Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

সেয়া কোন আছিল!

Unknown

ভৌতিক আলোচনাৰ বিষয়টো এটা আচৰিত বিষয়। বহুতৰ মতে মাথো এডভেঞ্চাৰ আৰু অবিস্বাস্য। যি সকলে অস্তিত্ব অনুভব কৰিছে¸ তেওলোকৰ বাবে এশ শতাংশই সত্য। যাহওক¸ ধাৰণা এটা কাকো জোৰকৈ জাপি দিয়া উচিত নহয়। যিকোনো বিষয় ভালদৰে চালিজাৰি চাই সিদ্ধান্তত উপনীত হোৱাটো জ্ঞানীলোকৰ কাম।
ঘটনাটো ঘটিছিল মোৰ বন্ধু এজনৰ লগত। বেছিদিনৰ ঘটনা নহয়। চাৰিদিনমান আগৰহে। বিশ্বাস অবিস্বাস নিজৰ কথা।
-------------------------
: টুইংকল টুইংকল লিটিল ষ্টাৰ¸ হাউ আই ৱাণ্ডাৰ হোৱাট ইউ আৰ।
- সৰু ছোৱালী এজনীৰ কণ্ঠৰ ৰাইমচটো স্পষ্টকৈ ভাহি আহিছে। তেতিয়া ৰাতি বাৰ বাজি গৈছিল। চান্টুৰ প্ৰস্ৰাব লাগিছিল। ৰুমৰ পৰা মাথো পোন্ধৰ ফুট দুৰলৈ পিছফালে প্ৰস্ৰাব কৰিব গৈছিল সি। ৰাতিৰ কথা বাথৰুমত যোৱাৰ প্ৰয়োজনবোধ নকৰে। অকণমান দুৰত বাথৰুমটো। চান্টুই স্পষ্টকৈ শুনিলে¸ সৰু ছোৱালীজনীয়ে ৰাইমচ মাতিছে। ভুল শুনা বুলি কাণখন মোহাৰি ভালকৈ কাণ উণালে সি।
: টুইংকল টুইংকল লিটিল ষ্টাৰ…
স্পষ্টকৈ শুনিলে চান্টুৱে। তাৰ গাটো সিয়ৰি উঠিল। পাণ্ডব বৰ্জিত এই ঠাইখনত সিঁহতক তিনিটাক বাদ দি এই ৰাতি কোনো নাই। ভয়তে প্ৰস্ৰাব নকৰাকৈয়ে উভতি আহিল সি।
তাৰ যোৱাবাৰৰ ঘটনাটো মনত পৰিল। এনেকুৱা এটা ৰাতিতেই সি মুখামুখি হৈছিল। অবশ্যে সেইদিনা অকলে আছিল। আজি তিনিজন আছে।
ঠাইখিনি এনেয়ে অলপ জয়াল। দিনৰ ভাগতেই মানুহৰ আহজাহ কম। লোকালয়ৰ পৰা দুৰৰ ঠাইখিনি দুইফালে পাহাৰে আগুৰা। ওচৰতে সোৱণশিৰি নদী বৈ গৈছে। অলপ আতৰত এন এইচ পি চিৰ মেইন প্ৰজেক্টটো।
প্ৰকাণ্ড ঘৰটোত সেইদিনা সিঁহত তিনিজন আছিল। সি¸ গোহাইদা আৰু চিকিউৰিটি লৰাজন। আগদিনা কোটিটকাৰ সৰঞ্জামবোৰ আহিছিল¸ সেয়েহে চিকিউৰিটি এজনকো ৰাতি দিউটি দিছিল। এনেয়ে সিঁহত দুজনহে ডিউটিত থাকে। দুয়ো ইলেক্ট্ৰিচিয়ান। কাম বেছু নাই। মাথো ইয়াৰ পৰা এক কিলোমিটাৰ আতৰৰ প্ৰকল্পত নিয়মিয়া বিদ্যুৎযোগান চাই থাকিব লাগে। লাইটৰ পোহৰেৰে ৰাতিও দিনৰ দৰে পোহৰ হৈ থাকে ঠাইখিনি। দুৰ দুৰলৈ মাথো নদীৰ পাৰ খনহে। পৰুৱা এটাৰো অস্তিত্ব নাই।
: গোহাইদা শুনকচোন¸ ডাঙৰ কথা এটা হল।
- ফোপাই ফোপাই ৰুমত সোমাই ঘটনাটো কলে সি। তেওলোক দুয়োজনে কথা পাতি আছিল। সৰু ছোৱালীৰ কণ্ঠটো তেওলোকে শুনা নাছিল। কথাটো শুনা মাত্ৰকে গোহাইদাৰ মুখখন কেহেৰাজ বটা যেন হল। মানুহটো বৰ ভয়াতুৰ। তাতকৈ অলপহে ডাঙৰ। মাজে মাজে সৰু সুৰা দুই এটা ঘটনা ঘটিয়ে থাকে। কিবা এটা অশৰীৰি অস্তিত্বক গোহাইদায়ো বিশ্বাস কৰে। দুই এদিন তেৱো অনুভব কৰিছে।
চান্টুৱে আগতে এইবোৰ বিশ্বাস কৰা নাছিল। কোনোবাই কলে হাঁহি উৰুৱাই দিছিল। কিন্তু যোৱা বছৰৰ ঘটনাটোৱে তাক জোকাৰি গৈছিল। সি নিজ চকুৰে দেখিছিল¸ শ্মশানৰ ওচৰত দোভাগ ৰাতি বুঢ়াজন অদৃশ্য হৈ যোৱা। মনত পৰিলে তাৰ বুকুখন কপি উঠে।
বাহিৰত দৰ্জা খনৰ অলপ কাষতে প্ৰস্ৰাব কৰি উভতি আহিল সি। গোহাইদাৰ মুখত মাত নাই। চিকিউৰিটি লৰাটোও নিশ্চুপ। নতুনকৈ নাইট ডিউটি কৰিছে সি।
হঠাতে চান্টুৰ মনত পৰিল। তাৰ চিনাকী মানুহ এজন পেৰানৰ্মেল ইনভেষ্টিগেটৰ। আচলতে মানুহ নকৈ লৰা কলেহে ভাল হব। ভবাৰ লগে লগে ফোন কৰিলে সি। দুবাৰ ৰিং হোৱাৰ পিছত ফোনটো উঠালে তেও।
বোধহয় তেও শোৱা নাছিল।
: হেল্ল দাদা¸
- কথাখিনি ভাঙি কলে চান্টুৱে।
: চান্টু¸ তুমি ভয় একদম নকৰিবা। ভয় নাখালে একো নহয়। মাথো সমুখত নাযাবা। আৰু যদি বেছি ভয় লাগে প্ৰস্ৰাব কৰি নিজৰ গাটো বান্ধি লবা। কোনো শক্তিয়ে চুব নোৱাৰে।
- প্ৰয়োজনীয় কথা অলপ কৈ ফোনটো ৰাখিলে তেও।
অলপ সাহ আহিল চান্টুৰ। শব্দতো বাকীদুজনে শুনা নাছিল।
: গোহাইদা বলকচোন¸
- বাকী দুজনক লগত লৈ অলপ আতৰৰ গছজোপাৰ তলত ভিডিঅ’ ৰেকৰ্ডিং অন কৰি থৈ আহিল সি। যিয়েই নহওক¸ চাগে শব্দ¸ ছবি ৰেকৰ্ড হব। অন্তত সি নিশ্চিত হব পাৰিব। আজিকালি ৰাতিহলে ইয়াত প্ৰায়েই ভয় লাগে তাৰ। ঘৰৰ পৰা পোন্ধৰ কিলোমিটাৰ দুৰত অফিচটো। তিনি কিলোমিটাৰ আঁতৰত হেড অফিচ। গছজোপাৰ তলত ফোনটো এৰি আহে মানে তেতিয়া এক বাজিছিল।
: গোহাইদা¸ হাজাৰী খেলো আহক। নোশোৱ আৰু।
- গাৰুৰ তলৰ পৰা প্লেয়িং কাৰ্ডখিনি উলিয়াই কলে সি। আজি আৰু অলপ সময়ো শুবলৈ মন যোৱা নাই। ভিতৰি অলপ উৎকণ্ঠাও আছে। ৰেকৰ্ডিং হয়নে নহয় বা। কিন্তু সি নিশ্চিত¸ সি সেয়া ভ্ৰম নাছিল। স্পষ্ট শুনিছিল টুইংকল টুইংকল…।
গাটো জিকাৰ খাই উঠে তাৰ।
ড্ৰিংকচ নকৰা মানুহৰ সেয়াই টেনচন। ৰাতি অলপ শব্দও কাণত পৰে। সিঁহতৰ এজনৰো সেই অভ্যাস নাই। গৰম পৰিছে¸ জুনৰ মাহ। তিনিও পকাত বহি তাছ খেলিছে। চাৰি গেমমান গল। এবাৰো সি জিকিব পৰা নাই। খেলি থাকিলেও কাণখন উনাই ৰাখিছে সি।
: উউউউ উহুউউউ উউউউ উহুউউ…
- হঠাতে কাৰোবাৰ কান্দোন শুনি চকখাই উঠিল তিনিওটা। ঠিক ফোনটো এৰি অহা ঠাইৰ পৰা প্ৰায় ষাঠি উৰ্ধৰ ব্যক্তি এজনে যেন বুকু ভাঙি যোৱাকৈ কান্দিছে। ভয়তে গোহাইদাই চান্টুক সাবতি ধৰিলে। তিনিও ভয়তে বহি শুনি আছে। চান্টুৰো বুকু কপি উঠিছে। হয়তো চিকিউৰিটি জনেও ভয় খাইছে। প্ৰায় বিশমিনিটমান পিছত কান্দোন বন্ধ হল। গোহাইদাই এতিয়াও তাক এৰি দিয়া নাই।
: এয়া কি আছিল! হাতীৰ চিঞৰটো নহয়!
- চিকিউৰিটিজনে স্বগতোক্তি কৰিলে।
: হাতী নহয়।
- জোৰকৈ কৈ উঠে সি। হাতী নাহেই এইফালে। ওখ পাহাৰৰ পৰা নৈৰ পাৰলৈ কিয় আহিব। সেয়া মানুহৰ মাত। অথচ কেইবাকিলোমিটাৰলৈ মানুহৰ অস্তিত্বই নাই!
চান্টুৰ মনত খু দুৱনি এটা হল। ফোনত চাগে ইতিমধ্যেই ৰেকৰ্ডিং হৈছে।
: গোহাইদা¸ বলকচোন ফোনটো লৈ আহো।
- চান্টুৰ কথাত মানুহজনে মুৰটো লৰালে। ভয় খাইছে তেও।
: আমি আনোগৈ বলা।
- চিকিউৰিটিজনক মাতিলে হয়তো চিকিউৰিটিজনৰো কৌতুহল হৈছিল। আগবাঢ়ি আহিল।
সিঁহত ছয়খোজমান আহি দুৱাৰমুখ পাইছিলহে মাথো। হঠাতে কিবা শব্দত উভতি চালে। গোহাইদা ইতিমধ্যে বাগৰি পৰিছে। মুখেৰে ফেন ওলাই আহিছে তেওৰ।
দুয়োজন দৌৰ মাৰি কাষ পালেহি।
: গোহাইদা¸ গোহাইদা¸ কি হৈছে!
- মানুহজনক ধৰি বহাই দিলে দুয়ো। নাই¸ বাগৰি পৰে তেও। মুখেৰে ফেন ওলায়েই আছে। নামাতে¸ নিমিষ নকৰাকৈ চাই আছে। ভয় লাগিল দুয়োৰে। ভয়তে চিকিউৰিটিজনে বটলৰ পানীখিনি ঢালি দিলে। নাই¸ গোহাইদাৰ মাত নাই।
ভয়তে ইনচাৰ্জক ফোন কৰি¸ ৱান জিৰ’ এইটত ফোন কৰিলে চান্টুৱে। আধাঘন্টামানৰ ভিতৰতে এম্বুলেঞ্চখন আহিল। ৰাতিয়েই সিঁহতে গোগামুখৰ চিভিল হস্পিটালত গোহাইদাক ভৰ্তি কৰালে। এঘন্টামান পিছত মাতদিলে তেও। অত্যাধিক ভয় খাইছে তেও।
শেষৰাতি ধাৰাসাৰ বৰষুণ এজাক আহিছিল। ফোনটো বৰষুণত তিতি বেয়া হৈ গল। ৰাতি নিয়াই নহল। চান্টু এতিয়াও আশাবাদী। ফোনটো ভাল নহলেও মেম’ৰী কাৰ্ডখন ডেভেল’প হব। কিবা নহয় কিবা ৰেকৰ্ড নিশ্চয় পোৱা যাব।
******

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib