Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

পিতা

Unknown

: পোনা¸ অই পোনা
- চাইকেলখন বেৰত আউজাই চোতালৰ পৰা পুতেকক ৰিঙিয়াই মাতিলে সি।
: তই আহিলি পিতা।
- পোনা¸ আইজনী আৰু কণ দৌৰি আহিল। তাৰ হাতৰ মোনাখনৰ পৰা মুড়ি লাৰুৰ পেকেটতো লৈ তাই কণৰ কাষ পালেগৈ। ইতিমধ্যে কণে বায়েকৰ হাতৰ পেকেটতো ফালিলেই। অলিখিত নিয়ম সেয়া। বজাৰলৈ গলে মদনে তাইলৈ মুড়ি লাৰু আনিবই লাগিব। তাই বৰ ভাল পায়।
: ল তোৰ ফিজ।
- সি আগবঢ়াই দিয়া পাঁচশটকীয়া নোটখন হাতপাতি ললে পোনাই। তাৰ মনটো এতিয়া ফৰকাল। যোৱা দুদিন মনটো মাৰি আছিল।
মদনৰ ভাল লাগিল। ঘৈনীয়েকক বিচাৰি পাকঘৰ পালে সি। মাছকেইটামান আনিছে। জীয়া কাৱৈ।
: হো¸ এয়া ল
- পাচলিৰ মোনাখন পাকঘৰৰ বেৰত আওজাই থলে সি। জীয়া মাছকেইটা সৰু চৰিয়াটোত বাকী দিলে। ঠোঙাৰ পৰা মুকলি হৈ ধৰফৰাই জপিয়াই উঠিল মাছকেইটা।
: আপুনি আহিল? দাম পালেনে অলপ?
- মাছকেইটালৈ চাই ঘৈনীয়েকে কৈ উঠিল। ডাঙৰ দলাখনত পাচলিখিনি ঢালি দি মোনাখন বেৰত ওলোমাই থলে তাই।
: আগৰ বজাৰ নাই অ’। বেপাৰীয়ে দামেই নিদিয়ে।
- কৈ উঠে সি।
: লেবু চৰ্বত বনাচোন বৰ ভাগৰ লাগিছে।
- কৈ কৈ থকা ঘৰলৈ আহিল সি।
প্ৰকাণ্ড চোতালখনৰ এটা মুৰে থকা ঘৰটো। কাষতে পাকঘৰটো। আনফালে গোহালি আৰু ঘেকীঘৰটো।
টঙটঙীয়া ৰ’দত যেন চোতালখনেও জুইহে বৰষিছে। খালী ভৰিৰে খোজ দিবই নোৱাৰি। দৌৰ মাৰি ঘৰটোত সোমাল সি।
: ধেৎ চাল্লা¸ গছৰ মুড়া…
-পৰম বিৰক্তিত সমাজবৰ্জিত শব্দকেইটা মুখৰ ভিতৰতে ভোৰভোৰালে মদনে।
জেঠমহীয়া উৎকট গৰমত ফেনৰ চুইটচ্ দিয়াৰ পিছতো যেতিয়া নুঘুৰিল তেতিয়াহে গম পালে কাৰেন্ট নাই। গৰমৰ দিনকেইটাত এইটোৱে অশান্তি। লগা সময়খিনিতে নাথাকে। অথচ বৰ্ধিত লাইটৰ বিল নিয়মিয়াকৈ আহে।
সমাজ বৰ্জিত শব্দ কেইটা আকৌ এবাৰ ভোৰভোৰালে সি।
অকমান আগতে পাচ কিলোমিটাৰ চাইকেল চলাই আহিছে। ঘামত সৰ্বশৰীৰ তিতি গৈছে তাৰ। খুউব ভাগৰ লাগিছে।
কাপোৰখিনি সলাই গামোচাখন পিন্ধিলে সি। গেঞ্জী চাৰ্ট সম্পুৰ্ণ ঘামত তিতিছে। বাৰাণ্ডাৰ বাঁহৰ তাৰডালত কাপোৰখিনি মেলি দি বাৰাণ্ডাতে মুঢ়াটোত বহিল সি। বিচনীখনেৰে বিছি থাকি বিৰক্তি লাগে তাৰ। গৰমত কষ্ট কৰি উঠি আকৌ কষ্ট কৰি বা লবলৈ ইচ্ছা নাযায়। কিন্তু উপায় নাই। কাৰেন্টে জলাকলা খুৱাইহে এৰিছে।
: লওক
ঘৈনীয়েকে আগবঢ়াই দিয়া নেমু চৰ্বত গিলাচ ঘোটঘোটকৈ পি খালে সি।
উস: ৰক্ষা। - এতিয়াহে যেন উশাহটো ঘুৰি আহিছে।
ৰাতিপুৱাই পান¸ তামোলখিনি পাৰি বজাৰলৈ বেচিব লৈ গৈছিল। দেওবৰীয়া সাপ্তাহিক বজাৰখনলৈ পাচ কিলোমিটাৰ যাব লাগে।
মুৰৰ ওপৰত ৰ’দটো খাও খাও মুৰ্তি ধৰি ওলাই আহিছে। সেইযে টিভিত দেখুৱাই সুৰ্য্যটোৱে পাইপ এডালেৰে শৰীৰৰ পানীবোৰ শুহি দুৰ্বল কৰি পেলাই¸ তাৰো তেনেকুৱা লাগিছে।
: মাছকেইটা কিহেৰে বনাম? ঔটেঙা নাইচোন!
-ঘৈনীয়েকে পাকঘৰৰ পৰাই ৰিঙিয়ালে।
: হেৰৌ¸ ঠেকেৰা আছে নহয়! নহলে চেকাৰটেঙাৰে বনা। এই গৰমত ঔ পাৰিব যাব নোৱাৰো এতিয়া।
-ভেকাহি মাৰি কৈ উঠে সি।
তাই তাপ মাৰিলে। খং উঠি আহে তাৰ!
ঘৈনীয়েকজনীয়ো নহয়¸ চব কথা মুৰামুৰি সময়তহে কয়। পিছমুহুৰ্ততে বেয়া লাগে তাৰ। গিৰিয়েকে কি ভালপাই তাই জানে। তথাপি এবাৰ এনেকৈ সুধি ভালপায় তাই।
বজাৰৰ হিচাপখিনি মনতে এবাৰ জুকিয়াই চালে সি। ছয়পোন তামোল আৰু তিনিটা পান বেচি পালে ছশ ত্ৰিশ টকা। বজাৰ কৰিলে আশী টকাৰ। পাঁচশ পঞ্চাশ টকা আছে।
পুতেকৰ ফিজটো দিলে। হওক তেও¸ চিন্তাটো দুৰ হল।
পুতেক কালিলৈ শিক্ষামুলক ভ্ৰমনত যাব কলেজৰ পৰা। কুটুৰি আছিল মাকক টকাকেইটাৰ কাৰণে।
: যদি পঢ়ুৱাবলৈ ক্ষমতাই নাই¸ পঢ়ুৱাইছ কেলৈ?
- পুতেকে খঙতে কৈছিল পৰহি। ইতিমধ্যে চবেই ফিজখিনি জমা দিলে। সিহে দিব পৰা নাই।
মদনে চাকৰী নকৰে। লাগ বুলিলেই পুতেকক টকা দিয়ে কৰপৰা। খেতিয়ক মানুহ হাতত টকা নাথাকেই। ভাতমুঠি ঘৰৰে¸ পাচলিখিনিও বাৰীৰ।
: হেৰৌ পোনা¸ অধৈৰ্য্য হৈছ কিয়? তোক দিম নহয় দেওবাৰে।
- কৈছিল সি।
: দেওবাৰে কলেজ খোলা থাকে নেকি?
-পুতেকৰ খং উঠিছিল। চবৰে শেষত জমা দিবলৈ হয়তো সি লাজো পাইছিল।
মদনে বুজে। লগৰ লৰাবোৰে লাগ বুলিলেই দিব পাৰে¸ সিহে নোৱাৰে। চাকৰীয়াল বাপেকবোৰৰ সমষ্যা নাথাকে। অসুবিধাৰ বাবে নিজে পঢ়িব নোৱাৰিলে। সেয়েহে কষ্টকৈ হলেও পোনাক পঢ়ুৱাইছে। কিন্তু পোনাৰ কথাষাৰে চিন্তাত পেলালে তাক।
: দুখীয়া ঘৰৰ সন্তান বোৰৰ বাৰু সচাকৈয়ে শিক্ষাগ্ৰহনৰ অধিকাৰ নাই নেকি! মেধা থাকিলেও অভাবৰ বাবেই কৰবাত হেৰাই যায়।
আজিলৈ টিউচন এটাও নোহোৱাকৈয়ে সি পাছ কৰি আহিছে। পঢ়াতো বেয়া নহয়। কিন্তু ভবাধৰণেৰে সি মানুহ কৰিব পাৰিবনে!
- গভীৰ চিন্তাত ডুব যায় মদন।
একেযোৰ কাপোৰেৰেই দুটাকৈ বছৰ পিন্ধিলে পোনাই। চাৰ্টতো কেবাঠাইতো ফাঁহিছে¸ তেনেকৈয়ে পিন্ধিছে সি। মদনে দেখিছে¸ তথাপি নতুনকৈ এটা দিব পৰা নাই। তলৰ দুটাৰ কথাও ভাবিব লাগে।
হয়তো লগৰবোৰে ফিচিঙা ফিচিঙি কৰে। চাগে হীনমান্যতাত ভোগে সি। তাৰো মন যায় বাকীসকলৰ দৰে থাকিবলৈ।
মদনৰ মনটো বেয়া লাগে। তাৰো মন যায় লৰা-ছোৱালীকেইটাক ভালকৈ পিন্ধাব। ভালকৈ খুৱাব।
দামী স্কুলত পঢ়াব।
কিন্তু সি নোৱাৰে।
সামান্য খেতিয়কহে সি।
সি অপাৰগ।
পাটিৰ তিৰোতাজনীক বিহু¸ পুজাত ব্লাউজ এটা দিবলৈকো ভাবিব লগা হয়।
ভাল গিৰিয়েক হব পৰা নাই।
ভাল পিতাক হব পৰা নাই।
মদনৰ দুখ লাগে।
চৰকাৰৰ আঁচনিসমুহ যে ফুটুকাৰ ফেন সি জানে। মাথো কেইহাজাৰমান টকাৰ বাবে চাকৰীটো নহল তাৰ। অশেষ কষ্টকৈ পঢ়ি ভালকৈ মেট্ৰিক পাছ কৰিছিল সি। সেই চিষ্টেমটো আজিও আছে। সাধাৰণ শ্ৰেনীৰ সিহঁতৰ সন্তানে কোটাও নাপায়। মদনে বুজি পায়¸ ভালদৰে সুবিধা দিব নোৱাৰিলে মেধা কেনেকৈ বিকশিত হব! গভীৰ হুমুনিয়াহ এটা ওলাই আহে তাৰ!
: হেৰি¸ ভাত হল। যাওক গাটো ধুই আহক।
-ঘৈনীয়েকৰ মাতত ভাবত যতি পৰে তাৰ। সি বহাৰ পৰা উঠিল।
হাতত গামোচাখন লৈ কুঁৱাৰ পাৰলৈ খোজ দিলে।
কাৰেন্ট এতিয়াও অহা নাই।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib