Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

মৰ্গৰ এনিশা

Unknown


কোনোবাই বিশ্বাস কৰক বা নকৰক মই হলে বিশ্বাস কৰো যে ভুতৰ অস্তিত্ব আছে। 
যেনেকৈ পৃথিবীত ভগবান আছে! তেনেকৈয়ে ভুতো আছে।
ইটচ্ জাষ্ট এ ফিলিং অব ডেভিল পাৱাৰ।
এই বিশাল পৃথিবীখনৰ বাহিৰতো এখন পৃথিবী আছে। ভৌতিক পৃথিবী।
জানো¸ আপুনি বিশ্বাস নকৰে। সেয়া আপোনাৰ কথা।
যেনেকৈ ভগবান নামৰ এটা শক্তি আছে তেনেকৈ আন এটা অপশক্তিয়ো আছে। নিশাৰ অশুভ সময়ত এই অপশক্তিবোৰে ভ্ৰমণ কৰে।
কোনোবা বাংলা ভৌতিক কিতাপ এখনত এনেকৈয়ে আছিল।
কাহিনীতো মোৰ খুড়া এজনৰ। খুড়া নতুনকৈ চাকৰীত সোমাইছিল তেতিয়া। পুলিচৰ চাকৰী। ডিউটিৰ কোনো নিৰ্দিষ্ট ঠাই নাই। কেইমাহমান কাম কৰাৰ পিছতে এদিন খুড়াৰ ডিউটি পৰিল। তাৰপিছত…
সেই ৰাতিটোৰ কথা খুড়াই সকলোকে কৈছিল।বহুতে বিশ্বাস কৰা নাছিল। তেওৰ মুখেৰেই শুনক-
মোৰ নাম ৰাজনীশ ঘোষ। ঘৰ কৰিমগঞ্জৰ ওচৰৰ ভিতৰুৱা গাঁও এখনত। নতুনকৈ চাকৰীত সোমাইছো। ডেকা লৰা। ভয় বোলা বস্তুতো মনত নায়েই। তেতিয়া বিয়াও পতা নাই। মনগলে ফুৰ্তিপানী অলপ খাও। ছমাহমান ডিউটি কৰাৰ পিছত পুলিচ ৰিজাৰ্ভৰ পৰা শিলচৰ চহৰৰ ডাঙৰ হস্পিটালখনলৈ ডিউটিত পঠালে আমাৰ ছয়জনক। বিশেষ একো নাভাবি আহিলো। যতেই নহওক দিউটি কৰিলেই হল। হস্পিটাল কেম্পাছৰ ওচৰতে আমাৰ থকাৰ ব্যবস্হা হল। তিনিটা শ্বিফ্টত দুজনকৈ হস্পিটাল মৰ্গত আমাৰ ডিউটি পৰিল। ইনচাৰ্জ চাৰে ডিউটি ভগাই দিলে। দুজন বয়সীয়াল দাদাক দিনৰ দিউটি দি বাকী চাৰিজনক সলনা-সলনি কৰি ডিউটি কৰিবলৈ কলে।
সেইকেইদিন হস্পিটালৰ মৰ্গৰ পৰা মৃতদেহ চোৰ হোৱাৰ দৰে ঘটনা হৈছিল। প্ৰশাসনে তাৰবাবেই আমাক পঠাইছিল। এসপ্তাহ নহওতেই সিঁহতদুটাই খাটনি ধৰিলে দিউটি সলাবলৈ। বিশেষ নাভাবি আমিও মান্তি হলো। পেটেপেটে ভালেই পালো। নাইট দিউটিত কষ্ট বেছি নাই। খাই বৈ শুই থাকিলেই হল। মোৰ লগৰজন অলপ এলেহুৱা টাইপৰ। এঠাইতে বহি শুই থাকিব ভালপায়। মদ আৰু মাংস সিয়েই কিনে¸ মই ৰান্ধি তাক খুৱাব লাগে।
দুটাদিন ধুনীয়াকৈ গল। দুয়ো পালপাতি শুই যাও। এজন শুলে আনজনে সাৰে থাকি তহল দিও। তিনিবেটাৰীৰ টৰ্ছ আৰু থ্ৰী নট থ্ৰী ৰাইফলটো পিঠিত থাকে। ভুতৰ কথা আগতে শুনিছিলো। কিন্তু মোৰ বাবে সেইবোৰ সাধুকথাহে আছিল।
কিন্তু তৃতীয় দিনা যেন কিবা অলপ উমান পালো। মদখাই লগৰজনৰ হুচ নাই। বাৰাণ্ডাৰ চকীখনতে শুই আছে মহৰ কামোৰ খাই। ময়ো অলপ খাইছো। কিন্তু নিছা লগা নাই। হুছ পুৰা আছে। বেছি নাখাৱেই মই।
তেতিয়া চাগে ৰাতি ডেৰটামান বাজিছিল। মৰ্গৰ পৰা প্ৰকাণ্ড দীঘল কৰিড’ৰটো নিস্তব্ধ। কতো পৰুৱা এটাৰো অস্তিত্ব নাই। দিনত অজশ্ৰ মানুহেৰে গিজগিজাই থকা মৰ্গটো ৰাতি নিজম পৰি থাকে। টৰ্ছটো লৈ মৰ্গৰ চাৰিওফালে পাক এটা মাৰিলো। ৰাতি বেছিভাগ লাইট নুমুৱাই থোৱা বাবে পোহৰ কম। ভিতৰত শতাধিক মৰাশ পৰি আছে। ডেকা¸ বুঢ়া¸ চুইছাইদ কেছ¸ এক্সিডেণ্ট কেছ¸ মাৰ্ডাৰ ,…কিমানযে মৰাশৰ ওপৰত অষ্ট্ৰোপচাৰ হয় দেখিলেই কেনেবা লাগে। সন্ধিয়া ডিউটি কৰোতে বহুকেইটা দেখিছো। ডক্টৰবোৰ সচাকৈয়ে ভগবানৰ প্ৰতিনিধি। এনেবোৰ ভাবি থাকি তহল দি থাকোতে হথাতে কলা কিবা এটা দেখি চকখাই উঠিলো। দুটা ডাঙৰ চকুৱে যেন মোলৈ ট টকৈ চাই আছে। কি যে তীক্ষ্ণ দৃষ্টি। এটা মুহুৰ্ত মাত্ৰ। স্বয়ংক্ৰিয়ভাবে ৰাইফলটো নমাই টোৱাই টৰ্ছ মাৰি দিলো। পোহৰ পৰাত মিউ মিউকৈ প্ৰকাণ্ড মেকুৰীটো আতৰি গল। হো হোৱাই হাঁহি উঠিলো মই। চাল্লা নিজৰ ওপৰতে হাঁহি উঠিল। ৰাইফলটো পিঠিত লৈ আগবাঢ়ি গলো। ইতিমধ্যে দুই বাজি গল। লগৰজনৰ হুচ অহাই নাই। হথাতে গ্লাছৰ দৰ্জাৰ মাজেৰে দেখিলো মৰ্গত যেন চায়াৰ নিচিনা কিবা এটা সোমাই গৈছে।
: ঐ উঠচোন।- হেচুকি দিলো লগৰজনক। নাই গাৰ কেটকুটেই নকৰে। পুৰা হুচ নোহোৱা হৈ শুই আছে। অগত্যা অকলেই মৰ্গৰ ভিতৰৰ ফালে সোমাই গলো। চাকৰীটোৰ কথা আছেতো। কোনোবা বেয়া মানুহ প্ৰবেশ কৰিলে বেয়া কথা হব। এই মাজৰাতি জীবন প্ৰথমবাৰৰ বাবে মৰ্গত অকলে সোমাবলৈ কেনেবা লাগিল। ৰাইফল টোৱাই টৰ্ছ মাৰি সোমাই গলো।
নাই! কোনো নাই ভিতৰত। মৰাশ বিলাক শুই আছে। উভতি আহিব লৈছো মাথো¸ হঠাতে এনে লাগিল যেন ঠিক মোৰ পিছফালে কোনোবা ৰৈ দীঘলকৈ উশাহ লৈছে। লগে লগে ঘুৰি দিলো। নাই¸ এতিয়া একো শুনা নাই। বিলম্ব নকৰি লগৰ জনৰ কাষ পালোহি। তেতিয়ালৈ একো ঠিৰাং কৰিব নোৱাৰিলে সচাকৈয়ে কাৰোবাৰ উশাহৰ শব্দ শুনিছিলো নে সেয়া মোৰ ভ্ৰম আছিল!!
মোৰ লগৰজনে আজি উঠিব নোৱাৰাকৈ খাইছিল। দুবাৰমান মতাৰ পিছতো সাৰ নোপোৱাত আৰু নজগালো। আনদিনা এইখিনি সময়ত তাৰ ওচৰতে শুই যাও। আজি শুবলৈ মন নগল। আনদিনা বন্দুকটো ওচৰতে থাকে¸ আজি কিন্তু হাততে লৈ আছো। এই জয়াল পৰিবেশটো যেন কিবা ভাল লগা নাই।
বোধকৰো ৰাতিপুৱালৈ অলপ চিলমিলকৈ টোপনি আহিছিল। পোহৰ হৈছে। বন্ধুৱে হেচুকি দিয়াত সাৰ পালো। আগৰাতিৰ মদৰ নিচা তাৰ এতিয়া নাই। কিন্তু মই গোন্ধ নাপালেও নিশ্চিতযে বহুত দুৰৰ পৰা তাৰ মুখৰ পৰা মদৰ গোন্ধ পোৱা যাব।
মৃদু গালি অলপ দিলো তাক। ইমানকৈ হুচ নোহোৱাকৈ খাই পৰি থাকিব লাগেনে?
ক্ষমা খুজি শপত খালে সি আগলৈ বেছি মদ নোখোৱাৰ। আগৰাতি হোৱা অভিজ্ঞতাৰ কথা নকলো। লাজ লাগিল। ভয়াতুৰ বুলি ভাবিব পাৰে। তাতে মই নিজেই নিশ্চিত নাছিলো।
হথাতে বন্ধুই জনালে¸ কিবা ঘৰুৱা জৰুৰী সমষ্যা এটাত ঘৰলৈ যাব লাগে। ইনচাৰ্জে একেদিনাই চুটি নিদিয়ে। তাতে নাইট ডিউটিহে আছে¸ ঘৰৰ কামখিনি কৰি ৰাতিলৈ আহিয়েই পাব সি।
ময়ো বিশেষ নাভাবিলো। ৰাতিলৈ ডিউটিলৈ গলো। লগৰটো তেতিয়ালৈ আহি পোৱাহি নাই। ময়ো বিশেষ ভবা নাই। কিয়নো তাৰো নতুন চাকৰী। যেনেকৈয়ে নহওক আহিম বুলি কৈছে যেতিয়া আহিবই। তাতে তাৰ নিজৰ স্কুটাৰ আছে। শিলচৰ টাউনৰ পৰা তাৰ ঘৰলৈ প্ৰায় ৭০ কিলোমিটাৰ। অলপ সময়তো লাগিবই।
বিশেষ একো ভবা নাই মই। ৰাতি গভীৰ হৈ আহিল। এক বাজি গল। বন্ধুৰ দেখাদেখি নাই। অলপ চিন্তাত পৰিলো। খবৰ কৰিব পৰা ব্যবস্হাও নাই। খঙো উঠিল নিজৰ ওপৰত। দিনতে ইনচাৰ্জক জনোৱা হলে কিবা এটা মেনেজ কৰিলেহেতেন!
কিন্তু তথাপি বিশ্বাস এটা আছিল¸ বন্ধুৱে অন্তত গাড্ডাৰী নকৰে। আহি ওলাবই। ক্ৰমে যোৱাকালিৰ ঘটনাবোৰৰ পুনৰাবৃত্তি হব ধৰিছে। আজি কিন্তু মই সজাগ। ৰাইফলত গুলী লোড কৰি ৰাখিছো। মৰ্গৰ ভিতৰৰ পৰা ছোৱালীৰ কান্দোন মিশ্ৰিত শব্দবোৰ ভাহি আহিছে। গ্লাছৰ মাজেৰে ছায়াময়াকৈ কিবা এটা স্পষ্ট দেখিলো। কৰিড’ৰটোত যেন কোনোবাই ঘনঘনকৈ উশাহ লৈছে। আজি মোৰ বুকু কপি উঠিল। কি যে এক নাম নজনা অনুভুতিৰে গাৰ নোমবোৰ শিয়ৰি উঠিল বৰ্ণনাও কৰিব নোৱাৰো। জীবনত প্ৰথমবাৰৰ বাবে যেন মুখামুখি হলো ভয়ৰ সতে।
ভয়তে হিন্দুৰ তেত্ৰিশ কোটি দেবতাৰ নাম বিৰবিৰাই হনুমান চলিচা মাতিবলৈ ধৰিলো।
কিমান সময় তেনেদৰে আছিলো নাজানো¸ হথাতে কোনোবা এজন আহি মোৰ ওচৰতে ঘপহকৈ বহিল। মই স্পষ্ট অনুভব কৰিব পাৰিলো কোনোবা এজন আহি বহিছে। হয়তো মৰ্গৰ কোনোবা এটা মৃতদেহ। মোৰ বুকুৰ হৃদস্পন্দনৰ বেগ কিমান বৃদ্ধি হৈছিল নাজানো। মই অনুভব কৰিছো আৰোহীজনে মোৰ ফালে পিঠি দি বহিছে। অথচ মুৰতুলি চাবলৈ মই সাহস কৰিব পৰা নাই। সকলো ভগবানৰ নাম যেন পাহৰি গলো। যেন মোৰ শৰীৰত শিপাহে গজিল। অলপ সময় মাত্ৰ। হথাতে অবচেতন মনটোৱে কৈ উঠিল¸ ’ সাবধান¸ দৌৰা এতিয়াই। চেভ ইয়ৰ লাইফ।’
বিকট চিঞৰ মাৰি দৌৰিব ধৰিলো। বন্দুকটো¸ টৰ্ছটো তাতেই এৰি আহিলো। সেইমুহুৰ্তত চাকৰীটোৰ কথা মনলৈ অহা নাছিল। দীঘল কৰিড‘ৰটো পাৰহৈ আহিছিলো মাথো দেখিলো বন্ধু বেগাই আহি আছে। মোক তেনেকৈ দৌৰি অহা দেখি সি ৰৈ গল। ভয়তে ফোপাই জোপাই সেপ ঢুকি কি কলো নাজানো। চাগে বন্ধুৱে বুজি পালে। নিজৰ বন্দুকতো মোৰ হাতত দি লাহেকৈ পিঠিত ঢকা এটা মাৰি কৈ উঠিল¸ ’ভয়াতুৰ কৰবাৰ।’
তেতিয়াহে যেন মোৰ উশাহটো ঘুৰি আহিল। বন্ধুৱে আজি মদ খোৱা নাছিল। সিঁহতৰ ঘৰত কিবা মাটি-বাৰি সংক্ৰান্ত কাজিয়া হৈছিল। সেয়েহে অকস্মাতে সি যাবলগা হল। এতিয়া প্ৰব্লেম নাই¸ চব ঠিক হৈছে।
বন্ধুৱে তাৰ কথাবোৰ কলে।
ৰাতিটো আৰু একো মুখামুখি নহলো। কেতিয়া শুই গৈছিলো গম নাপাও। সাৰপাই দেখো¸ বন্ধু কাষত নাই। চকুদুটা মোহাৰি উঠি বহিছো মাথো দেখিলো ইনচাৰ্জ চাৰ বাকী চাৰিজনৰ লগত আহিছে। মুখবোৰ তেওলোকৰ চিন্তাক্লিষ্ট।
আহিয়েই চাৰে মোক কলে¸ ’ঘোষ কিবা প্ৰব্লেম হলে আগতেই জনাব লাগে!’ মই একো নুবুজি তেওৰ মুখলৈ চাই থাকিলো।
’চক্ৰবৰ্তী কালি উভতি আহোতে ৰোড এক্সিডেন্ট এটাত মৃত্যু হৈছে। এইমাত্ৰ মেচেজটো পোৱাৰ লগেলগে গুছি আহিছো।’
মই যেন আকাশৰ পৰাহে পৰিম। পুৱাই পুৱাই কি ফাল্টু কৰিব আহিছে।
’ চাৰ¸ কি কৈ আছে এইবোৰ। চক্ৰবৰ্তীয়ে মোৰ লগত ডিউটি কৰিছে ৰাতি। চাগে ইয়াতে কৰবাত আছে।’
যেন কিবা ভুল কথাহে কলো। তেওলোক আচৰিত হৈ গল। তেওলোকে মোৰ কথা মানিবলৈ টান পাইছে¸ মই তেওলোকৰ। দুবাৰমান চক্ৰবৰ্তীৰ নামকাঢ়ি মাতি বিচাৰখেচাৰ কৰিও নাপালো। জোৰকৈয়ে মোক হেড অফিচলৈ লৈ আহিল। মেচেজটো দেখুৱালে। ৰাতি বাৰটামানতে চক্ৰবৰ্তীৰ মৃত্যু হৈছে।
নিজৰ মুৰটোকে নষ্ট হোৱা যেন লাগিল মোৰ। চক্ৰবৰ্তীয়ে ৰাতি মোৰ লগত ডিউটি কৰিছে। মই ভয়খাই পলাওতে সি সাহস দিছে। চব কথা খুলি কলো অফিচত। সেইদিনাই মোক ট্ৰাঞ্চপাৰ কৰি ৰিজাৰ্ভলৈ লৈ আহিল। ৰাতিলৈ মোৰ বিৰাট জ্বৰ। ভ্ৰমো বকিছো হেনো। দুদিন পিছত অলপ ভালপাই এসপ্তাহৰ চুটি লৈ ঘৰলৈ আহিলো। ইয়াৰ পিছত থানা এখনত পোষ্টিং হৈ বহুদিন চাকৰী কৰিলো। কিন্তু আজিলৈ কোনোদিনে তেনে পৰিস্হিতিৰ মুখামুখি নহলো। আজি কোনোবাই ভুত নাই বুলি কলে সমৰ্থন নকৰো। নিজেই প্ৰমান পাইছো। সেয়া ভুত নে কি নাজানো¸ কিন্তু কিবা এটা অপ্ৰাকৃতিক শক্তি…।
চক্ৰবৰ্তীয়ে আহিম বুলি কথা দিছিল।
সেয়ে আহিছিল। এতিয়াও কাণত বাজে চক্ৰবৰ্তীৰ কণ্ঠশ্বৰ¸ ’ দোষ্ট¸ চিন্তা কৰবেন না¸ আমি আচবে বলচি তো আচবেই।’
মনত পৰিলেই গাটো জিকাৰখাই উঠে।
এতিয়া কোনোবাই যদি এই অপ্ৰাকৃতিক শক্তিৰ অস্তিত্বক লৈ প্ৰশ্ন কৰে¸ খং উঠি যায়। এটা নিশা তেওলোকেও মৰ্গত কটাওক নিশ্চয়কৈ তেওলোকেও অস্তিত্ব অনুভব কৰিব!!!

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib