ভুত এনে এটা বিষয় যিটো বিশ্বাসযোগ্যতা সমাজত ৫০-৫০¸ যিজনে লগ পাইছে তেও বিশ্বাস কৰিছে। যিয়ে মুখামুখি হোৱা নাই তেওৰ বাবে সাধু।
এইলানি লেখা কোনেও বিতৰ্কৰ মাজলৈ নিনিয়ে যেন। অবিশ্বাসীসকলে ৰসাল ভৌতিক কাহিনী বুলি পঢ়িব।
এইলানি লেখা কোনেও বিতৰ্কৰ মাজলৈ নিনিয়ে যেন। অবিশ্বাসীসকলে ৰসাল ভৌতিক কাহিনী বুলি পঢ়িব।
লগতে বিধিসন্মত সতৰ্কীকৰণ: যদি আপুনি ভয়াতুৰ আৰু ঘৰত অকলে আছে¸ তেন্তে এতিয়া নপঢ়িব।
মই অশৰীৰি শক্তিৰ মুখামুখি কেইবাৰমান হৈছো। অবশ্য আজিলৈ কোনো ভয়াবহ পৰিস্হিতৰ সমুখীন হোৱা নাই। ভালকৈ এবাৰ লগ পোৱাৰ ইচ্ছা আছে। কিন্তু সিমানখিনি সাহস গোটাব পৰা নাই এতিয়ালৈ।
আমাৰ ওচৰৰ গাঁওখনত এটা হত্যাকাণ্ড হৈছিল। পৰিয়ালৰ লোকে বোৱাৰী গৰাকীক ৰেপি ৰেপি হত্যা কৰিছিল।
অপৰাধী জেইলত এতিয়া।
কিন্তু ওচৰৰ মানুহে ৰাতি ৰাতি সদায় শুনে বাচন ধোৱাৰ শব্দ¸ ৰন্ধাৰ শব্দ¸ কুকাৰৰ হুইছেল¸ দমকল মৰাৰ শব্দ। মই নিজেও শুনিছো কিন্তু আগবাঢ়ি চাব যাবলৈ সাহস গোটাব পৰা নাই।
অপৰাধী জেইলত এতিয়া।
কিন্তু ওচৰৰ মানুহে ৰাতি ৰাতি সদায় শুনে বাচন ধোৱাৰ শব্দ¸ ৰন্ধাৰ শব্দ¸ কুকাৰৰ হুইছেল¸ দমকল মৰাৰ শব্দ। মই নিজেও শুনিছো কিন্তু আগবাঢ়ি চাব যাবলৈ সাহস গোটাব পৰা নাই।
মই সৰু থাকোতে প্ৰায়ে দুইমান বজাত শুনিছিলো¸ পদুলিৰে জুনজুনকৈ ঘোঁৰাৰ খুড়াৰ শব্দ গৈ থকা শুনিছিলো। সকলোৱে কৈছিল¸ সেয়া বুঢ়া গোঁসাই ডাঙৰীয়া। তেওৰ ফুৰাৰ সময়ত আমনি কৰা উচিত নহয়। একো শব্দ নকৰি কাণ উনাই শুনি থাকো। অবশ্যে আজি বহু বছৰ শুনা নাই। হয়তো পাপী হলো বাবেই নেকি!
মই সৰু থাকোতে আমাৰ এটা দ বহুদিনীয়া পুৰনি কুঁৱা আছিল। যিটো পিছলৈ দেউতা বৰতাহঁতে মাৰি দি দমকল বহাইছিল। কোৱা শুনিছিলো সেইটোত পিশাচিনীয়ে গা ধুইছিল হেনো। পুৱালৈ কুঁৱাৰ পানীত ফেন উঠি আছিল। বহুদিন ৰাতি মা আইতাহতে চক খাইছিল। ৰাতি লেট্ৰিনত যাওতে হৰহৰাই কোনোবাই পানী ঢালি গা ধোৱা শব্দ শুনিছিল।
পিছলৈ বেজ মাতি চৌহদ বান্ধি লোৱা হৈছিল।
পিছলৈ বেজ মাতি চৌহদ বান্ধি লোৱা হৈছিল।
আমাৰ ওচৰৰ এঘৰৰ মহিলা গৰাকী কলেৰাত মৃত্যু হৈছিল। আমৰ দিনত নিতৌ ৰাতিপুৱাই তেও পকা আম বুটলিছিল। কাকো নিজৰ বাৰীত সোমাব দিয়া নাছিল। মৃত্যুৰ বত্ৰিছ বছৰ পিছতো এতিয়াও আম পকা সময়ত তেওক শেষৰাতি আম বুটলি থকা দেখা যায়। আজিলৈ কাৰো অন্যায় কৰা নাই আত্মাটোৱে। দেখিলে মানুহবোৰে উভতি যায়।
মোৰ দেউতাৰ তুলা ৰাশি। জীবনত বহুবাৰ তেও অশৰীৰী শক্তিৰ মুখামুখি হৈছে। তেওৰ মুখতেই বহুতো সিঁহৰণকাৰী কাহিনী শুনিছিলো। যিবোৰ তেওৰ জীবনত ঘটিছিল। আজি তেও মুখামখি হোৱা আটাইতকৈ সিঁহৰণকাৰী ঘটনাটো লিখিছো। বিশ্বাস কৰা নকৰাটো আপোনাৰ কথা।
নিৰ্জন ঠাইএখনত প্ৰকাণ্ড চৌহদটো। কাষেৰে ৰেল লাইন এটা গৈছে। ৰেল লাইটো পাৰ হৈ এখন নদী। দুশমিটাৰ দুৰত এখনি কবৰস্হান। টৌহদৰ কাইটীয়া বেৰৰ ফাকেৰে দেখা যায় কবৰস্হান আৰু নৈখন পাৰ। চাৰিওফালে মাথো বিস্তিৰ্ণ পথাৰ। লোকালয় তাৰ পৰা বহুত দুৰৈত।
ডাঙৰ কেম্পাছৰ ভিতৰত সৰু সৰু আবাস গৃহবোৰ। ৰাতি প্ৰায়েই অন্ধকাৰত ডুব গৈ থাকে কেম্পাছটো। বিজুলী বাতিৰ অনিয়মীয়া যোগানৰ বাবে চহৰৰ পৰা শ কিলোমিটাৰ আতৰত ভিতৰুৱা ঠাইত অবস্হিত কেম্পাছটো নিশা হলেই অন্ধকাৰ। কেম্পাছৰ ইটো ঘৰৰ পৰা সিটো ঘৰৰ মাজৰ দুৰত্বৰ বাবে নিশা বাৰাণ্ডাত থিয় হৈ চিঞৰিলেও কোনেও নুশুনে।

আপুনি অনুভব কৰকচোন! কেম্পাছৰ ৰেল লাইনৰ কাষৰ ঘৰটোতে আপুনি অকলে থাকে। ৰেলৰ উকিৰ শব্দত প্ৰায়ে ৰাতি সাৰ পাই আপুনি। এতিয়া অভ্যস্ত। বহল বাৰাণ্ডাখনৰ পৰা নামি বাওফালে চালেই দেখা যায় নিশাৰ অন্ধকাৰত ডুবি থকা কবৰস্হান। হয়তো সেইদিনা মংগলবাৰ। লেমৰ পোহৰত আপুনি কিতাপ এখন পঢ়ি আছে। দেৰিকে শোৱা আপোনাৰ অভ্যাস। হয়তো তেতিয়া বাৰটা বাজি গৈছে। তেনেতেই আপুনি সমুখীন হল অপ্ৰাকৃতিক শক্তি এটাৰ। কাৰো সহায় বিছাৰিবলৈয়ো আপুনি অপাৰগ। তেতিয়া? কি কৰিব আপুনি?
ঘটনাটো মোৰ দেউতাৰ লগত ঘটিছিল। ১৯৮৫ নে ৮৬ চনৰ ঘটনা। দেউতা তেতিয়া চফল ডেকা। মাক তেতিয়াও বিয়া কৰোৱা নাছিল। খাদী গ্ৰামোদ্যোগৰ কেন্দ্ৰ এটাত চাকৰী কৰিছিল তেতিয়া। ৰেল লাইনৰ কাষৰ প্ৰকাণ্ড ঘৰটোত অকলে থাকে। আগৰে পৰাই কিতাপ পঢ়া অভ্যাস¸ গতিকে দেৰিলৈকে পঢ়ি থাকে। সেইটো সময়ত আকৌ চিগাৰেট খাইছিল। মাথো চিগাৰেটহে দেই। বোধহয় মংগলবাৰেই আছিল সিদিনা।
অলপ অাগতে কিনকিনিয়া বৰষুণজাক দি আছিল। মাজে সময়ে ৰেল লাইনত গৰু¸ মানুহ মৰি থাকে। দেউতাই একো খেয়াল নকৰে।
সেইদিনাও আনদিনাৰ দৰে কিতাপ এখন পঢ়ি আছিল। ৰাতি বাৰটা বাজি গৈছিল। চৌদিশে কেৱল নিৰ্জনতা। হঠাতে দেউতাৰ চকুত পৰিল প্ৰকাণ্ড কোঠাটোৰ এটা কোণৰ ভেন্টিলেচনৰ পৰা কিবা এটা যেন জিলিকে উঠিছে। তেও টৰ্ছটো মাৰি চালে। দেখা পাই তেও চমকি উঠিল। এখনি কাপোৰ…

কিতাপখন সামৰি লেমতো বঢ়াই দি বিচনাখনত ভালকৈ বহি সেইফালেই চাই ৰল।
চাই থাকোতেই কাপোৰ খনি মেল খাই আহি থাকিল আহি থাকিল…
ছোৱালীৰ বস্ত্ৰ। এখনি নীলা শাৰী। শাৰীখনৰ প্ৰতিটো জাপ খোলখোৱাৰ লগেলগে যেন কাপোৰৰ জাপখোৱাৰ শব্দটো প্ৰতিধ্ধনিত হৈছে।
দেউতাৰ মনটো চেবালে। দেউতা অতিশয় সাহসী। আগতেও বহুবাৰ অপ্ৰাকৃতিক শক্তিৰ মুখামুখি হৈছে।
বিচনাৰ তলৰ পৰা ধাৰাল কেঁকোৰা দাখন উঠিয়াই কাষত থলে। কোৱাৰ্টাৰৰ সমুখৰ ঠাইখিনিতে দেউতাই পাচলি খেতি কৰিছিল।
সেয়ে শাকনিৰ বেৰ দিবলৈ দেউতাই দাখন কিনিছিল।

ঢৌ খেলি খেলি শাৰীখন দেউতাৰ ফাললৈ আহি থাকিল। দেউতাই ইমাৰজেঞ্জীৰ বাবে ৰখা মমদাল জলাই ললে। শাৰীখন কাষ পাওতেই মমৰ জুই লগাই দিলে। লগেলগে শাৰীখন অদৃশ্য হৈ গল। এটা মুহুৰ্ত মাত্ৰ। তাৰ পিছত আকৌ আগৰদৰে ঢৌখেলি আহি থাকিল। দেউতাই আকৌ জুই লগাই দিলে। আকৌ অদৃশ্য হৈ গল। আকৌ আহিল শাৰীখন ঢৌ খেলি খেলি।
যেন অশৰীৰীয়ে খেলহে খেলিছে দেউতাৰ লগত। সাহসৰ পৰীক্ষা লৈছে। সেই সময়ৰ দেউতাৰ মনৰ অবস্হা বৰ্ণনা কৰাটো কঠিন। তথাপি পুৰ্ব অভিজ্ঞতাক সুঁৱৰি অশৰীৰীৰ সমুখত ভয় খোৱা দেখুওৱা নাছিল। শাৰীখন ওচৰ পোৱাৰ লগেলগে তেও মমদালৰে পুৰিব খোজে। লগেলগে অদৃশ্য… আধাঘন্টা মানলৈ কেইবাবাৰো এই ঘটনাৰ পুনৰাবৃত্তি হল। তাৰ পিছত হথাতে আট্টহাস্য। নাৰী কণ্ঠৰ হাঁহিত কপি উঠিল ঘৰটো। দেউতাৰ ভয়ত অবস্হা নাই। কণ্ঠ ৰুদ্ধ হৈ সৰু পানী চুও চুও অবস্হা। মনৰ ভিতৰতে ইষ্ট দেবতাক স্মৰন কৰি কোনোমতে ভয় নোখোৱা যেন দেখুৱাই এহাতত মম দাল লৈ আনখন হাতত ধাৰাল দাখন হাতত লৈ বহি আছে। কিবা ওলালেই ঘাপ মাৰি দিম তেনে ভাবত। বহু সময়ৰ পিছত নাৰীকণ্ঠৰ আট্টহাস্য বন্ধ হল। এইবাৰ আকৌ সেই কণ্ঠই উচুপি উঠিল। একেবাৰে বুকু ভাঙি যোৱা কান্দোন। দিনত কোনেবাই তেনেকৈ কন্দা হলে চাগে কান্দোন শুনা সকলোৱে উচুপি উঠিলহেতেন!
কিন্তু সেয়া অশৰীৰী।

বহুসময় কান্দি কান্দি অদৃশ্য কণ্ঠটোৱে কৈ উঠিল¸ ’মই ৰীনা ডেকা। মোক সিঁহতে মাৰিলে। মাৰি পেলালে।’ তাৰ পিছত অশৰীৰিৰ উৎপাত বন্ধ। ইপিনে গাৰ নোম সিঁয়ৰি দেউতাৰ ভয়ত অবস্হা নাই। দাখন খামুচি গোটেই ৰাতিটো তেও বহি থাকিল।
সেইসময়ত কিছুদিন আগতে ৰীনা ডেকা নামৰ যুবতী এগাৰাকীক ধৰ্ষণ কৰি কোনোবাই ৰেল লাইনত পেলাই দিছিল।
ইয়াৰ পিছলৈ কোৱাৰ্টাৰ সলাই বেলেগ ঘৰলৈ আহিল তেও। সহকাৰীজনকো নিজৰ লগতেই ৰাখিবলৈ ললে। পিছলৈ আৰু কোনোদিনেই সেই আত্মাৰ মুখামুখি নহল।
0 comments:
Post a Comment