তুমি ড্ৰিংকচ কৰা নেকি?
- এটা পোনপটীয়া প্ৰশ্ন।
: নকৰো। আই হেট দিছ বেড হেবিট।
মোৰ ঘৰত ৰাগিয়াল বস্ত নিষিদ্ধ।
: গুড। ৱী উইল গিভচ ইউ অনলী মেক্সিমাম থাউজেন ৰুপিজ মোবাইল এলাউঞ্চ। হেভ ইউ গাৰ্লফ্ৰেণ্ড?
: নো¸ ষ্টিল আইম বেচ্চেলৰ এণ্ড নো গাৰ্লফ্ৰেণ্ড। আইম এ ফ্ৰী বাৰ্ড।
- ইন্টাৰভিউ বোৰ্ডৰ সমুখত নিৰ্ভিকভাবে কৈছিলো। চাকৰী পালে পাম নাপালে নাই। নাজানো মোৰ যথাযথ স্পষ্ট উত্তৰবোৰ তেওলোকে কি ভাল পাইছিল। চাকৰীতো পাইছিলো। সেই মুহুৰ্তত চাকৰী এটাৰ দৰকাৰ খুবেই আছিল। সৰু অৰ্গেনাইজেচনটোৰ পৰিচালক হিচাপে দক্ষতাৰে কামবোৰ কৰিছিলো। খুউব সোনকালেই এম ডি¸ চি এম ডিৰ প্ৰিয়পাত্ৰ হৈছিলো। জুনিয়ৰ ষ্টাফ কেইজনমান জলিছিল। তেওলোকৰ দুৰ্নীতি আৰু কৰ্মত ফাকি দিয়া কামচোৰ প্ৰবৃত্তিত বাধা দিছিলো। বেছিভাগ কৰ্মচাৰীয়ে মোক ভাল পাইছিল। কৃটিম গাম্ভীৰ্য্য পৰিহাৰ কৰি চাৰৰ সলনি দাদা বা ভাইটি বুলি মাতিবলৈ অনুৰোধ কৰিছিলো। ঘৰুৱা বাতাবৰণত কামকাজবোৰ সুকলমে হয়।
ষ্টাফে মোক ভয় কৰা নাছিল¸ কিন্তু ৰেচপেক্ট কৰিছিল।

সন্মান দিলেহে সন্মান পায়।
সন্মান জোৰকৈ লোৱা বস্তু নহয়।
মই আখৰে আখৰে মানি আহিছো সৰুৰে পৰা।
সন্মান জোৰকৈ লোৱা বস্তু নহয়।
মই আখৰে আখৰে মানি আহিছো সৰুৰে পৰা।
ভয়বোৰ খন্তেকীয়া। ভয়ে কৰ্মস্পৃহা কম কৰে। মই নিজেই পুৰ্বৰ প্ৰতিস্হানৰ বিভাগীয় মুৰব্বীৰ ঘুচিয়াই নাক ভাঙি এমাহৰ দৰমহা এৰি আহিছিলো। একমাত্ৰ তেওৰ অসভ্য ব্যবহাৰৰ বাবে।
গুপ্তা উপাধিৰ হাৰিয়ানী মাৰোৱাৰী মানুহজন আছিল কোম্পানীটোৰ চি ই অ’। বৰ লেতেৰা মানুহজনৰ মুখখন। মনটোও অতিশয় লেতেৰা। প্ৰকাণ্ড চেহেৰাৰ কলা নাৰীলোভী মানুহজনক দেখিলেই অলপ হাৰামী যেন লাগে। তেওৰ চকুযুৰি যেন এক্সৰে মেচিনহে। ধুনীয়া যুবতী দেখিলেই ৰব নোৱাৰে মানুহজনে। কেতিয়াবা মন গৈছিল যেন প্ৰকাণ্ড লোৰ মাৰী এডাল লৈ মুৰটোৰ সোমাজত কোব এটা মাৰিম।
অসমীয়া মানুহৰ প্ৰতি যেন বিৰূপ মনোভাব আছিল তেওৰ। কিহৰ বাবে নাজানো¸ প্ৰথম দিনাৰ পৰাই মই তেওৰ অপ্ৰিয় আছিলো। ভুল হওক বা নহওক বেয়া শব্দৰে গালি দিয়াতো তেওৰ স্বভাব। বহুবাৰ চাকৰী এৰো বুলিয়ো এৰিব পৰা নাছিলো। লোভনীয় নহলেও চাকৰীটোৰ খুবেই প্ৰয়োজন। চাকৰীটো এৰি নতুন এটা বিচৰালৈকে এমাহ এনেয়ে যাব। উপায় নাই। দৰিদ্ৰ ঘৰৰ লৰাৰ মজবুৰী। কথাই প্ৰতি মাক-ভনীয়েকক ধৰি গালি দিয়া স্বভাবতো উত্তৰ ভাৰতত সুলভ হলেও¸ অসমীয়া সমাজত ই বৰ্জিত। অস্বস্তিত বহুবাৰ পৰিছিলো। ধৈৰ্য্যৰ বান্ধ চিঙি গৈছিল সিদিনা¸ যিদিনা পুৰ্ণহতীয়া ঘোচাত তেওৰ নাকেৰে তেজ বৈছিল।
ফলাফল দুমাহৰ লোকচান। মোৰ উপায় নাছিল। মানুহহে¸ সহ্য অতীত হৈ গৈছিল।
ফলাফল দুমাহৰ লোকচান। মোৰ উপায় নাছিল। মানুহহে¸ সহ্য অতীত হৈ গৈছিল।
পুৰ্ব অভিজ্ঞতাই মোক শিকাইছিল¸ মানুহক মৰমেৰেহে বশ কৰিব পাৰি। কিন্তু ভবা নাছিলো যে এদিন সেই ধাৰণাই মোক শলঠেকত পেলাব।
কৰ্মই ধৰ্ম বুলি ভবা লৰাটোৱে কৰ্মস্হানকো নিজৰ দ্বিতীয় ঘৰ বুলিয়েই ভাবিছিলো। হয়তো তাৰ বাবেই মালিক পক্ষৰ নয়নৰ মণি হৈ পৰিছিলো। লোকচানত ডুবি থকা সৰু কোম্পানীটোক এটা ভাল পৰ্যায়লৈ তুলি আনিছিলো।
সৰল সহজ মানুহে সহজে জালত ভৰি দিয়ে। পাকলগা কথাবোৰ মই সৰুৰে পৰা বেয়া পাও। নিজে খুউব প্ৰেক্টিকেল হলেও হৃদয় এখন আছে।এম ডিৰ অহেতুক মৰমৰ আঁৰৰ ৰহস্য বুজিব পৰা নাছিলো। দামী স্মাৰ্টফোন¸ লিভাইচ জিনচ্¸ ব্ৰেণ্ডেড চাৰ্ট¸ জোতাৰ উপহাৰবোৰ কৰ্মদক্ষতাৰ ফল বুলি ভাবি ভাল লাগিছিল।
এম ডিৰ দুৰ সম্পৰ্কীয় ছোৱালী এজনী আছিল। তলে তলে সেইজনীকে মোলৈ গোটোৱাৰ পাং পাতিছিল এম ডিয়ে। অলপ চঞ্চল¸ চৰিত্ৰহীন ছোৱালীজনী। বয়সতো মোতকৈ ডাঙৰ নহলেও যে সৰু নহয় মই নিশ্চিত।
: এম ডিৰ প্ৰস্তাব পোনচাটেই নাকচ কৰিছিলো মই। সাধাৰণ ঘৰৰ লৰা হলেও মোৰো ঘৰ এখন আছে। নিজস্ব মন এটা আছে। নিজকে বিক্ৰী কৰি দিবলৈ মইতো কোনো পদাৰ্থ নহয়।
এম ডিয়ে হয়তো ভুলতো ভাবিব পৰা নাছিল। মোৰ সৰলতাত চাগে ধাৰণা কৰি লৈছিল মই কাহানিও প্ৰতিবাদ কৰিব নোৱাৰো।
ইতিমধ্যে তাত কাম কৰি থকাতো মোৰ বাবে অসহ্যকৰ হৈ আহিছিল। প্ৰতিদিনে সেইজনীয়ে জলাবলৈ আৰম্ভ কৰিছিল। এম ডিৰ মোহভংগ হৈছিল। মোক ভাল লাগিলেই যে মোৰো ভাল লাগিব লাগিব তেনেতে একো কথা নাই।
স্বাভিমানী মই সেয়েহে এতিয়া নিজেই নিজৰ বছ। আমদানি বেছি নাই¸ কিন্তু সন্তুষ্টি আছে।
0 comments:
Post a Comment