আজি হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট দিছে। কালি মেট্ৰিকৰ ৰিজাল্ট দিব। লক্ষণীয়ভাবে দেখা গল যে চৰকাৰী শিক্ষানুষ্ঠানৰ তুলনাত এইবাৰো ব্যক্তিগতখণ্ডৰ জয়যাত্ৰা অব্যাহত থাকিল। মই ভাবো এয়াও এক অশনি সংকেট।
আজিৰ দিনত চৰকাৰী স্কুলত পঢ়ে কোনে???
সাধাৰণ শ্ৰমিক শ্ৰেনীৰ লোকসকলে¸ বা উপায়বিহীন দৰিদ্ৰ লোকসকলেহে নিজৰ সন্তানক ধ্বংসমুখী চৰকাৰী স্কুলত পঢ়ুৱাই। লগতে কিছু জাতীয়তাবাদী আদৰ্শ লোকে।
আজিৰ তাৰিখত সাধাৰণ চৰকাৰী পিয়ন¸ চকীদাৰ এজনৰ দৰমহা কমেও বিশ হেজাৰ। মাহেকত দহহেজাৰ টকা ৰেচনৰ নামত খৰচ কৰিলেও কমেও দুহেজাৰ টকা সন্তানৰ নামত খৰচ কৰিবলৈ সমৰ্থ। তাৰ বিপৰতে ব্যক্তিগতখণ্ডৰ¸ বেচৰকাৰী অধিকসংখ্যক শ্ৰমিকৰ দৰমহা এতিয়াও সাত আঠ হেজাৰৰ তলত।

৯৫% অভিভাবকেই নিজৰ সন্তানক ভাল শিক্ষাৰে শিক্ষিত কৰি গঢ় দিব বিছাৰে। হয়তো অধিক সংখ্যক অভিভাবকে সমৰ্থ নহয়। অকল স্কুলৰ শিক্ষাৰ ওপৰত নিৰ্ভৰশীল হৈ কোনো অভিভাবকেই সন্তানৰ ভাল ৰিজাল্ট আশা কৰিব নোৱাৰে। বৰ্তমান সময়ৰ চৰকাৰী স্কুলৰ পালমৰা শিক্ষাৰ বিপৰিতে ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়বদ্বতা বেছি। নকলেও হব যে ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠাৰ নামভৰ্তিৰ মাছুলকে আদি কৰি চৰকাৰী স্কুলৰ তুলনাত অধিক। যাৰবাবে দৰিদ্ৰ লোকসকলে নিজ সন্তানক ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানত পঢ়ুৱাবলৈ অক্ষম।
সকলোৱে জনা কথা এটা আছে যে চৰকাৰী স্কুলতকৈ ভেঞ্চাৰ স্কুলৰ শিক্ষা ভাল। কাৰণ প্ৰাদেশীকৃত নোহোৱা ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ ভবিষ্যত স্কুলৰ সাফল্যৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে তেওলোকে ছাত্ৰ-ছাত্ৰীৰ বিশেষ গুৰুত্ব লৈছিল একমাত্ৰ নিজৰ ভবিষ্যতটোৰ বাবেহে।
চৰকাৰী স্কুলৰ শিক্ষক সকলৰ দৰমহা মাহেকৰ মুৰত নিশ্চিত হৈ থাকে বাবে তেওলোক ব্যক্তিগতভাবে দায়বদ্ধ নহয়। আনহাতে ব্যক্তিগত স্কুলসমুহ সম্পুৰ্ণ ব্যবসায়িক স্বাৰ্থতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়বদ্ধ হবলৈ বাধ্য। শুনিবলৈ অপ্ৰিয় হলেও এয়া সত্য যে শিক্ষাৰ বাণিজ্যকৰণ হৈছে।

আজিৰ দিনত অভিভাবক দায়িত্বশীল নহলে লৰা-ছোৱালীক ভাল কৰিব নোৱাৰে। ৰিজাল্ট ভাল কৰাবলৈ হলে অভিভাবক সজাগ হৈ শিক্ষাৰ্থীৰ বিশেষ যতন লবই লাগিব। লাগিলে নিজেই পঢ়ুৱাওক বা ভাল শিক্ষকৰ হতুৱাই টিউচন দিয়াওক।
আজি বিজ্ঞান শাখাত দৰিদ্ৰ পৰিয়ালৰ লৰা ৰাজাবাবুৱে প্ৰথম স্হান অধিকাৰ কৰি অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনিলে। এইক্ষেত্ৰত ৰাজাবাবুৰ লগতে প্ৰশংসাৰ পাত্ৰ সেই মহান লোকজন¸ যিয়ে ব্যক্তিগত প্ৰচেষ্টাত ৰাজাবাবুৰ লগতে যোৱা বৰ্ষতো আন এজন ছাত্ৰক নিজা প্ৰচেষ্টাত স্হানলাভ কৰোৱাইছিল। লক্ষণীয়ভাবেই ৰাজাবাবুৱে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ মুখলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কিন্তু দুখৰ বিষয়¸ প্ৰতিবাৰেই মিডিয়াই¸ সচেতনমহলে দৰিদ্ৰতাৰ এই জয়যাত্ৰা বুলি বাহ বাহ দিয়েই ক্ষান্ত আছে। কিন্তু সৰহ সংখ্যক দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আজিও পিছপৰি ৰৈছে একমাত্ৰ পৰ্য্যাপ্ত সা-সুবিধাৰ অভাবত! এইক্ষেত্ৰত এওলোকক কিঞ্চিতো সহায় কৰিবলৈ মিডিয়া আৰু সচেতন মহল আগুৱাই আহিবনে???
জন্মতে কোনো মেধাবী হৈ নাহে। পৰিবেশে সকলোকে গঢ় দিয়ে। SC, ST, OBC আদি সংৰক্ষণমুলক ব্যবস্হাটো আছে সামঞ্জস্য বজাই ৰাখিবলৈ। এইক্ষেত্ৰত দৰিদ্ৰ সাধাৰণ শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীসকলে কি সুবিধা লাভ কৰিছে???
কেৱল টকাৰ অভাবৰ বাবেই এওলোকে উচ্চশিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে। কোনোবা মহান লোকৰ ব্যক্তিগত প্ৰচেষ্টাত কেতিয়াবা দুই এজন উপকৃত হলেও সৰহ সংখ্যকেই হয় দুৰ্ভগীয়া! দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে মাথো ডক্টৰ¸ ইঞ্জিনিয়াৰ হোৱাৰ সপোনহে দেখিব পাৰে। এপি এছ চি¸ ইউ পি এছ চিৰ পৰীক্ষাত বহি প্ৰশাসনীয় বিষয়া হোৱাৰ সপোন দেখিব পাৰে। কিন্তু বাস্তবত একোৱেই কৰিব নোৱাৰে। তাহানি বা আজিও দুই এজনে জীবনত সফল হৈছে যদিও সমুহীয়া প্ৰচেষ্টা বা সুবিধাৰ ফলতহে।

গতিকে দৰিদ্ৰ শ্ৰমিক¸ কৃষকৰ সন্তানৰ সপোনবোৰ বাস্তবায়িত কৰাৰ ক্ষমতা ক’ত??? তেওলোকেও সামান্য সুবিধা বিচাৰি বিশেষ কোটাৰ দাবীৰে আন্দোলন কৰিলেহে হব!!!
0 comments:
Post a Comment