখিনি সময়ত আৰু কোনো সেইফালে নাযায়।
কোনোবাই বিশ্বাস কৰেনে নাই নাজানো! কিন্তু এই সকলোবোৰ ঘটনা সম্পুৰ্ণ সজ্ঞানে হৈছিল। সেইবোৰ কাৰক যে প্ৰাকৃতিক নাছিল¸ মই নিশ্চিত।
ইয়াৰ পিছত ইশ্বৰৰ কৃপাত আজিলৈ সেইবিধৰ আৰু দৰ্শন হোৱা নাই।
0 comments:
Post a Comment