সমুখত সন্মিলনখন। সৰু ক্লাবঘৰটোত বহি সকলোৱে আলোচনা কৰি আছিলো। বাজেট বহুত বেছি¸ কালেকচন আধাই হোৱা নাই। আমাৰ মৰমৰ অনুষ্ঠানটোৰ পঞ্চম বৰ্ষপুৰ্তি দিবস। সৰ্বাংগসুন্দৰ কৰিবলৈ আমি বদ্ধ পৰিকৰ। সভাপতি অতনু দাই হিচাপ নিকাচবোৰ চাই আছে। সম্পাদক অনদা বাহিৰত গৈছে কিবা কামত। আহোতে বাহিৰে বাহিৰে প্ৰেচত সোমাই চিঠিখিনি লৈ আহিব। সহ সম্পাদক ৰাজাই নাচনী বিচাৰি গৈছে। বিহু প্ৰগ্ৰেম এটা হবতো। আমাৰ মাজতে বহুতো নাচনী আছে যদিও লাজতে কোনেও আগবাঢ়ি অহা নাই। ইফালে আমাৰ বৰ বিহুৱা প্ৰদ্যুত দাই ঢোলটো মেৰামতি কৰি চাপৰ মাৰিলেই। অধীৰ আগ্ৰহেৰে সকলোৱে বাট চাই আছে সন্মিলনৰ দিনটোলৈ। অতনুদাই সকলোকে দায়িত্ব ভগাই দিছে। সাংস্কৃতিক সম্পাদিকা অন্তৰাবাই সময় দিব পৰা নাই অলপ ঘৰুৱা অসুবিধাৰ বাবে। অন্তৰাবাৰ হাজবেণ্ড সুব্ৰতদা কিবা অফিচৰ কামত দেলহী গৈছে। আহিব দুই এদিনতে। উপসম্পাদক ৰূপকে কাৰ্য্যসুচীখন চাই আছিল। এজন এজনকৈ সক্ৰিয় সদষ্যবোৰ আহি আছে। এনেতে ফোপাই জোপাই সোমাই আহিল নিশাবা। অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী তেও। হাতত দুটা ধুনীয়া ফুলাম জাপি। সন্মিলনৰ বাবে সেইদুটা অনাৰ দায়িত্ব তেৱেই লৈছিল। শকত মানুহজনীৰ কপালত বিন্দু বিন্দু ঘাম। বৰষুণজাকৰ পিছতে এপ্ৰিলৰ প্ৰথম ভাগতে পৰা উৎকত গৰমটোৱে চবকে জলাকলা খুৱাইছে। অতনুদাৰ কাষৰ খালী চকীখনত বহি পৰিল তেও।
: আহিলে নিশা বা¸ মুৰ তুলি হাঁহি মাৰি কৈ উঠে অতনুদাই।
: এটা বৰ ডাঙৰ কথা হল বুজিছা অতনু। - কৈ উঠিল নিশাবাই। কিবা এটা গভীৰ দুশ্চিন্তাত থকা যেন লাগে আশাবাক। ৰূপকৰ ওচৰতে কিবা এটা চাই আছিলো।
: শুনাচোন সকলোৱে , আমাৰ গাজাৰীত মধুসুধন নামৰ লৰা এটা আছিল যে … কিছুদিন যে আমাল ঘৰতে ভাড়া আছিল। মোক এতিয়া টকা এক লাখ বিচাৰিছে, ন'হলে চুইচাইড কৰিব বোলে সি …
সকলোৱে মিলি সহায় কৰিব লাগে বোলে। -গভীৰ উৎকণ্ঠাৰে কৈ উঠিল নিশাবাই।
:কিয় বিচাৰিছে আপোনাৰ পৰা হথাতে?- ওচৰতে বহি থকা সত্যবান দাই সোধে।
: বিপদত পৰিছে হেনো কিবা। -নিশাবাই কয়।
: চুইচাইড কৰিব বুলিছে যেতিয়া এইটো ব্লেকমেইলিং হয়। -বহুসময় পিছত ভাবিচিন্তি কৈ উঠিল অতনুদাই। পটকৈ একো কথাতে মন্তব্য নকৰে তেও। চব কথা চালিজাৰি চাইহে মন্তব্য কৰে।
: বিপদত পৰিছে যদি দিমাণ্ড কিয়¸ সহায় বিচাৰিবহে লাগিছিল।- অলপ আচৰিত হল সত্যদা। আমিও আচৰিত। কোনোবাই কাৰোবাক এনেকৈ পইচা খুজিব পাৰেনে! নিশাবাই ধেমালি কৰা নাইতো! চকুলৈ চালো তেওৰ¸ ধেমালি কৰা যেন নালাগে দেখোন। মধুসুধন লৰাটোৰ নাম শুনিছো। বহুত পুৰণা মেম্বাৰ আছিল হেনো। পিছে কোনোদিনে এক্টিভ নাছিল।
: বিপদটোনো কলে কি বুলি আপোনাক? - সত্যবান দাই সুধি আছে নিশাবাক।
: কাৰোবাৰ পৰা ধাৰ লৈছিল হেনো টকা। পৰিয়ালৰ মানুহে নাজানেই বোলে।- নিশাবাই কলে। কি আচৰিত। পৰিয়ালৰ অজ্ঞাতে ধাৰ কৰাৰ কি প্ৰয়োজন হব পাৰে। কাষ চাপি আহিলো নিশাবাৰ। ইতিমধ্যেই কৌতুহল জাগিছে মোৰ। সুধিলো
: কিয় ধাৰ লৈছিলনো।এতিয়া কি কৰিব সি। - দীঘল হুমুনিয়াহ এটা কাঢ়ি কৈ উঠে নিশাবাই
: নাজানো। কথাটো আপোনালোকৰ জ্ঞাতাৰ্থে জনালো।
: এইটো দেখ দেখকৈ ব্লেকমেইলিং। ইমান টকা কোনে দিব। হাজাৰ¸ দুহেজাৰ বেলেগ। - ভাবো মই। চাগে সকলোৱে কিবা ভাবিছে। অলপ সময় নিৰবতা। নিশাবা নাৰ্ভাচ হৈছে মানুহজনী। অতনুদাৰ ফালে চালো গভীৰ চিন্তাত আছে মানুহটো।
: এটা কথা ব্লান্টলি কওঁ দেই।এনেয়ে কোৱা যেনহে লাগে মোৰ। - বহু সময় পিছত মুখ খোলে অতনুদাই
: হয় ছাগে অতনু¸অন্যসকল বিপদত পৰে বুলিয়েই মই জনাই দিলো। - কৈ উঠে নিশাবাই
: কিয় যে খুজিছে নহয় আপোনাক ভাবি পোৱা নাই।.তাকো ঘৰৰ মানুহৰ অজ্ঞাতে। - সত্যবান দাই কৈ উঠে
: একলাখ টকা বেংকেও পটকৈ ধাৰ নিদিয়ে। সিমানখিনি ছেভিং কৰিবলৈ এজন ব্যক্তিক তিনিবছৰ লাগে।
যিজন লৰাই একলাখ ধাৰ লব জানিলে, সি ধাৰ মৰাৰ বাবেও যোগাৰ কৰিব জানিব! - অলপ খঙেৰেই কয় অতনুদাই। মধুসুধন বোলাটোৱে এইদৰে নিশাবাক টকা খোজাত আচৰিত হোৱাৰ লগতে খঙো উঠিছে তেওৰ।
: একলাখ টকা লৰা এজনৰ ধাৰ সেয়াও ঘৰৰ অজ্ঞাতে। বিশ্বাস কৰিব অসুবিধা। - কৈ উঠিল ময়ুৰেশদাই।
: সচা বিপদ হ'লে আমি আছো। এইটো কেছ তৰল। টকা ধাৰ লওঁতেতো আমাক কোৱা বা সোধা নাছিল । আনকি পৰিয়ালৰ মানুহকো কোৱা নাছিল। - অলপ খঙেৰেই কয় তেও। অলপ ৰৈ পুনৰ কলে তেও
: এই কথাতে ৰহস্য আছে ।
: মোৰ কিন্তু কেইবাটাও সন্দেহ আছে ।যিয়েই কেচ নহওক কিয়, আমি কোনো সোমাই নোলোৱাই ভাল। - কৈ উঠিল অতনুদাই। মোৰো সন্দেহ হৈছে। কলো-
: আপুনি ঠিকেই কৈছে অতনুদা।কথাটো পাকলগা
: অনৰ নম্বৰ বিচাৰিছে মোক , মই নিদিও , অন্য সকলো যাতে বিপদত নপৰে সেয়ে মই সকলোকে জনাই দিলো। - কৈ উঠে নিশাবাই।
: গুড। কিবা অঘটন ঘটিলেও অন বা অন্য ব্যক্তিৰ নাম সাঙোৰ নোখোৱাই ভাল।- অতনুদাৰ কয়।
: একলাখ টকা একে লগে আজি বহুদিন দেখাই নাই। আৰু আপোনাক কিয় খুজিব? আপোনাৰ কোনোবা হয় নেকি! - হথাতে কৈ উঠে ময়ুৰেশদাই। সকলোৰে খং উঠিছে। মান না মান মে তেৰা মেহমান।চাল্লা এনেকৈ কলেই পইচা পাই নেকি!বৰ আচৰিত কাহিনী পাই।
: নিশা বা এইবোৰ কথাত মাথা নামাৰিব। আজি কালি ফাকি বাজ মানুহৰ অভাব নাই
: বিপদ যদি সঁচা হয় আমি দিম। কিন্তু ইমান নহয়। ধিলা মানুহ বিচাৰিয়ে ফুৰে কিছুমানে। আপোনাক সহজ পাইতো।- কৈ কৈ ওচৰলৈ আহে ৰুপক। বোধহয় তাৰ লিষ্ট বনোৱা শেষ। খাৰাংখাচ মানুহ সি। পেটত কথা নাৰাখে। পুনৰ কৈ উঠে সি
: হাৰে¸ ইমান টকা কোনো মানুহে ধাৰে নিদিয়ে। ধাৰ দিলে কিবা সমান মুল্যৰ মৰ্দগেজ ৰাখিব। দুৰ্ঘোৰ মিছা কৈছে সি।
: তুমি ঠিকেই কৈছা ৰূপক। আৰু যদি সঁচাও কৈছে ইমান টকাৰ সহাই কৰিব কোনেও নোৱাৰে। ঘৰত কব দিয়ক। - কৈ উঠে ময়ুৰেশদাই।
: মই নিবিছাৰো পইছাৰ কাৰনে কোনোবাই চুইচাইদ কৰাতো ।
কাৰন আজি ১৫ দিন হৈ গৈছে মোৰ সম্পৰ্কীয় ভাইটি এটাই চুইচাইদ কৰিছে মাত্ৰ ৫০ হাজাৰ টকাৰ বাবে।- হথাৎ গভীৰ দুখেৰে কৈ উঠিল ৰূপকে। উচপ খাই উঠিলো আমি। এয়া কি কৈ আছে সি। আমিচোন গমেই নাপাও।
: হয়তো তাতকৈও বেছি আছিল।
কথাবোৰ বেছি ভাবিলে মগজে কাম নকৰা হয় অ’। - হুমুনিয়াহ এটা কাঢ়ি ওচৰৰ চকীখনত বহি পৰিল সি।
: কোন ভাইটি ৰূপক¸ তুমি আমাক কোৱাই নাই দেখোন।- উচপ খাই কৈ উঠে অতনুদাই। আমি সকলো উবুৰিখাই পৰো তাৰ ওচৰত।
: মোৰ মামাৰ লৰা। ঘৰৰ অবস্হা বেয়া মামাৰ। আগত সি বহুত ধাৰ লগাইছিল বেপাৰ কৰি। ঘৰত মাকে মাতি বেচি সেই ধাৰ মাৰিছিল। মইও কেতিয়াবা পাচ দহহাজাৰ দিছিলো। এইবাৰ সি কাকো একো নকলে নিজে আঁতৰি গ'ল । যোৱাৰ আগদিনা এজনক পঞ্চাশ হাজাৰ টকা বিছাৰিছিল হেনো¸ নাপালে। - সোহাতখনেৰে চকুপানীখিনি মচিলে সি। অতনুদাই সাবতি ধৰি পিঠিত থপৰিয়াই দিয়ে তাক। কাৰো মুখত ভাষা নাই। সকলো নিৰ্বাক¸ কোনে কি কব!
: এইবোৰ কথা নাপাতিবা আৰু বৰ দুখ লাগে। কিবাকিবি লাগে। অসহায় হৈ যাও। এইবোৰ মনৰ পৰা আতৰাই দিয়াই ভাল। - কেতিয়া ৰিম্পী বা আহি থিয় দি আছিল কবই নোৱাৰো।
: ঠিকেই কৈছে ৰিম্পী বা
: এনেবোৰ কথা মই ভাল নাপাও অ’ বা। অজি হে কৈছো ক্থাত কথা ওলাওতে। - ঠোকাঠুকি মাতেৰে কৈ উঠে ৰূপকে। চকুদুটা ৰঙা পৰি উঠিছে তাৰ। উঠি গলগৈ সি¸ হয়তো চকুত পানী মাৰিব।
: তাৰ ঘৰৰ মানুহৰ লগত কথা পাতো বুলি কোৱা। ঘৰৰ মানুহক কৈ দিব লাগে কথাটো। - প্ৰদ্যুতদাই কয় নিশাবাক।
: আচলতে কি জানে বাইদেউ¸ যি মানুহৰ সংঘাটৰ লগত যুজিবৰ সাহস নাই¸ তেনে মানুহে জীবনত একো কৰিব নোৱাৰে। - হুমুনিয়াহ এটা কাঢ়ি কৈ উঠো মই।
: কবলৈ সহজ অ’ পলাশ¸ কিন্তু পৰিস্থিতিৰে মোকাবিলা কৰা ইমান সহজ নহয়। - মোৰ কথাৰ প্ৰত্যুত্বৰ কৈ উঠে সত্যবান দাই। কথাটো অবশ্যে হয়। সংঘাটৰ লগত ফাইট কৰাটো ইমান সহজ নহয়। কিন্তু এওলোকক কেনেকৈ কও¸ জীবনত খোজে প্ৰতি ঠেকাখুন্দা খায়েই আহিছো। হতাশ হৈ আত্মহত্যাৰ অপচেষ্টাৰ সিদ্ধান্ত ময়ো লৈছিলো। পাচ বছৰীয়া প্ৰেম এটা ঝটকাতে শেষ হৈ গৈছিল মোৰ। নিজকে শেষ কৰি দিব মন গৈছিল। তথাপি জীয়াই আছো মৰি মৰি। চাৰিলাখ টকাৰ বাবে চাকৰীতো নহল। ইৰিগেশ্যনৰ ডেৰলাখ টকা এনেয়ে গল। তথাপিতো জীয়াই আছো। অসম্ভব বুলি জানিও সপোনবোৰ দেখিছো।
: নাই নাই ইমানকৈ সোমাব নোৱাৰি তেনে কথাত
কেপাচিটি নাই ইমান পইছা দিয়াৰ সিমানে কথা। ক্লাবতো নেদেখো তাক
বহুত আগতেই দেখা¸ তেতিয়া পাওতেও কথা বতৰা গন্দগোলীয়া আছিল। উপায় নাই আমাৰ হাতত ঘৰত কব কওক। - চাগে একেবোৰ কথা শুনি অতীষ্ঠ হৈছিল প্ৰদ্যুতদা।
: একজেক্টলী¸ ময়ো তাকেই কও। সন্মিলনলৈ বেছি দিন নাই। লেট চেঞ্জ দা টপিক। - কৈ উঠে অতনুদাই।

ৰাতি টোপনি অহা নাছিল মোৰ। দিনটোৰ কথাবোৰে পাকঘুৰণি খাই মনৰ মাজত ঘুৰি আছিল। কাষতে মোবাইলত জগজিৎ সিঙৰ গজল বাজি আছিল। সদায় শোৱা সময়ত গজল শুনি টোপনি যোৱা মোৰ অভ্যাস। কিন্তু আজি টোপনি অহা নাই।
’ অভি না যাও চোড় কে¸ দিল অভি হৰা ভৰা’ সুমধুৰ গীতটো বাজি আছে¸ তথাপিও মনটো দেখোন কৰবাত হে আছে। তাই বা এতিয়া কত! চাগে তাইৰ লৰা-ছোৱালী স্কুল পালেগৈ। আৰু মই নতুনকৈ খোজ দিবলৈ শিকিছোহে।
মধুসুধনে নিশ্চয় মিছা কৈছে¸ মই নিশ্চিত। কোনো মাক-দেউতাকে নিজৰ সন্তানক যিমানেই গালি নাপাৰক কিয়¸ কেতিয়াও ফচিবলৈ নিদিয়ে। বেকাৰ হৈ ঘুৰি থাকোতে¸ ঘৰৰ কাম নকৰোতে দিনত কেইবাবাৰো গালি পৰা দেউতাই দেখোন টকা ডেৰলাখ যোৱাৰ পিছত নিজেই মোক বুজাইছিল। এফ ডি ভাঙি টকা দিছিল ব্যবসায় কৰিবলৈ। সংঘাট কাৰ নাই¸ চবৰে আছে। মোকাবিলা কৰাৰ ক্ষমতাটোহে অাচল কথা। দুখবোৰক ভয় নকৰো মই। চকুপানীবোৰক হাঁহিৰ মাজকেই দবাই ৰাখো আজিকালি। কাৰণ মই জয়ী হব খোজো। মই আত্মহত্যা নকৰো।।

0 comments:
Post a Comment