Now you can Subscribe using RSS

Submit your Email

Wednesday 30 August 2017

ৰেল লাইনৰ ভূত

Unknown

যদি বাস্তবত আপোনাৰ লগত এনে ঘটনা ঘটে¸ কি কৰিব আপুনি?
ধৰি লওক¸ আপোনাৰ চিঞৰ কোনেও নুশুনে। ৰাতি শেষ প্ৰহৰত বিশাল পথাৰখনৰ মাজত আপুনি অকলে। আপোনাৰ সমুখত পৰি আছে চিন্ন ভিন্ন এটা মৃতদেহ। বাহিৰলৈ ওলোৱা চকুদুটাই ট টকৈ চাই আছে আপোনালৈ। যেন এতিয়াই আপোনাৰ কাষলৈ উৰি আহিব। অথচ এটা মুহুৰ্ত আগলৈ ধুনীয়াকৈ কথা কৈছিল আপোনাৰ লগত।
: ঐ মাউৰত মৰা¸ জহনীত যোৱা¸ এংকে কথা কোলি তোক বাঢ়নীৰে কোবাম।
- জকজকাই উঠিছিল মানুহজনে।
হো হোৱাই হাঁহি দিছিল কাহিনী কথকে।
**
কাহিনী কথকে কাহিনীটো এনেকৈয়ে কৈছিল। চতুৰ কাহিনী কথকে শ্ৰোতাক একাত্ম কৰাবলৈ হয়তো এই পন্থা লৈছিল।
আপোনাৰ চাগে মনত আছে¸ ১৯৯২ চনৰ সময় তেতিয়া। মিটাৰ গজ গৈ প্ৰথমবাৰৰ বাবে ব্ৰডগজ অসমলৈ আহিছিল। যাতায়তৰ অবস্হা তথৈবছ। ৪০৭ কেন্টাৰ কেইখনমানহে ভিতৰুৱা গাওবোৰলৈ গৈছিল। তেনে সময়তেই নতুনকৈ প্ৰস্তাবিত ৰেলপথটো সেইফালেৰে গল। আপোনালোকৰ ঘৰৰ পিছফালেৰে গুৱাহাটীৰ পৰা যোগীঘোপালৈ ৰেলপথটো হল। মানুহবোৰৰ কপাল ফুলিল।
ৰেল লাইনটো গৈ পিছপৰা গাওখনৰ বেছিভাগ মানুহৰে কপাল ফুলিল।চনপৰি থকা পথাৰ¸ বাৰীৰ পিছৰ মুল্যহীন মাটিত বহু টকা পালে। আপোনালোকৰ বাৰীৰ এটা কোণেৰে ৰেল লাইনটো যোৱাত শগুণকঁথা বোৰো চাৰ্ভেমতে চেগুণ গছ হৈ মুল্য পালে। সেয়া তিনি বছৰ মান আগৰ কথা। ৰেল লাইনতো সম্পুৰ্ণ হয় মানে তিনি বছৰমান লাগিল।
ৰেল লাইনটো সম্পুৰ্ণ হোৱাৰ পিছতহে কেনা লাগিল। বাৰীৰ পিছফালে পথাৰ খনত চৰোৱা গৰু-ছাগলী এটা দুটাকৈ মৰিবলৈ ললে। গৃহস্হইনো কিমান চকু ৰাখিব। তাতে ৰেলে কাটিলে ক্ষতিপুৰণো নাপায়। যিসকল মানুহৰ মাটি ৰেল লাইনত যোৱা নাছিল সুবিধা পালেই চবকে গালি পাৰে। তাৰোপৰি ৰাতি অহা ট্ৰেইনৰ শব্দত টোপনি ভাগে। লাহে লাহে সেই সকলোবোৰ মানুহবোৰ এডজাষ্ট হৈ পৰিল। গৰু-ছাগলী মৰোতে যিসকলে গালি পাৰিছিল সেইসকলেই ৰেল লাইনটোৰ সুবিধা লব ধৰিলে। কোনেও লাইনৰ শিলগুটি কোনেও নেদেখাকৈ কঢ়িয়াই কিমান মানুহে মজিয়া পকা কৰিলে মানুহবোৰে জানেই। তাৰোপৰি বেছিভাগ লোকৰে ঘৰত কেঁচা পায়খানা। গতিকে সেই সুবিধাটোও লোৱা আৰম্ভ কৰিলে। ৰাতি-বিয়লি কাৰোবাৰ পায়খানা লাগিলে বাৰীৰ মুৰৰ কেঁচা পায়খানাত যোৱাৰ সলনি ৰেল লাইনৰ চাফা শিলৰ ওপৰতে কামফেৰা কৰিবলৈ সহজ হল।
চহৰত চাকৰী কৰে আপুনি। বহু দিনৰ মুৰত ঘৰলৈ আহিছিল। গাঁওৰ ঘটনাবোৰ অজ্ঞাত। তেতিয়া টেলিফোনৰ ব্যবস্হাও উন্নত হোৱা নাছিল। তিনিখন গাওৰ মাজত মাথো ডাকঘৰৰ ফোনটোহে। সেয়াও প্ৰায়ে বিকল হৈ থাকে। সেয়ে বিশেষ জৰুৰী নহলে ফোনৰ ব্যবহাৰ কাৰোৱেই নহয়।
অ’ত দিনৰ মুৰত পুতেক ঘৰলৈ অহাত ঘৰৰ মানুহবোৰৰ বৰ ফুৰ্তি। ৰাতি জলাকৈ ৰন্ধা হাঁহৰ মাংসখন খাই আপোনাৰ পেটতো গৰম হল। সন্ধিয়া গা পা ধুই পায়খানা কৰিছিলহে। নেমু চৰ্বত গিলাচ খাই আৰাম পাই আপুনি শুব গল। চাগে তেতিয়া তিনিমান বাজিছিল। হঠাতে সাৰপাই আপোনাৰ পায়খানা লাগিল। একেবাৰে কানি কাপোৰে যোৱা অবস্হা। বাহিৰখন পোহৰ হৈ আছিল। একাদশীৰ জোনাক। বাৰীৰ মুৰৰ এন্ধাৰ পায়খানাত যোৱাতকৈ ওচৰেৰে যোৱা ৰেল লাইনৰ ওপৰতে কাম ফেৰা কৰাটো আপুনি ভাল হব বুলি ভাবিলে। এনেয়েও মানুহ নেদেখিলে কামফেৰা ৰেল লাইনতে কৰে। গতিকে বিশেষ পাত্ৰটোত পানীখিনি লৈ ৰেল লাইন পালেগৈ আপুনি। হওতে ৰেল লাইনৰ দুয়োপাৰে খন্দা খালদুটাতো পানীৰ আকাল নাই। মাজে সময়ে লৰাবোৰে তাতেই বৰশি পাতে।
কামফেৰা কৰি উভতিবলৈ লৈছিলহে¸ হঠাতে আপোনাৰ চকুত পৰিল কোনোবা এজনে খোজকাঢ়ি গৈ আছে। ভালকৈ চাই দেখিলে যে¸ এজন নহয় এজনীহে। আপোনাৰ পৰা মাথো বিশহাতমান দুৰত। ৰেল লাইনটো পশ্চিমৰ পৰা গাঁওৰ মাজেৰে আহি সেইখিনিৰ পৰা পুবলৈ পথাৰৰ মাজেৰে গৈ লোকালয়ৰ পৰা অলপ আতৰি গৈছে। আচৰিত হল আপুনি। কোনোবাই হেৰি কৰিব আহিছিল চাগে!
কিন্তু ভাল সাজপাৰ খিনিৰ পৰা কোনোমতেই নালাগে যে পায়খানা কৰিব আহিছিল। পিন্ধনত আকাশী চুৰিদাৰ। স্পষ্ট দেখিছে আপুনি।
ৰাতি পুৱাবলৈ এতিয়াও সময় আছে। হয়তো পলাব তাই কাৰোবাৰ লগত। চাগে লৰাটো আগে আগে গৈছে। বেগাই খোজ কাঢ়িছে ছোৱালী জনীয়ে।
খং উঠিল আপোনাৰ। কাৰ বা জীয়েক এইজনী! প্ৰেম কৰিছ ফাইট কৰিব নোৱাৰ নেকি! বাপেৰ-মাৰৰ নাক-কাণ কাটি পলালেহে হয় নে!
কি জানো মন গল আপোনাৰ¸ তাইৰ মুখখন চাবলৈ মন গল। কাৰ বা জীয়েক।
: কোন এইজনী। ৰ চোন।
- লোটাটো তাতেই পেলাই কুকুৰ লৰ দিলে তাইক ধৰিবলৈ। নাই তাই শুনা নাই। শুনিলেও উভতি চোৱা নাই।
: ঐ কোন আপী¸ ৰ চোন। ৰ বুলি কৈছো নহয়।
- দৌৰি তাইৰ কাষ পাও পাও হল আপুনি। তাইৰ কান্ধত হাতখন দি চুব লৈছিলহে¸ হঠাতে তাই অদৃশ্য হৈ গল।
হতভম্ব হৈ গল আপুনি। মুৰতো ঘুৰোৱা যেন লাগিল। কোনোমতে নিজক চম্ভালি একে দৌৰে ঘৰ পালে আপুনি।
: অ’ দেউতা¸ অ’ মা উঠচোন।
- ঘৰৰ চবকে জগাই ঘটনাটো কলে আপুনি। তেতিয়াও কপি আছিল আপুনি।
: এই ৰাতিখন কিয় গৈছ ৰেল লাইনত?
- মাকে আপোনাক কৈ কলাখাৰ অলপ খাবলৈ দিলে। আৰু টোপনি নাহিল আপোনাৰ।
পিছদিনা বেজক মাতি তাবিজ এটা দিলে আপোনাক। বাহিৰত থকা বাবে গাওৰ বহুকথা আপুনি গম পোৱা নাছিল। কিছুদিন আগত সেইখিনিত ছোৱালী এজনীয়ে আত্মহত্যা কৰিছিল। ক’ৰ ছোৱালী কোনেও নাজানে। মুৰটো চিঙি বাহিৰলৈ ওলাই অহা চকুদুটা মেলি আছিল। হাত দুখন চিঙি বহু দুৰত পৰিছিল। এখন ভৰি চিটিকি পথাৰত পৰিছিল।
***
: মই অকলে ঘুৰি ফুৰিছো। কথা কোৱা লগ এটাও নাই। আহক মোৰ লগত। নিব আহিছো আপোনাক।
- আপুনি সপোন দেখিছিল।
ৰক্তাক্ত লুতুৰি পুতুৰি ছোৱালী জনীয়ে আপোনাক চুব খুজিছিল। আপোনাৰ কোঠাৰ অ’ত ত‘ত চিটিকি পৰিছিল তাইৰ দেহৰ টুকুৰা। ভয়তে চিঞৰিব খুজিছিল আপুনি। মাতটো ওলাই অহা নাছিল। বেয়াকৈ গেঙনিৰ আপোনাৰ মাতটো শুনি ঘৰৰ সকলো কাষলৈ আহিছিল। মাকে গাত ধৰি জোকাৰি দিয়াতহে ধহমহকৈ উঠি বহিছিল আপুনি। মুখখন ঘামি উঠিছিল। আৰু অকলে শোৱা নাছিল আপুনি। দেউতাকৰ কাষত শোৱতেও আপোনাৰ টোপনি অহা নাছিল। মাথো ভাবিছিল¸ সেই ৰাতি আপুনি সচাকৈ দেখিছিল নে ভ্ৰম আছিল! গাঁওৰ বহুতেই ৰাতি তাইক দেখা কথাটোও আপুনি গম পাইছিল।
**
বিশ্বাস নকৰিব¸ আপুনি মাথো কাহিনী বুলিহে লব। শেষত এনেকৈয়ে কৈছিল চতুৰ কাহিনী কথকে।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib