Now you can Subscribe using RSS

Submit your Email

Sunday 20 May 2018

ৰঙ্গমঞ্চৰ হুতাহ

Unknown
কেৰকেৰ মেৰমেৰকৈ পুৰণি চাইকেলখনে আগুৱাই যাবলৈ অসহযোগ কৰিছিল। তথাপিও আৰোহীজনে একপ্ৰকাৰ জোৰকৈ চলাই লৈ গৈছিল। মদগজ আৰোহীজনৰ ভৰিৰ ইচাৰাত প্ৰতিবাৰ চকাদুটা ঘুৰাৰ লগে-লগে বিভিন্ন অংশই যেন আটাহ পাৰি উঠিছিল। ভগা কেৰিয়াৰখনত মস্ত বোজা এটা দি গৈ থকা চিনাকী মানুহজনক দেখি দধি নিশ্চিত হল¸ টোপোলাটোৰ ভিতৰত সেয়া কাপোৰ।
: ওষ্টাড¸ কৰবাত পালা আছে নেকি?
-পিছফালৰ পৰা দধিয়ে ৰিঙিয়াই মতা শুনি আৰোহীজন ৰল। চাইকেলখনৰ পৰা ননমাকৈয়ে এখন ভৰি মাটিত লগাই ঘুৰি চালে পিছলৈ।
: অ’ দধি¸ কুমেৰিয়াত আছে আজি।
-ইতিমধ্যেই দধি আহি কাষ পাইছিল।
: এইজনীৰ কি হল?
-দধিৰ ফালে চাই সুধিলে বিৰেণে। বিৰেণৰ দৃষ্টি নিবদ্ধিত স্হানলৈ লক্ষ্য কৰি তেতিয়াহে দধিৰ মনত পৰিল যে তাৰ কোঁচত গাভিনী ছাগলীজনীয়ে তৃপ্তিৰে উম লৈ বহি আছে।
নঙলাটোৰ বিপৰীত দিশৰ ডবলাটোত প্ৰচুৰ ঘাঁহ। ছাগলীজনী সেই খিনিতেই প্ৰায়ে থাকে। দুদিন আগতে ৰাষ্টাত মাটি উঠাওতে দুয়োকাষৰ নৰ্দমা ৰাইজে খান্দিছিল। অলপ আগতে তাৰপৰাই বেবাই আছিল তাই।
: নৰ্দমাটোত পৰি ভৰিত অলপ দুখ পালে বুজিছ। ঘৰত লৈ লেপ এটা দিব লাগিব। -হাঁহি এটা মাৰি ছাগলীজনীৰ মুৰতো বাওহাতখনেৰে পিহি দি বিৰেণলৈ চাই কৈ উঠিল দধিয়ে।
: জগিব¸ দুই-এদিনতে।
- দৃষ্টি নাঁতৰোৱাকৈয়ে কলে বিৰেনে।
: হুম।
- বিৰেণৰ কথাত হুংকাৰ ধৰি হঠাতে কিবা মনত পৰাত ঘপকৈ সুধি দিলে সি।
: আচ্ছা ওষ্টাড¸ পৰহিলৈতো আমাৰ সভা। ৰাতিলৈ কি নাটক হবনো?
- সোধোতে দধিৰ চকু দুটা উজ্জলি উঠিল। বিৰেণে কোৱাৰ লগে-লগেই যে সেই উচ্ছাস দুগুণে বৃদ্ধি হৈ পৰম আকাংক্ষাৰ ৰূপ লব¸ সি নিশ্চিত।
: গম পাবি পৰহিলৈ দধি। আজিয়েই কৈ দিলে ভাল নহব।
- দধিৰ আশাত চেঁচাপানী ঢালি ৰহস্যৰ হাঁহি এটা মাৰি কৈ উঠিল বিৰেণে।
: একো নহয় দে। কচোন¸ মই কাকো নকওতো।
- ৰহস্যটোৰ সম্ভেদ লবলৈ পুনৰবাৰ চেষ্টা কৰিলে দধিয়ে।
পুনৰবাৰ হাঁহিলে বিৰেনে।
: ভাল নাটক এখনেই হবদে।
বাৰু মই আৰু দেৰি নকৰো। সোণকালে পাবগৈ লাগিব।
- দধিৰ উত্তৰলৈ বাট নাচাই পেডেল ঘুৰালে বিৰেণে।
: বাৰু যাগৈ।
- পিছলৈ নোচোৱাকৈয়ে সোহাতখন জোকাৰি কেঁকুৰীটো ঘুৰি নেদেখা হৈ গল বিৰেণ।
আৰু অলপ কথা পতাৰ ইচ্ছা আছিল তাৰ। ৰহস্যটো ফাদিল নোহোৱালৈকে তাৰ চকুত টোপনি নাহিব। দুদিন আগতে সাতপখলীত পাৰ্টি চাব গৈছিল। ৰুস্তব-চোহৰাব নাটকত ৰুস্তমৰ ভাওত মঞ্চ কপাই দিছিল ওষ্টাডে। তাৰো কিছুদিন আগতে তেজপুৰত ৰজা হৰিচন্দ্ৰৰ ভাওত ৰাইজক কন্দুৱাই অবস্হা কাহিল কৰাইছিল। কিযে অদম্য অভিনয় মানুহজনৰ। কিযে অতুলনীয় দক্ষতা।
বিৰেণ যোৱাৰ ফালে চাই ৰল দধিয়ে।
*****
: হেৰি শুনিছে¸ বাপুৰ গাটো দুদিনমানৰ পৰা ভাল নহয়। জ্বৰ¸ জ্বৰ লাগি থাকে¸ দুৰ্বল দুৰ্বল লাগে বোলে। খাবলৈয়ো ইচ্ছা নকৰে।
- ৰাতিপুৱাই মাধবীয়ে কলে গিৰিয়েকক।
: নতুনকৈ ঠাণ্ডা পৰাৰ কাৰণে হৈছে বুজিছা। ৰাতি ঠাণ্ডা পাইছে বোধহয়। অলপ কুহুমীয়া পানী খাব দিবাচোন।
আৰু একেবোৰ খানা খাই থাকিলে চবৰে আমুৱাই। বজাৰৰ পৰা আজি হাঁহ এট লৈ আহিম দিয়া। হাঁহৰ মাংস বাপুৰ বৰ প্ৰিয়।
- ঘৈনীয়েকৰ ফালে চাই হাঁহি মাৰি কলে বিৰেণে।
: কিন্তু…
: কোনো কিন্তু নাই বুজিছা। দিনটো হাদালে-বাদালে খেলি ঘুৰি ফুৰে। সেই কাৰণে অলপ গা গৰম হৈছে। দুদিন চোৱাচোন¸ ভাল নাপালে বৰোডা কম্পাউণ্ডৰক লৈ আহিম দিয়া।
- ঘৈনীয়েকক কৈ কৈ চাইকেলখন উলিয়াই আনি মচাত লাগি গল বিৰেণ। বহু দুৰ যাব লাগিব¸ ছয়গাঁও বজাৰলৈ ছয় মাইলমানেই হয়। চাইকেলখনৰ যতন নললে চলাব কেনেকৈ! বহু দিনীয়া ৰেলী চাইকেল বুলিহে এতিয়াও কৰ্মক্ষম হৈ আছে। কালিলৈ গাঁৱৰ বছৰেকীয়া সভাখন। ৰাতিলৈ তেওলোকৰ যাত্ৰাৰ পালা। পালাৰ বাবে অলপ বস্ত কিনিবলগা আছে। বস্তুবোৰ আকৌ ছয়গাঁৱৰ দোকানতহে পোৱা যায়। চাইকেলখন মচি থাকোতেই মনতে কিনিবলগা বস্তুখিনিৰ তালিকা এখন বনাই ললে বিৰেণে। পুৰণি নকল ডাড়ি-গোফ¸ আঠাবোৰ নষ্ট হৈ গৈছে।
: হেৰা¸ মোনাখন দিয়াচোন।
-ঘৈনীয়েকক চিঞৰি কলে তেও।
: অ’ পিতা কলমৰ ৰিফিল দুডাল লৈ আহিবিচোন। মোৰ ৰিফিল শেষ হব হৈছে।
- পিতাক যাবলৈ ওলোৱা দেখি বাৰাণ্ডাৰ খুটা এটাত খামুচি কৈ উঠিল সি। তাৰ চকুদুটা ঢেলা পৰিছে। পঢ়াত বৰ ৰাপ তাৰ। স্কুলতো সদায়ে প্ৰথম হয়।
বিৰেণৰ মৰম লাগে তালৈ। পিতাকক যেতিয়াই কিবা বিচাৰে¸ সেয়া মাথো পঢ়া সঁজুলিহে হয়।
: হব দে অ’ বাপু।
- তাৰ ওচৰলৈ গৈ লাহেকৈ কপালখনত হাত দি চালে বিৰেণে। অলপ গৰম হৈ আছে। লাহেকৈ কপালত চুমা এটা দি কলে তেও।
: গাটো অলপ গৰম হৈ আছে নহয় বাপু। কলৈকো ওলাই নাযাবিদেই।
: ও
-লাহেকৈ সলাগিলে সি।
: অ’ পিতা¸ মোক গেঞ্জী এটা লাগে। এইটোৰ পিঠিখনত ফুটা ওলাইছে।
- ককায়েকে কিবা খোজা বাবে সিয়ো খুজিব লাগে ভাবি সৰুবাপাই পিন্ধি থকা গেঞ্জীটোৰ পিঠিখন দেখুৱালে। দুই কান্ধৰ মাজৰ অংশটোত দুই এটা সৰু সৰু ফুটা ওলাইছে।
: হবদে সৰুবাপা¸ আনিম দে।
- তাৰ মুৰতো পিহি দি এইবাৰ জীয়েকৰ মুখলৈ চাই সুধিলে ওষ্টাডে-
: তোক¸ কি লাগিব এ মাই?
: একো নালাগে পিতা। মাত্ৰ আখেৰ লাড়ু লৈ আহিবি।
- তপৰাই তাই কলে পিতাকক।
: হবদে। তাইৰো গালে-মুখে হাত ফুৰাই দি যাবলৈ ওলাল মানুহজন।
সৰু লৰা-ছোৱালীহাল আকৌ খেলাত ব্যস্ত হৈ পৰিল। বাপু ঘৰৰ ভিতৰলৈ গল। মানুহজন যোৱাৰ ফালে চায়েই থাকিল মাধবীয়ে। চাই থাকোতেই ভাবত বিভোৰ হল তাই।
নাটক¸ অভিনয় বুলিলেই বলীয়া মানুহজন। সংসাৰৰ প্ৰতি বৰ-বেছি মন কাণ নাই। ইমানেই হুতাহ মানুহজনৰ¸ যে অভিনয় কৰিবলৈ পুহমাহতো কপি কপি দুৰণিলৈ চাইকেল চলাই যাইগৈ। ৰাইজৰ হাত তালিবোৰৰ বাবেই যেন মানুহজনৰ হুতাহ।
মানুহবোৰে গিৰিয়েকক ওষ্টাড বুলি মাতে। সেইজনী চোৱা¸ ওষ্টাডৰ ঘৈনীয়েক। -মানুহবোৰৰ সমীহ দৃষ্টিয়ে গৌৰবী কৰে তাইকো। কিন্তু ঘৰখনৰ কথা আহিলেই তাই অভিমানী হৈ পৰে বিৰেণৰ ওচৰত। বিৰেণৰ চকুৰে যেন তায়েই অকলে চম্ভালি লব পাৰিব। সেয়াই অভিযোগ তাইৰ। হওতে একোৱেই কষ্ট দিয়া নাই সিঁহতক। লাগ বুলিলেই সকলো পাইছে। আকালো নাই¸ ভঁৰালো নাই সংসাৰত। তথাপি যেন মানুহজনে সংসাৰৰ দায়িত্ব মাধবীৰ হাততে গোটাই নিশ্চিন্ত হৈছে। পুৰ্ব-পুৰুষৰ খেতিমাটি কেইপুৰা আধিলৈ দি মানুহজনে একান্তমনে পালা ৰাখি ঘুৰি ফুৰে। হওতে আধিয়াৰৰ পৰা পোৱা ধানখিনিও সিঁহতৰ কাৰণে বহুত। তথাপি নিজে খেতি-খোলা কৰা হলে অবস্হা অধিক উন্নত হল হৈ। কিন্তু মানুহজন আঁকোৰগোজ¸ যাত্ৰা এৰিব নোৱাৰে।
সেয়াই মতৰ অমিল দুয়োটাৰে।
: মোৰ কেতিয়াবা এই পালা¸ যাত্ৰাবোৰক সতিনী যেন লাগে।
- ন-বোৱাৰী হৈ থাকোতে দুবাৰমান খং কৰিছিল তাই। মানুহজনে হাঁহি দিছিল। কিন্তু একো ব্যতিক্ৰম নহল। তেনেকৈয়ে বাপু¸ মইনা¸ সৰুবাপা আহিল। মানুহজনৰ চুলিবোৰ ৰঙচুৱা হল। কিন্তু সলনি নহল স্বভাব। অভিনয় তেওৰ প্ৰাণ।
: নিজৰ বাবে নহলেও অন্তত: লৰা-ছোৱালীকেইটাৰ বাবেই অলপ পথাৰৰ ফালে চকু দিব পাৰে দেখোন!
- কিন্তু এইষাৰ কথাও তপৰাই কাটি দিয়াৰ উত্তৰ থাকে বিৰেণ ওষ্টাডৰ ওচৰত।
: হেৰা¸ ইশ্বৰে জন্ম দিছে যেতিয়া চলাব দিয়া।
- হাঁহি মাৰি কয় মানুহজনে।
সলনি নহল মানুহজন।
হুমুনিয়াহ এটা ওলাই আহিল মাধবীৰ।
******
১৯৭০ চনত যেতিয়া গণনাট্য সংঘৰ অধিবেশন বহিছিল¸ তেতিয়াই প্ৰথম হেমাংগ বিশ্বাসৰ নাম প্ৰথম শুনিছিল বিৰেণে। চফল ডেকা বিৰেণে পিতাকৰ অনুমতি নোলোৱাকৈ মনে-মনে গুৱাহাটীলৈ গৈ মেলত ভাষণ শুনিছিল। কামৰূপত তেতিয়া নতুনকৈ যাত্ৰাদলবোৰৰ যাত্ৰা আৰম্ভ হৈছিল। বঙালী নাটকবোৰৰ ভাঙনিৰে যাত্ৰাপাৰ্টিয়ে অভিনয় অাৰম্ভ কৰিছিল। সেই যে মানুহটোৰ মুৰত নাটকৰ পোকটো সোমাল¸ আকৌ ওলাই নগল।
এতিয়া অভিনয়ে তেওৰ উশাহ¸ যাত্ৰা তেওৰ জীৱন।
অস্হায়ী মঞ্চখনত সম্বৰ্ধনা অনুষ্ঠান এটাৰ আয়োজন কৰিছিল ওচৰৰ গাঁওখনৰ সংঘৰ লৰাকেইজনে। নতুনকৈ হোৱা হাইস্কুলখনৰ মাষ্টৰজনে তেওক ফুলাম গামোচা এখন পিন্ধোৱাৰ লগে হাত তালিৰ মধুৰ শব্দৰে গুঞ্জৰিত হল সংঘৰ সৰু বাকৰিতো। সেই শব্দত তল পৰিল ওষ্টাডৰ মনৰ পৰা মাধবী আৰু লৰা-ছোৱালীকেইটাৰ মুখ কেইকেইখন।
অশেষ কষ্টেৰে ওষ্টাদে কেইজনমানৰ লগত মিলি যাত্ৰাদলটো খুলিছিল। যিকোনো উৎসব পাৰ্বনৰে ৰাতিলৈ যাত্ৰাদলৰ নাট্যনুষ্ঠানৰ আয়োজন হয়। মানুহবোৰে তেওক বিচাৰে। বৃহৎ অঞ্চলটোৰ যিকোনো অনুষ্ঠানত তেও নহলেই নহয়।
পাৰিশ্ৰমিক বুলিনো কি! মনৰ তৃপ্তিহে আচল!
ৰাইজলৈ বুলি কবলৈ দিয়া চমু ভাষণতো জুকিয়াই থাকোতেই ওষ্টাডৰ মনত পৰিল¸ কাইলৈ নিজৰ গাঁৱত পালা। নিজৰ গাঁৱৰ ৰংগমঞ্চত। কথাটো ভাবোতেই মনটো ৰোমাঞ্চিত হৈ গল ওষ্টাডৰ।
******
নামঘৰত যা-জোগাৰবোৰ কৰি থাকোতেই দধিয়ে ভাবিছিল গাঁওবুঢ়াৰ ঘৰত পাক এটা মৰাৰ কথা। অহাকালি গাঁৱৰ বছৰেকীয়া সভাখন। নামঘৰত পুৰ্ণোদ্যমে আয়োজন চলিছে। নামঘৰৰ চোতালতে কাইলৈ বাল কৃষ্ণই বলোৰাম¸ গোপ বালকসকলৰ সতে নৃত্য কৰিব। ইতিমধ্যেই সকলো মানুহৰে মনবোৰ উদুলি-মুদুলি। আলহী অতিথিৰে ঘৰবোৰ ভৰি পৰিছে। তাতে আকৌ ৰাতিলৈ পাট্টিৰ আকৰ্ষণ। যাত্ৰাৰ সকলো বস্তু আকৌ গাঁওবুঢ়াৰ ঘৰতহে ৰাখে।
: অ’ কাকা¸ গম পাইছনে ওষ্টাডে কালি কি ভাও লব।
- নামঘৰত কাম কৰি থাকোতেই জগতে সুধিছিল দধিক। দুয়োটাই যাত্ৰাপাৰ্টি বুলিলেই পাগল। গৰম হওক বা ঠাণ্ডা পৰালৈকে পাট্টি চাবলৈ যাবই। তাতে আকৌ ঘৰৰ কাষতে ওষ্টাডৰ ভাও¸ অধীৰ আগ্ৰহ¸ অপেক্ষা জগতহঁতৰ।
যোৱাবাৰ ৰজাৰ চৰিত্ৰ এটাৰ ভাও লৈছিল তেও। শকত আবত বিশাল চেহেৰাৰ মানুহজন ৰজাৰ চৰিত্ৰত সুন্দৰকৈ শুৱাই পৰে। গুৰু গম্ভীৰ কণ্ঠৰে বচন মাতিলে সকলো দৰ্শক মুগ্ধ হৈ পৰে। ভবা মাত্ৰকে যোৱাবাৰৰ দৃশ্যবোৰ চকুৰ আগত ভাহি উঠে দধিৰ।
: গম পোৱা নাই অ’ একো। তথাপি ভাল ভাৱেই লব চাগে এইবাৰো।
- দধিয়ে কৈ উঠে। তাৰো চকুত অপেক্ষা।
: এৰা অ’ কাকা¸ ওষ্টাডৰ অভিনয় অভিনয় যেন নালাগেই। সঁচা যেনহে লাগে।
- সলাগি জগতে কৈ উঠে।
*****
খবৰটো শুনা মাত্ৰকে ঢপলিয়াই দৌৰি আহিছিল গাঁওবুঢ়া। পিছে পিছে দধি। সি তেতিয়া গাঁওবুঢ়াৰ ঘৰতে আছিল। তেনেতেই হেফাই ফেফাই গাঁওবুঢ়াৰ পুতেক মুকুটে খবৰটো আনিছিল।
খা পোৰা কপাল। পাট্টি গল জহন্নামে।
আকস্মিক দু:সংবাদে আশাহত কৰিছিল দধিক। ভৰি দুখনে আপোনা-আপুনি গাঁওবুঢ়াক অনুসৰণ কৰিছিল।
নঙলা মুখৰ পৰাই দেখিলে তেওলোকে চোতালত মানুহৰ জুম। বাৰাণ্ডাত কোনোবাই ৰাউচি জুৰি কান্দিছে।
‘অ বাপা¸ তই কত গলি ঐ’
প্ৰমাদ গণিলে গাঁওবুঢ়াই। পৰিস্হিতিটো চম্ভালা বৰ সহজ কথা নহব। লৰা-ছোৱালীদুটাৰ চিঞৰ¸ ঘৈনীয়েকজনীৰ আৰ্তনাদে গাঁওবুঢ়াৰ দুচকু সেমেকাই তুলিলে। দধিৰো।
চোতালৰ আগৰ কলা তুলসী জোপাৰ গুৰিতে বাপুক ঢাৰিখন পাৰি শুৱাই থৈ দিছে। মাকজনীয়ে বাৰে বাৰে মুখৰ কাপোৰখন আঁতৰাই জপিয়াই গাতে পৰিব খোজে। কোনোপধ্যেই চুবুৰীয়া মহিলাকেইজনীয়ে আঁতৰাই নিব পৰা নাই।
: গাঁওবুঢ়া দাইটি আহিছে।
- সৰুকৈ গুণগুণনি উঠি ডেকা দুজনমান গাঁওবুঢ়াৰ ওচৰত উপস্হিত হল। ইতিমধ্যেই সাঙীখন সাজিছে সিঁহতে।
: ঘটনাটো কি?
-চেপা মাতেৰে গাঁওবুঢ়াই সুধিলে সিঁহতক।
: দুদিনমানৰ পৰা বাপুৰ জ্বৰ উঠি আছিল বোলে। বতৰৰ বেমাৰ বুলি বিশেষ গুৰুত্ব দিয়া নাছিল। হঠাতে মাকক গা বেয়া লগা বুলি কৈ…
- লৰাটোৱে কথাখিনি শেষ নকৰিলে।
: অহ্।
- গাঁওবুঢ়াৰ চকুৰ কোণত পানী এটোপাল জিলিকি উঠিল। বাপু তেওৰ মকুন্দৰ বয়সৰে আছিল। ডেকা হৈ আহিছিল।
দধিৰো দুখ লাগিছিল। এইবাৰ যাত্ৰা নষ্ট হোৱা বাবে নহয়¸ গাঁওৰ কিশোৰ এজনৰ অকাল মৃত্যুৱেহে দুখ দিছিল দধিক। হঠাতে এঠাইত দৃষ্টি আবদ্ধ হৈ হতভম্ব হৈ পৰিল দধি। কোনোমতে মাতটো উলিয়াই গাঁওবুঢ়াৰ দৃষ্টি আকৰ্ষণ কৰি কৈ উঠিল-
‘কাকা’
গাঁওবুঢ়াও হতভম্ব হল। কাথিত বহি বাপুৰ শটোলৈ থৰহৈ চাই আছে ওষ্টাডে। বিৰেণ ওষ্টাডে।
নাই¸ মানুহটোৰ চকুৰ পটাও লৰচৰ কৰা নাই। স্হানুৰ হৈ চাই ৰৈছে মৃত পুত্ৰক। আৰু ৰব নোৱাৰিলে গাঁওবুঢ়া। দৌৰি গৈ ওঠদুটা চেপি খামুচি ধৰিলে ওষ্টাডৰ কান্ধখন।
: মই নাকান্দো গাঁওবুঢ়া। ই মোৰ লৰা নহয়। কোনো কালত ই শত্ৰু আছিল আমাৰ।
- গলগলীয়া মাতেৰে কৈ উঠিল ওষ্টাডে।
পৰিবেশটো অবৰ্ণনীয়। উপস্হিত সকলোৰে অন্তৰে উচুপি উঠিছে। ক্ৰমশ: এন্ধাৰ হৈ আহিছে। শটো স্মশানলৈ নিব লাগে। ৰৈ থকা মানেই পৰিস্হিতিটো অধিক বেয়া হৈ থকা। কোৱাকুই কৰি লৰাবোৰে শটো সাঙীত উঠালে।
শেষবাৰৰ বাবে পুতেকৰ মুখখন দেখুৱাবলৈ দধিয়ে ধৰি থিয় কৰাই দিলে ওষ্টাডক। লাহেকৈ মুখৰ পৰা কাপোৰখন আঁতৰাই কৈ উঠিল
- ওষ্টাড¸ তোৰ লৰাটো ঢুকাল অ’। মাতটো শোকাকুল দধিৰ। দধিয়ে বিচাৰে¸ এতিয়াই কান্দক ওষ্টাডে। হিয়া উজাৰি কান্দক। পুত্ৰশোক পাতলি যাওক!
: মই জানো দধি¸ সি মৰিল। সি মোৰ মোৰ শত্ৰু…শত্ৰু…
- বগা কাপোৰখন নীলাম্বৰৰ মুখত ঢাকি দি কৈ উঠিল ওষ্টাডে। তেওৰ যেন হৃদয় নাই। ওষ্টাড যেন মানুহ নহয়। ওষ্টাড এটা যন্ত্ৰ।
শিল হৈ গৈছে বুকুখন।
বুকুখন মোচৰ খাই উঠিল দধিৰ¸ গাঁওবুঢ়াৰ¸ উপস্হিত সকলোৰে।
: মানুহজন পগলা হৈছে। মগজুৰ ভাৰসাম্য হেৰুৱাই পেলাইছে।
- গুমগুমণি উঠিছে মানুহবোৰৰ। ভ্ৰম বকিছে বীৰেন ওষ্টাদে। ভাৰসাম্য হেৰুৱাই কামবোৰ কৰিছে। মৰি যাব পাৰে এনেকৈয়ে।
: অথিৰ ধন-জন
অথিৰ যৌৱন
অথিৰ এহু সংসাৰ।-
মনে মনে ঘোষাফাঁকি আঁওৰালে গাঁওবুঢ়াই। পৰিস্হিতিটো তেওৰ বাবে দিবাস্বপ্নৰ দৰে হৈ পৰিছে। চাই আছে¸ অথচ একো কৰিব নোৱাৰে।
মৰাশটো স্মশানলৈ নিয়াৰ সময়ত মানুহবোৰে গবা মাৰি ঘৰৰ ভিতৰত সুমুৱালে ওষ্টাডক। পুত্ৰৰ শ্মশানযাত্ৰা তেও চাব নালাগে। মুখাগ্নি সৰু ভায়েকেই কৰিব।
: অলপ পানী ঢালি দেচোন! কিজানি জ্ঞান ফিৰেই বা।
- মানুহজনক কন্দুৱাবলৈ আপ্ৰাণ প্ৰচেষ্টা মানুহজাকৰ।
ওষ্টাদৰ বুকুখন শিলৰ। কান্দিব তেও নাজানেই। জোৰকৈ মানুহৰ জাক ফালি শ্মশান যাত্ৰা দলটোৰ আগে আগে গৈ থাকিল তেও। কান্ধত প্ৰকাণ্ড এডাল খৰি।
সেই খৰি বাপুক জলাবলৈ।
বৰপুত্ৰ বাপুৰ চিতাৰ খৰি।
*****
আকস্মিক ঘটনাটো আছিল গাঁওখনৰ বাবেই বিষাদৰ ডাঁৱৰ। কাৰো মুখতেই হাঁহি নাই। অনিশ্চা স্বত্তেও সভাৰ কাম-কাজ কৰি গৈছে গাঁওবুঢ়াই। দেৱতাৰ আশীৰ্বাদ¸ বিশ্বাসৰ লগত জড়িত অনুষ্ঠানটো পিছুৱাই দিয়া মানে দেৱতাক ক্ষুন্ন কৰা। তাৰোপৰি গাঁওখনৰো সন্মানৰ কথা আছে। দুৰ-দুৰণিৰ পৰা মানুহবোৰ আহিব। এটা পৰিয়াল এখন সমাজৰ উৰ্দ্ধত নহয়। দধিৰো মনটো মৰা¸ জগতৰো। সকলোৱেই যেন মাথো অভিনয় কৰিছে। সুখী হৈ থকাৰ অভিনয়।
ৰাতিলৈ যাত্ৰা নাট আছিল। মুখ্য চৰিত্ৰটো ওষ্টাদৰ আছিল। গাঁওবুঢ়াই আলচ কৰি পালাৰ বাকীসকলৰ লগত কথাপাতি নাট পতাটোকে ঠিক কৰিলে। তাৎক্ষণিকভাবে থুপাই নম: কৰি থবলৈ বুঢ়া পৰিচালক জনেই দায়িত্ব ললে ওষ্টাডৰ ভাওটোৰ।
ওষ্টাদৰ ঘৰত তেতিয়া অন্ধকাৰ। ভমককৈ জ্বলি থকা জুয়ে সকলোৰে মনবোৰ দহিছে। ম্ৰিয়মান আলহী-কুটুম্বৰে ঘৰ ভৰি পৰিছে। লৰাটো এটা সম্ভাৱনা আছিল। মাক-বাপেকৰ লাখুটি¸ ভায়েক-ভনীয়েকৰ পথ প্ৰদৰ্শক…
মাকৰ বুকু শুদা কৰি গুছি যোৱা সি পাপীষ্ঠ…।
- বিনাই বিনাই ৰাউচি জুৰি কান্দে মাকে।
কোনে কাক সান্তনা দিব। অবৰ্ণনীয় পৰিবেশ। গাঁৱৰ আনন্দোৎসৱ¸ ওষ্টাডৰ ঘৰৰ বিষাদোৎসৱ।
তেতিয়া সাতমান বাজিছিল। মানুহজনে চোলাটো গাত সুমুৱাই বাহিৰ ওলাল।
: ক’ত যাৱ পিতা?
- চৌধ্য বছৰীয়া জীয়েকে সুধিলে। ককায়েকৰ মৃত্যুশোকে ৰেপি ৰেপি খাইছেই। পিতাকৰো কিবা হলে…।ভাবিবৰ শক্তি নহয় তাইৰ। বাপেকে এটোপাও চকুলো নোটোকা তাই দেখিছে। অথচ ককায়েকেই আছিল তেওৰ জীউলাও।
: তই যাব নোৱাৰ পিতা!
- পিতাকক আগভেটি ধৰে তাই।
: গুচ্¸ ৰাইজখন ৰৈ থাকিব।
- জীয়েকক আঁতৰাই আগবাঢ়ে তেও। ভাবলেশহীন শান্ত মুখ তেওৰ। যেন একো ঘটাই নাই।
যাত্ৰা আৰম্ভ হৈছিল। ৰজাৰ চৰিত্ৰটো তেতিয়াও প্ৰবেশ কৰাৰ সময় হোৱা নাছিল। ৰাজকুমাৰৰ তয়াময়া যুদ্ধ লাগিছিল। ৰজাৰ বেশত ওষ্টাদক দেখি হতভম্ব হল সকলো। কাৰো মুখত মাত নাই। ইতিমধ্যে মঞ্চত যুদ্ধত ধৰাসয়ী হৈ ৰাজকুমাৰ মৃত্যু যন্ত্ৰনাত চটফটাই আছে।
: বল¸ প্ৰবেশৰ সময় হল।
- সহ শিল্পীক মাত লগাই মঞ্চত প্ৰবেশ কৰিলে ওষ্টাদে। চিনাকী দৰ্শকবোৰৰ মাজত গুণগুণনি উঠিল। সহশিল্পীবোৰে জঠৰ হৈ সংলাপ মাতিছে।
আজি যেন অভিষেক ঘটিছে ওষ্টাদৰ। গুৰুগম্ভীৰ যাদুকৰী কণ্ঠই মোহাছন্ন কৰি ৰাখিছে। কাঁহপৰি জীণ যোৱা অবস্হা।
যুদ্ধৰ আদেশ দিছে ৰজাই। শত্ৰু দেশক ধুলিসাৎ কৰি দিব।
মঞ্চত ওষ্টাদৰ দপদপনি।
মন্ত্ৰীয়ে খবৰ দিছে¸ ৰাজকুমাৰৰ মৃত্যু ঘটিছে। ৰাজকীয় চিতাত পুত্ৰৰ মুখত নিজহাতে জুই দিছে ৰজাই।
: আজি মই পুত্ৰহাৰা। মোৰ প্ৰাণৰ পুতলি আৰু নাই। মই নাকান্দো¸ মই ৰজা। মোৰ ওপৰত প্ৰজাৰ ভাৰ।
- হুকহুকাই হিয়া ভুকুৱাই কান্দিছে ৰজাই। শোকাকুল হৈ বাগৰি পৰিছে তেও। সহশিল্পী কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে। নথকা সংলাপবোৰ মাতিছে ওষ্টাদে। ওষ্টাড যেন সচাকৈয়ে কোনো এখন দেশৰ মহাৰাজ। সংলাপ অভিনেতাৰ নহয়¸ ৰজাৰ সংলাপ। দৰ্শকে কি হৈছে একো ধৰিব পৰা নাই। জীয়ৰী-বোৱাৰীবোৰৰ চকুৰে চকুপানী বৈ আহিছে। ৰজাৰ ভাওত ওষ্টাদৰ জীবন্ত অভিনয়।
বাহিৰৰ পৰা নাট চাবলৈ অহা চৰকাৰী বিষয়া জনে দুকুৰি একটকা পুৰস্কাৰ আগবঢ়ালে ৰজালৈ। মোহিত হৈ পৰিছে তেও। পৃথ্বীৰাজ চৌহানেও ইমান জীবন্ত অভিনয় কৰিব পৰা নাছিল।
গাঁওবুঢ়াৰ বুকুখন হমহমাই গল। মঞ্চত হাঁহি হাঁহি পুৰস্কাৰ গ্ৰহণ কৰিছে ওষ্টাদে। অথচ অলপ আগতে ৰজাৰ ভাৱত সকলোকে কন্দুৱাই দিছিল মানুহজনে।
হয়তো পুতেকটো আজি নমৰাহলে অপুৰ্ব বুলিয়েই কলেহেতেন তেও অভিনয়খিনি। কিন্তু আজি নোৱাৰিলে। হয়তো পুতেক নমৰা হলে তেও কৰিব নোৱাৰিলেহেতেন এনে অভিনয়।
-গাঁওবুঢ়াই ভাবিলে।
ইতিমধ্যে সকলো সামৰি মানুহবোৰ যাবলৈ ওলাইছে। তেতিয়াও অস্হায়ী মঞ্চৰ পিছফালে বহি আছিল ওষ্টাদ। সহশিল্পীবোৰ কাষত ৰৈ আছিল। কিবা কবলৈ কাৰো মুখত ভাষা নাছিল। সেইখিনি ওলালগৈ গাঁওবুঢ়া। কি কব ভাবি নাপালে তেও। লাহেকৈ হাতখন থলে ওষ্টাদৰ কান্ধত। যেন ইয়ালৈহে ৰৈ আছিল ওষ্টাদ।
: মোৰ পুত্ৰ মৰিছে গাঁওবুঢ়া। মোৰ বুকুৰ এফাল আছিল সি। কিন্তু মই নাকান্দো। ৰাইজখনক নঠগাও। মই ৰজা। ৰজাই নাকান্দে।
- কৈ কৈ বুকু ভাগি যোৱাকৈ ফেঁকুৰী উঠিল ওষ্টাদ।
আৰু ৰব নোৱাৰিলে গাঁওবুঢ়াই। ওষ্টাদক সাবতি ধৰি চকুদুটা মুদি দিলে জোৰেৰে। নহলে তেওৰো চকুৰে নামিব বাৰিষাৰ ঢল।
******

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib